হিন্দী চলচ্চিত্ৰৰ প্ৰথম মহিলাৰ সঙ্গীত পৰিচালক সৰস্বতী দেৱীৰ জীৱন যাত্ৰা।

Spread the love

সৰস্বতী দেৱীঃ ভাৰতৰ এগৰাকী হিন্দী চলচ্চিত্ৰৰ সঙ্গীত পৰিচালক, সুৰকাৰ, ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ প্ৰথম মহিলাৰ সঙ্গীত পৰিচালক আছিল

তেখেত জন্ম হৈছিল ১৯১২ চনত খুৰচিদ মানেকশ্ব মিনোচেৰ হোমজীত

তেওঁ সঙ্গীতৰ প্ৰতি বহুত আগ্ৰহী আছিল।

সেই কথা গম পাই দেউতাকে তেওঁক ধ্ৰুপদী আৰু ধামাৰ শৈলীৰ গায়ক, বিশেষজ্ঞ, বিষ্ণু নাৰায়ণ ভাটখাণ্ডেৰ অধীনত হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীত শিকাৰ ব্যৱস্থা কৰি দিছিল।

তাৰ পিছত তেওঁ মেৰিচ স্কুলত নাম লগায়, যিখন পিছলৈ ভাটখাণ্ডে সঙ্গীত প্ৰতিষ্ঠান (লক্ষ্ণৌ) বুলি জনাজাত হৈছিল।

১৯২০ দশকত স্থাপিত হোৱা ‘অল ইণ্ডিয়া ৰেডিঅ’ৰ মুম্বাই‘ কেন্দ্ৰত সৰস্বতী দেৱী আৰু তেওঁৰ ভনীয়েক মানেক-এ নিয়মীয়াকৈ সঙ্গীত পৰিবেশন কৰিছিল।

হোমী চিষ্টাৰ্চ’ নামেৰে জনাজাত এই কাৰ্যসূচী শ্ৰোতাসকলৰ মাজত অতি জনপ্ৰিয় হৈছিল।

চলচ্চিত্ৰ নিৰ্মাণ কৰা কোম্পানী বোম্বে টকীজৰ প্ৰতিষ্ঠাতা হিমাংশু ৰয়ে তেওঁৰ ছবিৰ বাবে এগৰাকী দক্ষ শাস্ত্ৰীয় সঙ্গীতত পাৰ্গত ব্যক্তি এগৰাকীৰ সন্ধানত আছিল।

সৰস্বতী দেৱীৰ গীত ৰেডিঅ’ত শুনি তেওঁক হিমাংশু ৰয়ে মাতি পঠিয়ালে।

ৰয়ে তেওঁক বোম্বে টকীজৰ সঙ্গীত বিভাগৰ দায়িত্ব লোৱাটো আৰু ছবিৰ সঙ্গীত নিৰ্মাণ কৰাটো বিচাৰিলে।

সেই অনুসৰি তেওঁ বোম্বে টকীজৰ সৈতে প্ৰথম ছবি ১৯৩৫ চনত “জৱানী কী হাৱা” ৰ বাবে চুক্তিবদ্ধ হ’ল, য’ত হিমাংশু ৰয়ৰ পত্নী দেৱিকা ৰাণীয়ে অভিনয় কৰিছিল।

সেই সময়ত প্লেবেকৰ কোনো ব্যৱস্থা নাছিল।

যথেষ্ট কঠিন পৰিস্থিতিৰ মাজেৰে সঙ্গীতৰ কাম কৰিবলগীয়া হৈছিল।

জৱানী কী হাৱা’ৰ পিছত তেওঁৰ ১৯৩৬ চনত প্ৰথম হিট ছবি “অছুৎ কন্যা“।

অশোক কুমাৰ আৰু দেৱিকা ৰাণী অভিনীত এই ছবিখনত গীতৰ চিত্ৰায়ণ কৰাৰ আগতে বহু ঘণ্টা আখৰাত ব্যয় হৈছিল।

একে বছৰতে তেওঁ ১৯৩৬ চনত ‘জন্মভূমি’ৰ বাবেও সঙ্গীত ৰচনা কৰে।

এই ছবিখন প্ৰথমবাৰৰ বাবে জে. এচ. কাশ্যপে লিখা ‘জয় জয় জৱানী জন্মভূমি’ শীৰ্ষক এটা জাতীয়তাবাদী গীতৰ অন্তৰ্ভুক্ত কৰা হয়।

এজনী ফাৰ্চী ছোৱালীয়ে চলচ্চিত্ৰত গীত গোৱাত সেই সম্প্ৰদায়ে বিৰোধ কৰিছিল।

হিমাংশু ৰায়ে ইয়াৰ বিৰোধ কৰি হোমজীৰ সমলি সৰস্বতী দেৱী আৰু বোম্বে টকীজত অভিনয় কৰি থকা তেওঁৰ ভনীয়েকক চন্দ্ৰপ্ৰভা নাম দিয়ে।

তেওঁ ১৯৬১ চনলৈকে সঙ্গীত পৰিচালনাৰ কাম কৰি গৈছিল।

তেওঁ তৈয়াৰ কৰা ‘কোই হুমদুম না ৰহা’ গীতটো মূলত ‘জীৱন নৈয়া‘ত ১৯৩৬ চনত অশোক কুমাৰে গাইছিল।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

১৯৬১ চনত পিছত ‘জুমৰু‘ৰ বাবে পুনৰ কিশোৰ কুমাৰৰ কণ্ঠত বাণীবদ্ধ কৰা হয়।

সৰস্বতী দেৱীৰ সুৰাৰোপ কৰা আন এটা বিখ্যাত গীত ‘এক চতুৰ নৰ, বড়ী হোচিয়াৰ’টো প্ৰথমে ‘ঝুলা‘ত অশোক কুমাৰে গাইছিল আৰু পিছত সেইটো ‘পড়োচন‘ ছবিৰ বাবে মান্না দে আৰু কিশোৰ কুমাৰে গাইছিল।

তেওঁক নাৰ্গিচৰ মাতৃ জদ্দনবাঈৰ সৈতে একেলগে ভাৰতীয় হিন্দী চলচ্চিত্ৰৰ প্ৰথম মহিলা সঙ্গীত পৰিচালক বুলি গণ্য কৰা হয়।

NE HYGIENE SOLUTIONS

SERVICES :- > Pest control Services
>House keeping Services
>Facility management
>Deep cleaning Services
>Supplying of Hygiene chemicals & Tools
>Marble polishing
>Sofa shampooing
>Glass cleaning

Phone No – 8861255323/ 9980130059
Email: Md@nehygienesolutions.com/Support@nehygienesolutions.com
Website : Nehygienesolitions.com

১৯৮০ চনৰ ৯ আগষ্ট তাৰিখে তেওঁ মৃত্যু হয়।

ভাৰতৰ হিন্দী চলচ্চিত্ৰ জগতখনলৈ যিখিনি অৱদান আগবঢ়াই থৈ গ’ল ভাৰতবাসীৰ বাবে চিৰস্মৰনীয় হৈ ৰব।

 

এনে মহান ব্যক্তি সকলৰ বিষয়ে জানি থাকিবলৈ চাই থাকিব www.Rnewsindia24.com

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *