কঁঠাল গুটিঃ
উসঃ বৰ গৰম!
তথাপিও বতৰৰ ফলবোৰ নোখোৱাকৈ থাকিব পাৰো নে?
মোৰ আটাইতকৈ প্ৰিয় ফলবিধ হৈছে কঁঠাল।
এতিয়া কঁঠালৰ বতৰ, যিমান পাৰে সিমান খাওঁক ৰাইজ।
আপুনি জানে নে কঁঠাল আমাৰ স্বাস্থ্যৰ বাবে কিমান প্ৰয়োজনীয়।
কেঁচা বা পকা দুইধৰণে কঁঠাল খোৱা হয়৷
কঁঠালৰ ফোট টোৱেই নহয়, কঁঠালৰ গুটিও স্বাস্থ্যৰ বাবে বৰ মূল্যবান।
কঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন-এ, ভিটামিন-চি, মেগনেচিয়াম, পটাচিয়াম, কপাৰ, মেংগানিজ, এণ্টিঅক্সিডেণ্টৰ দৰে উপকাৰী উপাদান পোৱা যায়, যিয়ে স্বাস্থ্যৰক্ষাৰ বাবে অতি উপকাৰী৷
ছালৰ সুৰক্ষাৰ বাবে কঁঠালৰ গুটি অত্যন্ত দৰকাৰী৷
ছাল আৰু চুলিৰ যত্নৰ বাবে কঁঠাল লাগতিয়াল ফল৷
কঁঠাল ফাইটোনিউট্ৰিয়েণ্টছ আলচাৰ, কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ নিৰাময়ৰ বাবে খুব উপকাৰী৷
কঁঠালত থকা এণ্টিঅক্সিডেণ্টে দেহক ক্ষতিকাৰক ফ্ৰি ৰেডিকেলৰ পৰা ৰক্ষা কৰে৷
ইয়াৰ লগতে চৰ্দি, কাহ আদিৰ সংক্ৰমণৰ পৰা কঁঠালে শৰীৰটোক সুৰক্ষা দিয়ে৷
কঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন-ও পোৱা যায়, যিয়ে কুকুৰীকণা ৰোগ নিৰাময় কৰে৷
কঁঠাল ফাইবাৰযুক্ত হোৱা হেতুকে কোষ্ঠকাঠিন্য দূৰ কৰি হজম শক্তি উন্নত কৰে৷
তদুপৰি ইয়াৰ চৰ্বি বা ফেট কম থাকে বাবে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷
কঁঠালত মেগনেচিয়াম, কেলচিয়াম, খনিজ লৱণ আদি পোৱা যায়, যিয়ে হাড় মজবুত আৰু শক্তিশালী কৰাত সহায় কৰে৷
সন্তান জন্ম দিয়াৰ পাছত দুগ্ধ প্ৰদানকাৰী মাতৃয়ে কঁঠাল খালে গাখীৰৰ পৰিমাণ বাঢ়ে৷
কঁঠালত খনিজ উাপাদন আইৰন থাকে, যিয়ে ৰক্তহীনতা দূৰ কৰি শৰীৰৰ তেজৰ অভাৱ পূৰ কৰে৷
মানসিক ভাৰাসাম্য জনিত সমস্যা বা ৰোগত আক্ৰান্ত লোকে কঁঠাল খালে সুফল পাব।
কঁঠাল শক্তি প্ৰদানকাৰী এবিধ ফল, যিয়ে শৰীৰটোক সুস্থ-সবল কৰি ৰখাত সহায় কৰে।
কঁঠাল খালে গুটিবোৰ বেছিভাগ সময়তেই পেলাই দিয়ে বহুতে।
এই গুটিত থকা জিঙ্ক, লো, তাম, পটাচিয়াম, কেলচিয়াম, মেগনেচিয়ামৰ প্রাচুর্যৰ ফলত শৰীৰৰ ৰোগ প্রতিৰোধত সহায় কৰে।
ইয়াৰ উপৰি ৰাইবোফ্লেভিন আৰু থিয়ামিনৰ উপস্থিতিত সতেজ থাকিব পাৰি।
জানোঁ আহক কঁঠাল ফোট আৰু কঁঠাল গুটিৰ কিমান গুন আছে:-
কঁঠাল ফোটঃ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
১)কঁঠালে মানৱ দেহক ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্রদান কৰে।
২)কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।
৩)কঁঠালে ৰক্তচাপ নিয়ন্ত্রণ আৰু সুস্থ কলেষ্টেৰলৰ মাত্রা দেহত বজায় ৰখাত সহায় কৰে।
৪)পুষ্টিতত্বৰে সমৃদ্ধ কঁঠালে মানুহৰ ছাল সুন্দৰ আৰু নিমজ কৰে।
৫) কঁঠালত থকা এন্টিঅক্সিডেন্টবোৰে শৰীৰত শর্কৰাৰ মাত্ৰা এটি সুষম স্তৰলৈ উন্নীত কৰে।
৬) কঁঠালত এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ আৰু ফ্লেভ’নয়ড থাকে। যিবোৰে দেহত উৎপন্ন হোৱা ক্ষতিকাৰক ফ্ৰী-ৰেডিকেল(মুক্তমূলক) বোৰ নিষ্ক্ৰীয় কৰি শৰীৰক ক’লন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।
৭)পকা কঁঠালত থকা আঁহ(ফাইবাৰ)ৰ আধিক্যই কোষ্ঠকাঠিন্য প্ৰতিৰোধ কৰে আৰু হজম শক্তিৰ উন্নতি সাধন কৰে।
৮)কঁঠালত যথেষ্ট পৰিমাণে “কপাৰ” থাকে, যিয়ে থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি তোলে আৰু থাইৰয়ড হৰমোনৰ শোষণ আৰু সংশ্লেষণত সহায় কৰে।
৯)কঁঠালত ভিটামিন-এ থাকে, যিয়ে দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে আৰু কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।
১০)কঁঠালত খনিজ পদাৰ্থবোৰে তেজত ৰক্ত কণিকা গঠনত সহায় কৰি ৰক্তহীনতা ৰোগ প্ৰতিৰোধ কৰে।
১১)পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।
কঁঠালৰ গুটিঃ
১.কঁঠালৰ গুটিয়ে কুষ্ঠকাঠিন্য আৰু ইয়াত থকা ডায়েট্ৰী ফাইবাৰে পাচন সমস্যা সমাধান কৰে।
২.ইয়াৰ মেংগানিজে তেজ গোট মৰা প্ৰতিৰোধ কৰে।
৩.কঁঠাল গুটিৰ আইৰণে যৌনস্বাস্থ্য উন্নত কৰে।পৰম্পৰাগত চিকিৎসাত কঁঠাল গুটি পুৰি খালে যৌনশক্তি বৃদ্ধি পায়।
৪.ইয়াৰ প্ৰটি’নে পেশী নিৰ্মানত সহায় কৰে(শৰীৰ চৰ্চা বা বডী বিল্ডাৰ)সকলৰ বাবে দৰকাৰী।
৫.মুখৰ ছাল উজ্জ্বল কৰিবলৈ গুটিৰ বাকলি সমূহ ভালদৰে পৰিস্কাৰ কৰি কেঁচা গাখীৰ আৰু মৌৰ লগত পিহি পেষ্ট বনাই মুখত লেপিব।শুকালে কুহুমীয়া গৰম পানীৰে ধুই দিব সুফল পাব।
৬.ই আপোনাৰ ইমিউন চিষ্টেম শক্তিশালী কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
৭.কঁঠালৰ গুটিয়ে কৰ্কট ৰোগৰ পৰাও সুৰক্ষিত কৰে।
৮.ৰিংকলচ বা কম বয়সত মুখত দেখা দিয়া বয়সৰ আঁচোৰ নিৰাময় কৰে।
৯.ইয়াৰ ভিটামিন-এ য়ে চুলিৰ স্বাস্থ্য উন্নত কৰে।
১০.লগতে ভিটামিন-এ ৰ অভাৱত হোৱা কুকুৰীকনা ৰোগ নিৰাময় কৰাৰ লগতে চকুত ছানি পৰা প্ৰতিৰোধ কৰে।
এতিয়া জানিলে নহয় কঁঠালৰ কিমান যে গুন আছে।
যদি এতিয়ালৈকে এই ৰসাল ফলবিধ খোৱা নাই তেতিয়াহ’লে অতি সোনকালে খাই শৰীৰটো সুস্থ ৰাখক।
R News India 24 ৰ বাতৰি নিয়মীয়াকৈ পঢ়ক আৰু নিয়মীয়াকৈ উপহাৰ লাভ কৰক। সবিশেষ জানিবলৈ R News India 24ত যোগাযোগ কৰক ধন্যবাদ।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24