ফলৰ ভিতৰত এবিধ ৰসাল ফল হৈছে আনাৰস।
খাই আমি সকলোৱে ভাল পাওঁ নহয় নে?
এটা কথা কি জানে, মোৰ যে ইমান এলাহ লাগে বাকলি গুচাবলৈ।
গ্ৰীষ্মকালত এই ফলবিধ খালে বা ইয়াৰ ৰস খালে শৰীৰটো ভিতৰৰ পৰা শীতল হৈ পৰে।
সাধাৰণতে আনাৰস দুবিধ।
এবিধ দেশী আৰু আনবিধ বিলাতী।
দেশী আনাৰস আকাৰত সৰু হয় আৰু মিঠা কম হয়।
বিলাতী আনাৰস আকাৰত ডাঙৰ আৰু খাবলৈ বেছি সু-স্বাদু।
উভয় প্ৰকাৰ আনাৰসেই উপকাৰী।
দৰৱৰ কাৰণে দেশী আনাৰস বেছি ভাল।
আনাৰস খাই বেয়া পোৱা মানুহৰ সংখ্যা হয়তো খুব কমেই ওলাব ৷
বৰ্তমান বিশ্বত সৰ্বাধিক আনাৰস উৎপাদনকাৰী দেশ কেইখন হ’ল :– ফিলিপাইনচ, থাইলেণ্ড, ক’ষ্টা ৰিকা, ইণ্ডোনেচিয়া, চিলি, ব্ৰাজিল, ভাৰতবৰ্ষ, নাইজেৰিয়া, মেক্সিকো আৰু কলোম্বিয়া।
ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘আনানাচ কমোচচ’।
আমি বহুতে আনাৰস খাই ভালপাওঁ সেইবাবেই খাওঁ কিন্তু আনাৰস আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী সেইটো নাজানো।
গতিকে আজি জানোঁ আহক আনাৰসৰ ঔষধি গুন সমূহৰ বিষয়ে :-
1. দেহৰ গাঁঠিৰ বিষ হোৱা লোকৰ বাবে আনাৰস উপকাৰী।
2. ডায়েবেটিচ ৰোগীৰ বাবে এই ফল উপকাৰী কিয়নো ই পানক্ৰিয়াছ গ্ৰন্থীক উত্তেজিত কৰে ফলত ইনচুলিন হৰমন ক্ষৰণ বৃদ্ধি হয়।
3. শৰীৰ দূৰ্বল অনুভৱ কৰা লোকৰ বাবে এই ফল উপকাৰী।
ই দেহৰ ইলেক্ট্ৰলাইট সমতুল্য কৰি ৰাখে।
4. যদি আপোনাৰ আৰ্থ্ৰাইটিছৰ সমস্যা হৈ আছে তেনেহ’লে আনাৰসৰ ৰস খোৱা আৰম্ভ কৰক।
5. যদি আপোনাৰ ছালৰ সমস্যা আছে, তেন্তে আনাৰস খাব বা ইয়াৰ ৰস খাওঁক।শালমইনাৰ লগতে, ই ইয়াৰ ফলত হোৱা দাগবোৰো হ্ৰাস কৰে।
6. ভিটামিন এ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ আনাৰসৰ ৰসে চকুৰ সমস্যাৰ পৰা সকাহ দিয়ে।
7. ১০০ গ্রাম সতেজ আনাৰসৰ ৰস শিশুক নিয়মিত খুৱালে পেটৰ কৃমি মৰি যায়।
কিন্তু খালি পেটত আনাৰসৰ ৰস দিয়াটো উচিত নহয়।
8. আনাৰসৰ ৰস বা চৰবত খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নোহোৱা হয়।
9. আনাৰসত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়।
10. আনাৰসৰ ৰসে ফেট কমায়।
আনাৰসে প্রস্রাৱত বাধাৰ সৃষ্টি নকৰে।
11. আনাৰসৰ ৰস ডিঙি আৰু মুখৰ বেকটেৰিয়াজনিত ৰোগত উপকাৰী।
12. জ্বৰতো আনাৰসৰ ৰস খোৱাটো খুব উপকাৰী।
13. ঋতুকালীন ৰক্তস্ৰাৱৰ ক্ষেত্রত, প্রতিদিনে আনাৰসৰ ৰস পান কৰিলে মাহিলী চক্র সঠিক থাকে।
14. ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ খাদ্যৰ অভাৱত যদি স্কার্ভি হয় তেতিয়া আনাৰস খোৱা আৰু ৰস খোৱা খুব উপকাৰী।
এতিয়া জানিলে নহয় আনাৰস আমাৰ দেহৰ বাবে কিমান উপকাৰী।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
মোৰ দৰে বাকলি গুচোৱাৰ এলাহত আনাৰস নোখোৱাকৈ নাথাকিব।
সকলোৱে আনাৰস খাওঁক আৰু শৰীৰটো ভালে ৰাখক।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24