MACৰ EM আৰু GM সকলক কিয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে জানে নে ?
Assam August 7:-
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ নেতৃত্বত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু পৰিষদৰ সাধাৰণ সদস্যৰ কৰ্মশালা।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ জীৱন জীৱিকা অভিযানৰ অন্তৰ্গত গাহৰি পালন, কুকুৰা পালন, ছাগলী পালন, মীন পালন, তামোল খেতি, নাৰিকল খেতি, নেমু খেতি, বগৰী খেতি, কাঠফুলাৰ খেতি, হস্ততাঁত বস্ত্ৰ শিল্প, ৰেচম শিল্প, উদ্যান শস্য, গাখীৰ উৎপাদন বিষয়ৰ উপৰিও MACৰ বিভিন্ন আঁচনি সমূহ জনসাধাৰনৰ উপকৃত হোৱাকৈ কেনেধৰনেৰে ৰূপায়ন কৰিব লাগে, জনসংযোগ কেনেকৈ গঢ়িব পাৰি, সবাত্মাক উন্নয়নৰ দিশত পৰিষদখন কেনেকৈ আগুৱাই নিব লাগিব, পৰিষদে গ্ৰহন কৰা আঁচনি সমূহ পৰিষদৰ অন্তৰ্গত প্ৰতিটো পৰিয়াললৈ কেনেকৈ লৈ যাব লাগিব বা পৰিষদৰ সীমিত পুজিৰে কেনেকৈ সৰ্বতো প্ৰকাৰৰ এখন উন্নত সমাজ গঢ় দিব পাৰি আদি বিষয়ক লৈ Assam Downtown University, North East Finence Bank, KVK, NABARDৰ লগতে অসমৰ বিভিন্ন দিশত প্ৰতিষ্ঠিত ব্যক্তি সকলক প্ৰশিক্ষক হিচাপে লৈ আয়োজন কৰা কৰ্মশালা খনি আজি সফলতাৰে সামৰণি পৰে।
Rnews ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কয় যে এই বিশেষ কৰ্মশালাৰ জৰিয়তে আমাৰ কাৰ্য্যবাহী সদস্য আৰু সাধাৰণ সদস্য সকলৰ বিভিন্ন বিষয়ত যিখিনি ভূল বুজাবুজি আছিল, সেইবোৰ বুজি পোৱাৰ লগতে বহুখিনি উপকৃত হৈছো বুলি মত প্ৰকাশ কৰিছে ।
আৰু বছৰত এবাৰ কৈ এনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হব বুলিও জানিব দিয়ে।
MAC ৰ দৈনন্দিন খবৰ সমূহ জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24 ৰ MAC TODAY ।
R News India 24