শ্ৰেষ্ঠ চলচ্চিত্ৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত, বিশিষ্ট সংগীত পৰিচালক শ্বেৰ চৌধুৰীৰ জীৱন যাত্ৰা।

Spread the love

শ্বেৰ চৌধুৰীঃ অসমৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, সংগীত পৰিচালক, আলোকচিত্ৰ শিল্পী, চিত্ৰকৰ, শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত, শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত, শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাজ্যিক বঁটা প্ৰাপ্ত আছিল।

 

তেওঁৰ জন্ম হৈছিল ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে।

তেখেতৰ পিতৃৰ নাম চেৰাফুদ্দিন চৌধুৰী আৰু মাতৃৰ নাম বেগম বাহাৰ

তেওঁ শৈশৱ অতিবাহিত কৰিছিল শ্বিলঙত।

শৈশৱত তেওঁ ছবি অঁকা, সংগীতৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাত মনোনিৱেশ কৰিছিল।

শ্বিলঙৰ গৱৰ্নমেণ্ট হাইস্কুল আৰু এণ্টনিজত তেখেতে পঢ়া-শুনা কৰিছিল।

মেণ্ডোলিন বজোৱাত তেখেতে বিশেষ দক্ষতাৰ পৰিচয় দিছিল।

জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকাৰ লগত মঞ্চ আৰু ৰেডিঅ‘ অনুষ্ঠানত বাদ্যযন্ত্ৰ সংগত কৰি সংগীত জগতত প্ৰৱেশ কৰিছিল।

তেখেতে ধীৰু ভূঞাৰ উদ্যোগত ‘প্ৰথম ৰাগিনী‘ চলচ্চিত্ৰৰ কলা আৰু সংগীত পৰিচালনাৰ লগতে সহকাৰী পৰিচালকৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

তেওঁৰ সংগীত পৰিচালনা সমূহ হৈছে :- প্ৰথম ৰাগিনী, ৰাগ-বিৰাগ, অদাহ্য, সংস্কাৰ,
ৰংবিন, অহিৰ ভৈৰৱ, দুৱাৰ, ৱশ্ব’বিপো, হলধৰ, মীমাংসা,
আই কিল্ড হিম ছাৰ, দৰ্পণ

ধাৰাবাহিকঃ লিংখিক

চুটি ছবিঃ Red to Black

তথ্যচিত্ৰঃ Weavers of the golden thread, Children of the river – A documentary on river dolphins of Assam, The horizon of Rongmilir hahi, জাক হেৰুওৱা পখী, Spirit of graceful lineage, The Impact of Methun, The Sound of Dying Colours, ডাৱৰ, Distant rambles- A film on Nagaland war wreckage.

NE HYGIENE SOLUTIONS

SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning

Phone No – 8861255323 / 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com  .

অন্যান্য গ্ৰন্থঃ সখা, দেৱী পীঠৰ তেজ, হেঙুলী আকাশ

শ্বেৰ চৌধুৰীয়ে কেবাখনো টেলিফিল্ম, দূৰদৰ্শনৰ ধাৰবাহিকতো সংগীত পৰিচালনা কৰিছে।

১৯৮৮ চনত ‘প্ৰথম ৰাগিণী‘ ছবিৰ বাবে ইষ্টাৰ্ণ ইণ্ডিয়া ম’শ্বন পিকচাৰ্ছ এছ’চিয়েশ্বনৰ শ্ৰেষ্ঠ সংগীত পৰিচালক পৰিচিত হয়।

১৯৯৩ চনত “ছাউণ্ড অৱ দা ডায়িং কালাৰ্ছ” তথ্যচিত্ৰৰ বাবে ‘পৰ্যটন ক্ষেত্ৰৰ বাবে উদ্গনিমূলক তথ্যচিত্ৰ‘ শিতানৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

১৯৯৬ চনত “ৰাগ-বিৰাগ” কথাছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাজ্যিক বঁটা লাভ কৰে।

১৯৮৯ চনত “ৱশ্ব’বিপো” ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

১৯৯৭ চনত “অদাহ্য” কথাছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাজ্যিক বঁটা লাভ কৰে।

২০১৩ চনৰ ৬ নৱেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয়।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

অসমীয়া জাতিলৈ শ্বেৰ চৌধুৰীয়ে আগবঢ়োৱা অৱদান সদায়েই একক আৰু অতুলনীয় হৈ থাকিব।

এনে মহান ব্যক্তিসকলৰ বিষয়ে জানি থাকিবলৈ চাই থাকিব www.Rnewsindia24.com

 

 News Editor Sangita Dutta Reports R News India 24

One thought on “শ্ৰেষ্ঠ চলচ্চিত্ৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত, বিশিষ্ট সংগীত পৰিচালক শ্বেৰ চৌধুৰীৰ জীৱন যাত্ৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *