Tabu Ram Taid

অসমৰ জাতীয় জীৱনৰ অবিস্মৰণীয় সত্তা আগম মিগাং টাবুৰাম টাইদ দেৱৰ চমু জীৱনযাত্ৰা।

Spread the love

টাবু ৰাম টাইদঃ

অসমী আইৰ সু-সন্তান, অসমীয়া ভাষা সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ তথা অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ এগৰাকী বিদ্বান পুৰুষ টাবুৰাম টাইদ।

অসমৰ দ্বিতীয় বৃহৎ জনজাতি মিচিং জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সংৰক্ষণ, প্ৰচাৰ-প্ৰসাৰ আৰু বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰা এগৰাকী নমস্য সত্তা।

বিশাল ব্যক্তিত্বৰ অধিকাৰী টাইদ দেৱে অসমীয়া আৰু মিচিং ভাষাৰ মাজত সমন্বয়ৰ সেতু গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

টাইদ দেৱ মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা)ৰ প্ৰতিষ্ঠাপক সভাপতি কৰিছিল।

জীৱনজোৰা প্ৰজ্ঞাৰ নিৰলস সাধনাৰে মিচিং ভাষা-সাহিত্য আৰু লোকসংস্কৃতিৰ প্ৰসাৰত অগ্ৰণী ভূমিকা লোৱা টাবুৰাম টাইদে অসমৰ শিক্ষা জগতলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই থৈ গৈছে।

সেই‌ অমূল্য অৱদান সমূহ যুগ-যুগান্তৰলৈ স্মৰণীয় হৈ থাকিব।

লগতে তেওঁৰ আদৰ্শ তথা কৰ্ম আৰু সৃষ্টিৰাজীয়ে অসমৰ উঠি অহা প্ৰতিটো প্ৰজন্মক প্ৰেৰণা যোগাব।

জানোঁ আঁহক, টাবুৰাম টাইদ দেৱৰ বিষয়ে কিছু কথা – 

টাবুৰাম টাইদ একাধাৰে এগৰাকী ভাষাতত্ববিদ, বিশিষ্ট লেখক, শিক্ষাবিদ, শিক্ষা প্ৰশাসক, ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাত বাছনিভূক্ত হোৱা অসমৰ প্ৰথম জনজাতীয় ব্যক্তি, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী সঞ্চালক, গুৱাহাটী বিশ্ববিদ্যালয়’ৰ শিক্ষায়তনিক পৰিষদৰ সদস্য, মিচিং আগম কৗবাঙৰ জন্মদাতা আৰু প্ৰতিষ্ঠাপক সভাপতি আছিল।

টাবুৰাম টাইদৰ জন্ম হৈছিল ১৯৪২ চনৰ ১ আগষ্ট তাৰিখে লখিমপুৰ জিলাৰ মিচিং জনগোষ্ঠীৰ এখন গাঁও ঘূণাসুতি আয়েঙ্গিয়াত।

তেওঁৰ পিতৃ উবাং টাইদ এজন খেতিয়ক আছিল।

টাবুৰাম টাইদ সপ্তম শ্ৰেণীত থাকোঁতেই পিতৃৰ মৃত্যু হৈছিল।

৫০ চনৰ ভূমিকম্পৰ পাছত সঘনাই হোৱা বানপানী আৰু গৰাখহনীয়াই ঘূণাসুতিৰ অন্যান্য মানুহৰ দৰে তেওঁলোকৰ ঘৰখনৰো চূড়ান্ত আৰ্থিক বিপৰ্যয় ঘটাইছিল।

টাইদে ‘তামনচুক প্ৰাথমিক বিদ্যালয়’ত প্ৰাথমিক শিক্ষা লোৱাৰ পাছত ১৯৫১-৫৭ চনলৈ ‘উত্তৰ লখিমপুৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়’ত শিক্ষা গ্ৰহণ কৰে।

উচ্চ মাধ্যমিক শিক্ষা সামৰি টাবু টাইদ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়।

আৰ্থিক সাহাৰ্যৰ বাবে তেখেতে কলকাতাৰ উপকণ্ঠীয় অঞ্চল নৰেন্দ্ৰপুৰত অৱস্থিত ৰামকৃষ্ণ মিচন আশ্ৰমৰ ওচৰ চাপিছিল।

ছাত্ৰবৃত্তিৰ বাবদ পাবলগীয়া ধন সমৰ্পন কৰাৰ চৰ্তত ৰামকৃষ্ণ মিচনে তেখেতক সহায়ৰ হাত আগবঢ়ায়।

১৯৬৩ চনত টাইদে কলকাতা বিদ্যালয়ৰ অধীনস্থ ৰামকৃষ্ণ মিচন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে।

তাৰপাছত এবছৰতকৈয়ো অধিক কাল শিক্ষকতা কৰি পইচা গোটাই ১৯৬৪ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু মহাবিদ্যালয়ত নাম ভৰ্তি কৰে।

১৯৬৬ চনত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯৬৭ চনত টাবু টাইদে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰে।

চাকৰি কৰি থকা অৱস্থাতে তেখেতে বিদেশত শিক্ষা গ্ৰহণৰ বাবে এটা জলপানী লাভ কৰে।

তাৰে সুবিধা লৈ তেওঁ বৃটেইনৰ ‘ইউনিভাৰচিটি অৱ ৰিডিঙ’ৰ পৰা প্ৰায়োগিক ভাষাতত্ত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ব্ৰিটিছ কাউঞ্চিল ফেলোশ্বিপ কাৰ্যসূচীৰ অধীনত ১৯৮২ চনত ‘ইউনিভাৰচিটি অৱ লণ্ডন ইন্সিটিউট অৱ এডুকেচন’ৰ পৰা দূৰৱৰ্তী শিক্ষা বিষয়ক এক চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহণ কৰে।

১৯৭০ চনত টাবু টাইদ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ বাবে বাছনিভূক্ত হয়।

এনে পৰ্যায় সেৱাৰ বাবে বাছনিভূক্ত হোৱা তেখেতেই আছিল অসমৰ প্ৰথম জনজাতীয় ব্যক্তি।

কিন্তু দুখৰ বিষয় এইয়ে যে, স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি তেখেতে সেই পদবীৰ পৰা বঞ্চিত হয়।

কটন মহাবিদ্যালয়ত চৈধ্য বছৰ সেৱা আগবঢ়োৱাৰ অন্তত শিক্ষা বিভাগৰ উপ-সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে।

পৰৱৰ্তী কালত অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন উচ্চ খাপৰ পদবী যেনে SCERTৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক, উচ্চশিক্ষা বিভাগৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ, ষ্টেট চিলেকচন বোৰ্ড (হায়াৰ এডুকেচন)ৰ অধ্যক্ষ আদিত কাৰ্যনিৰ্বাহ কৰে।

তেখেতক অসম চৰকাৰৰ অধীনস্থ আনন্দৰাম বৰুৱা ভাষা,কলা, সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে নিয়োগ কৰা হয়।

তেখেত গুৱাহাটী বিশ্ববিদ্যালয়’ৰ শিক্ষায়তনিক পৰিষদৰো সদস্য আছিল।

১৯৬৮ চনত টাবুৰাম টাইদ আৰু নাহেন্দ্ৰ পাদুনৰ নেতৃত্বত ‘গুৱাহাটী মিচিং কৗবাং’ নামৰ এটা অনুষ্ঠান জন্ম দিয়ে।

এই অনুষ্ঠানেই মিচিং ভাষা লিখাৰ বাবে বিজ্ঞানসন্মত লিপি ব্যৱহাৰ কৰাত আগভাগ লয়।

আনহাতে, মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ উদ্দেশ্যে ১৯৭২ চনত “মিচিং আগম কৗবাং” (মিচিং সাহিত্য সভা) জন্ম দিয়ে।

‘মিচিং আগম কৗবাঙ’ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল টাবুৰাম টাইদ।

১৯৮০ চনলৈ তেখেত এই অনুষ্ঠানৰ সভাপতিৰ আসন শুৱনি কৰি অতি নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰিছিল।

মিচিং আগম কৗবাঙৰ চেষ্টাৰ ফলতেই প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰম আৰম্ভ হয়।

টাবুৰাম টাইডে মিচিং ভাষাৰ বিষয়ে বহুকেইখন গৱেষণা পত্ৰ লিখি উলিওৱাৰ উপৰিও মিচিং ভাষাৰ অভিধান আৰু ব্যাকৰণ প্ৰণয়ন কৰি থৈ গৈছে।

তেখেতে বহুতো মিচিং সাধু সম্পাদনা কৰি উলিয়ায়।

ইংৰাজী, অসমীয়া আৰু মিচিং ভাষাত লিখা অসংখ্য প্ৰৱন্ধ কাকতে-পত্ৰে সিঁচৰতি হৈ আছে।

তেওঁ বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ‘ইংৰাজী ভাষা শিক্ষা’ৰ এলানি অনাতাঁৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল।

তদুপৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বাবে তেখেতে ‘মিচিং ভাষা শিক্ষা’ৰ এটা পাঠ্যক্ৰমো প্ৰস্তুত কৰি দিছিল।

টাবুৰাম টাইদৰ প্ৰকাশিত উল্লেখযোগ্য কেইখনমান গ্ৰন্থ ক্ৰমে – 

১/ একুঁকি নিৱন্ধ

২/ Glimpses

৩/ Mising Gompir Kumsung

৪/ Banikanta Kakati, the man and his works

৫/ Folksongs of the Misings

তেখেতে মিচিং লোক নৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও আপ্ৰাণ চেষ্টা কৰিছিল।

২০০৭ চনত মিচিং আগম কৗবাঙে তেওঁক “আগম মিগাং” উপাধিৰে বিভূষিত কৰে।

অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন, বাসুদেৱ জালান বঁটা, ২০১১ চনত অসম চৰকাৰৰ চ্যুকাফা বঁটা লাভ কৰিছিল।

আনহাতে ২০১২ চনত সোৱণশিৰি-ঘুণাসুঁতিপৰীয়া ৰাইজে “অৱনৰি দগনৗ” (সোৱণশিৰিৰ মণি) উপাধি প্ৰদান কৰে।

সাধনা আৰু প্ৰত্যাহ্বানেৰে জীৱনক প্ৰতিষ্ঠা কৰা এটি নাম টাবুৰাম টাইদ।

প্ৰতিষ্ঠাৰ উৰ্ধত থাকি তথা সফলতাৰ উচ্চ শিখৰত আহৰণ কৰিও বৰ সহজ-সৰল সাধাৰণভাৱেই জীৱন নিৰ্বাহ কৰা এগৰাকী প্ৰজ্ঞাৰ সাধক।

গ্ৰাম্য জীৱনবোধৰ পৰা আঁতৰি থাকিলেও মনত লৈ ফুৰে তেওঁ ঘূণাসুতিপাৰৰ সেই স্মৃতি।

আওৰাই ভাল পাই ঐনিতমৰ মধুৰ কলি।

নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি দায়বদ্ধতাৰে ৭৭ বছৰ বয়সলৈকে থমকি নোৰোৱা এক সত্তাৰ প্ৰতীক।

২০১৯ চনৰ ১৭ আগষ্ট তাৰিখে গুৱাহাটীৰ এপ’ল’ চিকিৎসালয়ত ৭৭ বছৰ বয়সত টাবুৰাম টাইদ দেৱৰ মৃত্যু হয়।

 

উল্লেখ্য যে, মিচিং জনগোষ্ঠীৰ পিতৃ পুৰুষ টাবুৰাম টাইদৰ প্ৰতি সন্মান জনাই তথা সোঁৱৰণত মিচিং স্বায়ত্তশাসিত পৰিষদে “টাবু টাইদ শিক্ষাজ্যোতি আঁচনি” নামেৰে এক বিশেষ আঁচনি ৰূপায়ন কৰি আহিছে।

এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক এককালিন আৰ্থিক সাহাৰ্য আগবঢ়াই আহিছে ।

চিৰ নমস্য ব্যক্তিগৰাকীৰ জীৱনীয়ে অসমৰ নৱ-প্ৰজন্মক প্ৰতিপল অনুপ্ৰাণিত কৰিব বুলি আমি আশাবাদী।

প্ৰিয় পাঠক, এনে মহান ব্যক্তি সকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে আমাৰ Facebook Page আৰু YouTube Channel Follow – Subscribe কৰিবলৈ এই লিংকত ক্লিক কৰক।

ধন্যবাদ।

https://www.facebook.com/share/1CPt4foZn4/

https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

 

One thought on “অসমৰ জাতীয় জীৱনৰ অবিস্মৰণীয় সত্তা আগম মিগাং টাবুৰাম টাইদ দেৱৰ চমু জীৱনযাত্ৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *