মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নাম তৰণ চন্দ্ৰ পামেগামৰ নামত নামাকৰণ কৰাৰ আহ্বান মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ। শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী আৰু মিচিং জনগোষ্ঠীৰ প্ৰথম বিধায়ক কাৰ্ক চন্দ্ৰ দলেৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ ঘোষনা। - R News India 24
Skip to content
মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ- সভাপতি তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্ত্তি মাজুলীৰ গড়মূৰত উন্মোচন।
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্ত্তি উন্মোচনী।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু উদযাপন সমিতি তথা মাজুলীবাসী ৰাইজৰ সহযোগত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মিচিং আগম কেবাঙৰ পতাকা উত্তোলন গীতৰ স্ৰষ্টা তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্ত্তি মাজুলীৰ গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাংগনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ই উন্মোচন কৰে।
পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা প্ৰতিমূৰ্ত্তি উন্মোচনী অনুষ্ঠানৰ লগতে পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, উমা পাঠৰী, সাধাৰণ সদস্য ত্ৰৈলোক্য পামেগাম, নীলকান্ত দলে, পৰিষদৰ বিশেষ কৰ্তব্যৰত বিষয়া ডা: অনিল কুমাৰ পেগু, অসম সাহিত্য সভাৰ সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথ, উদযাপন সমিতিৰ সভাপতি নৱকুমাৰ গাম, গড়মুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰুন বৰা, অনাতাৰ শিল্পী অৱন্তী পামেগাম চেতিয়া, বিশিষ্ট ভাস্কৰৰ্য শিল্পী উন্মোচিত তৰুনচন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তিৰ নিৰ্মাতা বিনোদ দাও আদিকে ধৰি মাজুলীৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ, মাজুলীৰ কেইবা গৰাকী সমাজকৰ্মী তথা সাংস্কৃতিককৰ্মী আৰু মিচিং ছয় জাতীয় সংগঠনৰ সভাপতি সম্পাদক, সদস্যা সদস্যকে ধৰি স্থানীয় ৰাইজৰ উপস্থিতিত বৰ্নাধ্য কাৰ্যসূচীৰে তৰুনচন্দ্ৰ পামেগামৰ ৩৮ সংখ্যক মৃত্যুবাৰ্ষিকী অনুষ্ঠান গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত সম্পন্ন কৰে।
উল্লেখ্য যে মিচিং জনগোষ্ঠীৰ প্ৰথম বিধায়ক কাৰ্ক চন্দ্ৰ দলে আৰু বিশিষ্ট সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰতিমূৰ্ত্তি ২০২৪ চনৰ ভিতৰত পৰিষদৰ পুজিৰে নিৰ্মাণ কৰা হব বুলি ঘোষনা কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
লগতে তৰুণ চন্দ্ৰ পামেগামৰ নামত ন্যাসপূজি গঠন কৰাৰ প্ৰসংগ উল্লেখ কৰাৰ উপৰিও মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নাম তৰণ চন্দ্ৰ পামেগামৰ নামত নামাকৰণ কৰাৰ বাবে অসম চৰকাৰ তথা শিক্ষা বিভাগক আহ্বান জনায় আৰু অসমৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে এই বিষয়ত সহায় সহযোগীতা আগবঢ়াবলৈ অনুৰোধ জনায়।
তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তি

R News India 24