গোপীনাথ বৰদলৈ

অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰত ৰত্ন গোপীনাথ বৰদলৈ।

Spread the love

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী, অসমৰ জাতীয় জীৱনৰ পুৰোধা ব্যক্তি, যুগদ্ৰষ্টা তথা আধুনিক অসম নিৰ্মাণৰ যুগনায়ক “ভাৰত ৰত্ন” লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

প্ৰকৃতাৰ্থত লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমবাসীৰ মনত চিৰসেউজ তথা অনুপ্ৰেৰণাৰ নাম।

এই মহান নেতা গৰাকীয়ে সুদীৰ্ঘ জীৱন জাতীয় জীৱনৰ প্ৰতিটো বিষয়তেই অসম আৰু অসমীয়াৰ পক্ষত নিৰ্ভয়ে, সাহস আৰু সততাৰে বলিষ্ঠ স্থিতিত অটল হৈ আছিল।

দেশ বিভাজনৰ পূৰ্বে গ্ৰুপিঙৰ বেলিকা বৰদলৈ দেৱৰ বজ্ৰকঠোৰ ভূমিকা আজিও প্ৰতিগৰাকী অসমীয়াৰ মনত সজীৱ হৈ আছে।

এগৰাকী সুদক্ষ শাসক, দূৰদৰ্শী ৰাজনীতিবিদ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে প্ৰতিগৰাকী অসমীয়াৰ মানসপটত উজলি ৰোৱা বৰদলৈয়ে অসমৰ আৰ্থ-সামাজিক ভেটি গঢ় দিয়াত তেখেতৰ ভূমিকা অনস্বীকাৰ্য।

দেশ তথা ৰাজ্যখনৰ প্ৰতি থকা তেখেতৰ নিঃস্বাৰ্থ মৰম, শ্ৰদ্ধাক অসমৰ প্ৰতিটো প্ৰজন্মই যুগ যুগান্তৰলৈ স্মৰণ কৰি যাব।

লগতে স্বনামধন্য ব্যক্তি গৰাকীৰ কৰ্মৰাজী আৰু গভীৰ চিন্তাধাৰাই এখন উন্নত তথা সমৃদ্ধিশালী অসম গঢ়াত প্ৰতিগৰাকী অসমীয়াক সদায়েই প্ৰেৰণা যোগাব।

জানো আঁহক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ চমু জীৱনযাত্ৰাৰ বিষয়ে-

তেখেতৰ জন্ম হৈছিল ১৮৯০ চনৰ ৬ জুনত নগাঁও জিলাৰ ৰহাত

পিতৃ নাম বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ নাম প্ৰাণেশ্বৰী বৰদলৈ
তেওঁ ৰহাতেই প্ৰথম বিদ্যাৰম্ভ হৈছিল।

তাৰ পিছত তেওঁৰ পিতৃৰ চাকৰি সূত্ৰে মঙ্গলদৈ লৈ বদলি হয়।

মঙ্গলদৈ লৈ যাওঁতে তেওঁলোক নাৱেৰে গৈছিল আৰু নাৱেৰে যোৱা দীঘলীয়া সময়ছোৱাৰ ভিতৰত বৰদলৈয়ে মহাভাৰতখনকে পঢ়ি শেষ কৰি পেলাইছিল

১২ বছৰ বয়সতে তেওঁৰ মাতৃ বিয়োগ হয়।

বায়েক শশীকলা দেৱীয়ে তেওঁক লালন পালন কৰিছিল।

১৯০৭ চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়।

এই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ উপৰিও তেওঁ চিত্ৰাংকন বিষয়ত বিশেষ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়।

তাৰ পিছত তেওঁ কটন মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰে।

তাৰ পৰা ১৯০৯ চনত আই.এ. পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয়।

তাৰ পিছত কলিকতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্ত্তি কৰে।

তেওঁ স্নাতক পাঠ্যক্ৰমত অসমীয়া, বুৰঞ্জী, দৰ্শন-শাস্ত্ৰ আৰু ইংৰাজী বিষয় লৈ পঢ়িছিল।

তাৰ পৰা ১৯১১ চনত বুৰঞ্জী বিষয়ত অনাৰ্ছ সহ স্নাতক ডিগ্ৰী লাভ কৰে।

তেওঁ কলিকতাতে বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ আৰু আইন পঢ়িবলৈ কলিকতাৰ ১৭/১ অ’ল্ড বৈঠকখানা লেনৰ মেছত তেওঁৰ বন্ধু চন্দ্ৰনাথ শৰ্মাৰ লগত একেলগে অধ্যয়নত ব্ৰতী হয়।

১৯১৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তাৰ পিছত তেখেতে সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগ দিয়ে।

সেই সময়ছোৱাতে তেখেতে পুনৰ আইনৰ পৰীক্ষাত বহে আৰু উত্তীৰ্ণ হৈ প্ৰধান শিক্ষকৰ চাকৰি এৰি দি, সত্যনাথ বৰা উকীলৰ অধীনত আৰ্টিকেল ক্লাৰ্ক ৰূপে ওকালতিত মনোযোগ দিলে।

১৯১৭ চনত গুৱাহাটীত ওকালতি আৰম্ভ কৰে।

সেই সময়ত অসমৰ একমাত্ৰ ৰাজনৈতিক অনুষ্ঠান আছিল ‘অসম এছ’চিয়েচন‘।

১৯২২ চনত বৰদলৈয়ে কংগ্ৰেছত স্বেচ্ছাসেৱী হিচাপে যোগ দিয়ে আৰু ৰাজনৈতিক জীৱনৰ পাতনি মেলে।

তেওঁ অতি সহজ-সৰল আৰু উচ্চ ভাৱাপন্ন ব্যক্তি আছিল।

তেওঁ সদায় অসমবাসীৰ উপকাৰ আৰু উন্নতিৰ স’তে কাম কৰিছিল।

অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক “লোকপ্ৰিয়” উপাধিৰে বিভূষিত কৰিছিল।

ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

১৯২২ চনত অসহযোগ আন্দোলনৰ সময়ত তেখেতক গ্ৰেপ্তাৰ কৰি এবছৰ কাৰাবাস দিয়া হৈছিল।

তেখেত গুৱাহাটী পৌৰসভাৰ সদস্য হিচাপেও নিৰ্বাচিত হয়।

১৯৩৭ চনৰ ২১ ফেব্ৰুৱাৰীত গুৱাহাটীত কংগ্ৰেছ দলৰ সৰ্বসন্মতিক্ৰমে দলৰ দলপতি হিচাপে বৰদলৈক নিৰ্বাচন কৰে।

চৈয়দ মহম্মদ ছাদুল্লা চৰকাৰৰ পৰাজয়ৰ পিছত, ১৯৩৮ চনৰ ২১ ছেপ্টেম্বৰত গোপীনাথ বৰদলৈয়ে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

তেওঁ মুখ্যমন্ত্ৰী হৈয়ে পোনতে কৰ্মচাৰীসকলক সেৱাৰ মনোভাবেৰে কাম কৰিবলৈ আহ্বান জনায়।

তেওঁ মন্ত্ৰীসকলক প্ৰাপ্য দৰমহাৰ কিছু ধন কমাই ল’বলৈ আহ্বান জনায়।

মন্ত্ৰীসকলৰ পৰা কাটি ৰখা অতিৰিক্ত টকাখিনি জমা কৰে আৰু সেই টকা বানপীড়িত লোকলৈ সাহায্য হিচাপে দান কৰিবলৈ সিদ্ধান্ত লয়।

১৯৩৯-৪০ চনৰ সময়ছোৱাত তেওঁ জনসাধাৰণৰ বাবে আন এটা কাম হাতত লৈছিল।

সেইকামটোৱেই আছিল মাটিৰ খাজানা হ্ৰাস কৰা

১৯৩৯-৪০ চনত বৰদলৈৰ চৰকাৰে যিখন বাজেট দাঙি ধৰে সেইখন বাজেটে সম্পূৰ্ণ গঠনমূলক কামৰ আঁচনিৰ মাজেৰে দুখীয়া লোকক সকাহ দিব পাৰিছিল আৰু লগতে কিছু টকা ৰাহি কৰিব পৰা হৈছিল।

বৰদলৈৰ মন্ত্ৰী সভাই কানি নিবাৰণ আৰু পাছপৰা অঞ্চলত শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছিল।

বৰদলৈয়ে শিক্ষা বিস্তাৰ শিতানত ২ লাখ ৮০ হাজৰ টকা বেছিকৈ ধাৰ্য কৰি বিশেষ মহানুভৱতা দেখুৱাইছিল

টোলত সংস্কৃত শিক্ষা, মুছলমান সকলৰ বাবে মাদ্ৰাছা শিক্ষা আৰু হাইস্কুলত হিন্দী শিক্ষাৰ আঁচনি প্ৰস্তুত কৰোঁতাও আছিল গোপীনাথ বৰদলৈ।

গোপীনাথ বৰদলৈৰ চেষ্টাতে গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, বন প্ৰশিক্ষণ মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, কামৰূপ একাডেমী, বি বৰুৱা মহাবিদ্যালয়, শৰণীয়া কস্তুৰবা আশ্ৰম, বকোৰ মৌমেন আশ্ৰম, অসম কৃষি বিশ্ববিদ্যালয়, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, কো-অপাৰেটিভ প্ৰশিক্ষণ মহাবিদ্যালয়, অসম ৰাজ্যিক সংগ্ৰহালয়, যোৰহাট কাৰিকৰী বিদ্যালয় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰা হয়।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

আজীৱন তেখেত গান্ধীৰ আদৰ্শৰ বিশ্বাসী আছিল

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাত গোপীনাথ বৰদলৈয়ে স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হৈছিল।

মুখ্যমন্ত্ৰী হৈয়ো তেখেতে সৰল জীৱন যাপন কৰিছিল।

গোপীনাথ বৰদলৈ এগৰাকী লেখকো আছিল।

তেখেতে বিশেষকৈ শিশু সকলৰ বাবে বহুকেইখন কিতাপ লিখি থৈ গৈছে – গান্ধীজী, তৰুণৰাম ফুকন, অনাসক্তি যোগ, শ্ৰীৰামচন্দ্ৰ
বুদ্ধদেৱ, যীশুখ্ৰীষ্ট, হজৰত মহম্মদ।

১৯৯৯ চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক ভাৰত চৰকাৰে মৰণোত্তৰভাৱে দেশৰ সৰ্ব্বোচ্চ অসামৰিক সন্মান “ভাৰত ৰত্ন” উপাধি প্ৰদান কৰে।

গোপীনাথ বৰদলৈ উত্তৰ – পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা সৰ্বপ্ৰথম ব্যক্তি।

ভাৰত চৰকাৰে বৰদলৈৰ নামত এটি ‘প্ৰচ্ছদ খাম‘ মুকলি কৰিছিল।

তেওঁৰ জন্মস্থান ৰহাত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত ৰহা চিকিৎসালয়ৰ ডাক্তৰ আবাস গৃহৰ ঘৰ-মাটি অধিগ্ৰহণ কৰি তাত এটা মিউজিয়াম সদৃশ অনুষ্ঠান পতাৰ বাবে ব্যৱস্থা কৰিছে

তাৰ আধাৰশিলা ৰাজ্যপালে স্থাপন কৰিছে।

গুৱাহাটী বৰঝাৰ বিমানবন্দৰটো ‘গোপীনাথ বৰদলৈৰ’ নামেৰে নামকৰণ কৰা হৈছে।

১৯৫০ চনৰ ৫ আগষ্টত গোপীনাথ বৰদলৈ মৃত্যু হয়

৫ আগষ্টৰ দিনটো ‘লোক কল্যাণ দিৱস’ হিচাপে উদযাপন কৰা হ’ব বুলি অসম চৰকাৰে ঘোষণা কৰে।

 

প্ৰিয় পাঠক এনে মহান ব্যক্তি সকলৰ জীৱন যাত্ৰাৰ বিষয়ে জানিবৰ বাবে চাই থাকিব www.Rnewsindia24.com

লগতে Facebook Page আৰু  YouTube Channel Follow – Subscribe কৰিবলৈ এই লিংকটোত ক্লিক কৰক।

ধন্যবাদ।

https://www.facebook.com/share/1G1192Mw8f/

https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Leave a Reply

Your email address will not be published. Required fields are marked *