গৰমৰ দিনত ৰ’দৰ পৰা আপোনাৰ মৰমৰ গালখন কেনেকৈ সজাই ৰাখিব।
উস্ঃ যি গৰম।
একো কামকে কৰিব, কোনোফালে ওলাইয়ো যাব নোৱাৰি।
বাহিৰলৈ ওলালেও ৰ’দে পুৰি শেষ কৰি দিয়ে।
সাম্প্ৰতিক সময়ত সকলোৰে ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ নিজৰ কামত ওলাই যাব লগা হয়।
ৰ’দত অলপ সময় থাকিলেই ভগৰুৱা যেন অনুভৱ হয়।
এই প্ৰখৰ ৰ’দটোৱে গোটেই ছালখন ক’লা কৰি পেলাইছে।
গৰম দিন কেইটা কেতিয়া হব বাৰু?
সেয়ে আজি আমি জানো আহক গৰম দিন কেইটাত আমাৰ ছালখন কেনেদৰে যত্ন লব লাগে :-
1. ট’নাৰ ছালৰ বাবে উপকাৰী।
গৰম দিনত আমাৰ মুখৰ টি
জ’ন অংশত তৈলাক্ত হৈ থকা দেখিবলৈ পোৱা যায়।
গতিকে ট’নাৰে আমাৰ ছালৰ পৰা অতিৰিক্ত তেল আঁতৰাই আমাৰ ছালখনক অতিৰিক্ত তেলৰ পৰা ৰক্ষা কৰে ৷
ইফালে মুখৰ বন্ধ হৈ থকা ৰন্ধ্ৰ সমূহ টনাৰে মুক্ত কৰি দিয়ে।
গতিকে আপুনি ট’নাৰ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰে ৷
2. গৰম দিনত সকলোতকৈ আৱশ্যকীয় সামগ্ৰীবিধ হ’ল পানী।
গতিকে যিমান পাৰি পানী খাওঁক ৷
যেতিয়া বাহিৰত উলাই যাব পানীৰ বটলটো লৈ যাবলৈ নাপাহৰিব ৷
গৰমৰ দিনত পানী সেৱন কৰাৰ পিছত ট’ক্সিনৰ ৰূপত আমাৰ শৰীৰৰ পৰা উলাই যাব৷
তেতিয়া আপুনি সতেজ অনুভৱ কৰিব ৷
3. গৰম দিনত মুখত প্ৰসাধন অলপ কমকৈ লগাবলৈ চেষ্টা কৰিব৷
কাৰণ বেছিকৈ কৰা প্ৰসাধনে ছালখনক ক্ষতি কৰিব পাৰে ৷
বাহিৰলৈ গ’লে এচপিএফ সমৃদ্ধ চানবাৰ্ণ লগাবলৈ নাপাহৰিব ৷
গ্ৰীষ্মকালত আপুনি ব্যৱহাৰ কৰা মইশ্বৰাইজাৰটোৱে যাতে আপোনাৰ ছালত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় তাৰ প্ৰতি দৃষ্টি ৰাখিব ৷
4. খাদ্যৰ ওপৰত সেয়ে গুৰুত্ব দিয়া উচিত।
ঋতু অনুযায়ী লাভ কৰা ভেদাইলতা, নৰসিংহ, খুতৰা, দ্ৰোণশাক, ঢেঁকীয়া, কচু, খৰিচা, চজিনা পাত, আমলখি, আম, পনিয়ল, অমৰা, থেকেৰা, ঔটেঙা, কৰ্দৈ আদি এই সময়ছোৱাৰ বাবে যথেষ্ট উপকাৰী।
5. দৈ আৰু নেমু ৰসে ছালক মশ্বৰাইজ কৰে৷
দৈয়ে মুখৰ উজ্বলতা বৃদ্ধি কৰে৷
নেমু ৰসত ভিটামিন চি থাকে৷ ভিটামিন চি য়ে ছালক ইউ ভি ৰশ্মিৰ পৰা হোৱা অপকাৰত বাধা দিয়ে৷
6. গৰমৰ দিনত শুকান ছালত চাবোন ব্যৱহাৰ নকৰি ফেচ ৱাছ ব্যৱহাৰ কৰি মুখ চাফা কৰক।
চাবোন ব্যৱহাৰ কৰিলে গ্লিচাৰিণযুক্ত চাবোন বা বেবী চ’প হে ব্যৱহাৰ কৰিব।
মুখ ধুই স্কিন টনিক লগাব।
ই ৰক্ত সঞ্চালন বঢ়াই ছালখনলৈ উজ্জ্বলতা আনে।
7. সপ্তাহত তিনিদিন কণীৰ বগা অংশৰ লগত অকণমান নেমুৰ ৰস মিহলাই মুখত সানিব পাৰে।
২০ মিনিটমান পিছত মুখখন ঠাণ্ডা পানীৰে ধুই পেলাব।
9. খুউব চোকা ৰ’দত কৰবালৈ যাব লগা হ’লে ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰাৰ লগতে ছাতি আৰু ছানগ্লাছ ব্যৱহাৰ কৰিব।
10. ৰ’দত ছাল পুৰিলে অলিভ অইলৰ লগত নেমুৰ ৰস অথবা ভিনেগাৰ মিহলাই হাত-মুখ আৰু ডিঙিত সানি আধাঘণ্টামানৰ পিছত ধুই পেলাব।
আহক এই সমূহ সমাধানৰ পৰা গৰমৰ দিনকেইটাত আমাৰ ছালখনৰ উজ্বলতা বঢ়াই সতেজ কৰি ৰাখো।
Sangita Dutta Reports R News India 24