মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৬ সংখ্যক কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

Spread the love

মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৬ সংখ্যক কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ।

 

১ । ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ ইতিমধ্যে আৰম্ভ কৰা কেৰিয়াৰ কাউন্সেলিঙৰ কাৰ্যসূচী পৰিষদৰ প্ৰতিখন সমষ্টিত অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ।

২ । MAC আৰু Assam Downtown University ৰ যুটীয়া উদ্যোগত বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰা হ’ব।

৩। পৰিষদৰ বাবে চৰকাৰী অনুমোদিত কেইবাটাও পদ নিযুক্তি দিয়া প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ ।

৪ । পৰিষদৰ নামত থকা গেষ্ট হাউচ, ইক’ কেম্প আদি পৰিচালনাৰ বাবে নিবিদা আহ্বান কৰা সিদ্ধান্ত ।

৫ । পৰিষদৰ জীৱন-জীৱিকা অভিযানৰ হিতাধিকাৰী নিৰ্বাচনৰ বাবে ৬ চেপ্তেম্বৰত সকলো ফিল্ড ভেৰিফিকেচন ৰিপ’ৰ্ট পৰীক্ষা কৰা হ’ব ।

৬ । পৰিষদৰ পুজিৰে নিৰ্মাণ কৰি উলিওৱা তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্ত্তি ৩০ আগষ্ট তাৰিখে মাজুলী গড়মূৰত উন্মোচন কৰাৰ সিদ্ধান্ত ।

৭ । পৰিষদৰ এলেকাৰ ১৭ বছৰ অনুৰ্ধ্ব ফুটবল খেলুৱৈৰ এক মহীয়া প্ৰশিক্ষণ অহা ২১ চেপ্তেম্বৰৰ পৰা গোগামুখত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ।
তাৰ বাবে ৬ টা জুনৰ খেলুৱৈ বাচনি ১৮ চেপ্তেম্বৰ ভিতৰত সমাপ্ত কৰিব লাগিব ।
MAC SL Football Match অহা ২৬ চেপ্তেম্বৰত আৰম্ভ কৰি ৫ নবেম্বৰত চূড়ান্ত খেল তথা সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ ।

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত কৰা আজিৰ কেবিনেটত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ লগতে সকলো কাৰ্যবাহী সদস্য আৰু পৰিকল্পনা বিষয়া নবীন কামান আৰু বিশেষ কৰ্তব্যৰত বিষয়া ডা০ অনিল কুমাৰ পেগু উপস্থিত থাকে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *