সন্মিলিত গনশক্তি অসম আৰু নাৰীশক্তিৰ শপত গ্ৰহন। - R News India 24
Skip to content
সন্মিলিত গনশক্তি অসম আৰু নাৰীশক্তিৰ লোহিত খাবলু আঞ্চলিক সমিতিৰ শপত গ্ৰহন অনুষ্ঠান।
লোহিত খাবলু আঞ্চলিক ১৬ মাইল স্থিত TMPK কাৰ্যালয়ৰ প্ৰাংগণত সন্মিলিত গনশক্তি অসম আৰু নাৰীশক্তি অসমৰ নৱগঠিত সমিতিৰ শপত গ্ৰহন অনুষ্ঠানটি আজি সম্পন্ন হয়।
শপত গ্ৰহন অনুষ্ঠানত ২৩ নং লোহিত পশ্চিম পৰিষদীয় সমষ্টিৰ পৰিষদীয় সাধাৰন সদস্য মুকুল পেগু , তেলাহী ব্লকৰ নাৰীশক্তিৰ সম্পাদিকা ৰশ্মি বনিয়া, পঞ্চায়তৰ সভানেত্ৰী দিপ্তি পাদুন দলে, মলয় কুমাৰ দাস লগতে লোহিত খাবলু আঞ্চলিক মিচিং জাতীয় সংগঠনৰ সভাপতি সম্পাদক আৰু লোহিত খাবলু আঞ্চলিকৰ অন্তৰ্গত সকলো পঞ্চায়তৰ লগতে ৱাৰ্ড সমিতিৰ সভাপতি সম্পাদককে ধৰি সদস্যা সদস্য সকল উপস্থিত থাকে।
উক্ত শপত গ্ৰহন অনুষ্ঠানত ১০ নং পাঠৰী চুক ভোট কেন্দ্ৰৰ কংগ্ৰেছ দলৰ সদস্য পুৰ্ণিমা পায়েঙৰ স্বামী প্ৰবিন পায়েঙে আনুষ্ঠানিক ভাৱে সন্মিলিত গনশক্তি অসম দলত যোগদান কৰে।
উল্লেখ্য যে, আগন্তুক পঞ্চায়ত নিৰ্বাচন পৰিষদীয় নিৰ্বাচনক লৈ এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰও অনুষ্ঠিত কৰা হয় বুলি Rnewsindia24 ত মন্তব্য আগবঢ়াই পৰিষদৰ সাধাৰন সদস্য মুকুল পেগুৱে ।
MAC ৰ দৈনন্দিন খবৰ সমূহ জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24 ৰ MAC TODAY
R News India 24
Post navigation
Go Top