Assam downtown University, মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু TMPK ৰ Career Counselling অনুষ্ঠান।

Spread the love

Assam downtown University ৰ উদ্যোগত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সহযোগত আৰু TMPK ৰ ব্যৱস্থাপনাত Career Counselling অনুষ্ঠান।

গোগামুখ মহাবিদ্যালয়ত গোগামুখ অঞ্চলৰ উচ্চ মাধ্যমিকৰ পৰা আৰম্ভ কৰি স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত পৰিকল্পনা, পাঠ্যক্ৰম মাধ্যম নিৰ্বাচন আৰু কৰ্ম সংস্থাপনৰ দিশ নিৰ্ধাৰন আদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ক সামৰি Mising Autonomous council, Assam downtown University আৰু TMPK য়ে এই Career Counselling অনুষ্ঠান অনুষ্ঠিত কৰিছে।

বহু সময়ত দেখা যায় যে, গাওঁ অঞ্চলৰ মেধা ছাত্ৰ ছাত্ৰী সকলে পাঠ্যক্ৰম মাধ্যম নিৰ্বাচন, ভৱিষ্যত পৰিকল্পনা, কৰ্ম সংস্থাপনৰ দিশ নিৰ্ধাৰন আদি বিভিন্ন সমস্যাৰ সন্মূখীন হব লগা হয়, এই সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি Mising Autonomous Council য়ে Assam Downtown University ৰ সৈতে যুতীয়া ভাৱে পৰিষদৰ সমষ্টিয়ে, সমষ্টিয়ে Career Counselling ৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত পৰিষদে গ্ৰহন কৰিছে বুলি Rnewsindia24 ক জানিব দিয়ে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া দেৱে।

উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে :- আন্তৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত Anjan Choudhury, Motivational Speak/Career Counsellor and Corporate Trainer.
Diganta Sarma, Project officer Downtown Charity Trust.
Manash Pratim Chutia, Program Coordinator, Downtown Charity Trust.
Mridul Kalita, Marketing Manager, Assam Downtown University.

উক্ত Career Counselling ৰ অনুষ্ঠানত উপস্থিত থাকে :- গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলিপ কুমাৰ জাহ, MACOSD অনিল কুমাৰ পেগু, TMPK ৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক ৰিদিপ জেক দলে, TMPK ৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক চান পাংগিং, TMPK ৰ ধেমাজী জিলাৰ সভাপতি হৰিচন্দ্ৰ কামান, ক্ষীৰোদ কুটুম আদিকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

গোগামুখ কলেজৰ প্ৰেঙাগৃহত দুদিনীয়াকৈ আয়োজন কৰা Career Counselling অনুষ্ঠানটি উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

 

R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *