মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ফগ্গিং অপাৰেচন।

Spread the love

 

মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া নেতৃত্বত ফগ্গিং অপাৰেচন।

জাপানীজ এনকেফ্লাইটিছৰ ভয়াৱহতা আৰু আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিয়ে সমষ্টিয়ে ফগিঙৰ ব্যৱস্থা গ্ৰহন কৰিছে।

যোৱা 12/8/2022 তাৰিখে পৰিষদে ৫ টাকৈ ফগিং মেচিন ৫ খন সমষ্টিত ৰাজহুৱা ফগ্গিঙৰ বাবে আগবঢ়াই।

অসম অৰুণাচল সীমান্তৰ মিংমাং পৰিষদীয় সমষ্টিত যোৱা কালি আবেলি ৫ বজাত ৰাজহুৱা অনুষ্ঠানৰ জৰিয়তে এক ফগ্গিং  মেচিন মিংমাংবাসী ৰাইজক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই আগবঢ়াই।

অনুষ্ঠানত মিংমাং স্বাস্থ্য কেন্দ্ৰৰ বিশেষজ্ঞৰ লগতে গোগামুখ পৰিষদীয় সমষ্টিৰ সাধাৰন সদস্য ৰাজু পেগু, MAC ৰ OSD ডা° অনিল কুমাৰ পেগু, ধেমাজী জিলাৰ TMPK ৰ সভাপতি হৰিচন্দ্ৰ কামান, উপসভাপতি সঞ্জীৱ মিলি, লগতে TMPK, TMMK, MMK গণশক্তিৰ সদস্যা সদস্য সকল উপস্থিত থাকে।

আনহাতে, ছিমেন চাপৰিত কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰি, জোনাইত উপাধক্ষ্য যজ্ঞেশ্বৰ কুটুম, আমগুৰিত অধ্যক্ষ সুনিল কুমাৰ পেগু, ঘুনাসূতিত কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেয়ে এই বিশেষ ফগ্গিং কাৰ্যসূচীৰ শুভ উন্মোচন কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

জোনাই কাৰ্যসূচীত উপাধক্ষ্য যজ্ঞেশ্বৰ কুটুমক সহযোগ কৰে কাৰ্যবাহী সদস্য নৰেচ কুম্বাং, সাধাৰন সদস্য পদুম ৰয়, TMMK ৰ সভানেত্ৰী গীতাঞ্জলী পাতিৰ, TMPK ৰ সভাপতি ৰাজকুমাৰ মৰাং, SDMO ড° কিচোৰ কামান, SDO প্ৰদীপ কুমাৰ দুবেদী আদিকে ধৰি স্থানীয় বিভিন্ন দল সংগঠনৰ বিষয় ববিয়া।

 

ছিমেন চাপৰিত কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰিক সহযোগিতা আগবঢ়াই কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, চিমেন আঞ্চলিক গণশক্তিৰ সভাপতি ৰাজেন বৰুৱা আৰু চমকং গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মহন্ত দৈমাৰীয়ে।

 

মুখ্য কায্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই জানিব দিয়ে যে ৫ খন সমষ্টিত আবেলি ৫ বজাত একে সময়ত একেলগে এই কাৰ্যসূচী ৰূপায়ন কৰা হৈছে।

বাকী থকা সমষ্টি সমূহত অতিশীঘ্ৰে এই ব্যৱস্থা কৰা হব আৰু MAC য়ে এই কাৰ্যসূচীক মিচন হিচাপে গ্ৰহন কৰিছে।

MAC ৰ দৈনন্দিন খবৰ সমূহ জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24 ৰ MAC TODAY.

 

R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *