স্মৃতি শক্তি বৃদ্ধি, ডেঙ্গ’ ৰোগী, হৃদযন্ত্ৰৰ ৰোগ , ৰক্তসঞ্চালন , আমাশয় ,ডায়েৰীয়া বা অতিসাৰ ৰোগ, হাড়ৰ গঠন , গাথিৰ বিষ মাংসপেশীৰ বিষ ,ক’লেষ্ট্ৰল, ঘামচী ,খজুৱতী,
অৰ্থাৰাইটিচ আদি সমস্যাত ভুগি থাকিলে নাৰিকল খোৱাটো অতি প্ৰয়োজন।
নাৰিকল – ভিটামিন, খনিজ পদাৰ্থ, এণ্টি-অক্সিডেণ্টেৰে ভৰপূৰ।
নাৰিকল খালে পাচন ক্ৰিয়া আৰু হজমশক্তি বৃদ্ধি হয়।
বহুমুত্ৰ ৰোগীৰ বাবেও নাৰিকল উপকাৰী ।
নাৰিকল খালে দেহৰ ক’লেষ্ট্ৰল নিয়ন্ত্ৰনত থাকে।
জানো আহক নাৰিকলৰ উপকাৰিতাৰ বিষয়েঃ
1.হাড়ৰ গঠন , গাথিৰ বিষ মাংসপেশীৰ বিষ ,
অৰ্থাৰাইটিচ আদিৰ বাবে নাৰিকল নিয়মীয়াকৈ খোৱাতো অতি দৰকাৰ।
2. নাৰিকলে দেহৰ ক’লেষ্ট্ৰল নিয়ন্ত্ৰনত ৰাখে। দেহৰ অতিৰিক্ত ওজন কমায়।
3. মহিলাৰ গৰ্ভৱস্থাত নিয়মিত ২৫-৫০ গ্ৰামকৈ নাৰিকল আৰু এটাকৈ আমলখি বা ডালিম খোৱাতো সন্তান আৰু মাকৰ স্বাস্থ্যৰ বাবে দৰকাৰ।
4. ডেঙ্গ’ ৰোগী আমাশয় ,ডায়েৰীয়া বা অতিসাৰ ৰোগত ডাৱৰ পানী খালে সুফল পোৱা যায়।
5. ঘামচী ,খজুৱতী আদি হলে তিয়হৰ ৰস আৰু নাৰিকলৰ পানী সানিলে সুফল পোৱা যায়।
6. চুলিৰ বাবে নাৰিকল খোৱা আৰু মুৰত তেল ঘহাতো অতি প্ৰয়োজন।
চুলি সৰা ,ফটা , উফি , খজুৱতি বা অন্য যিকোনো সমস্যা হলে নাৰিকল তেলৰ লগত নেমু ৰস মিহলাই লগালে সুফল পোৱা যায়।
7. নাৰিকল খালে স্মৃতি শক্তি বৃদ্ধি হয়, মগজুৰ নিউৰন কোষ সক্ৰিয় হয় , মেধা শক্তি বাঢ়ে, স্বাস্থ্য অটুত ৰাখে , দেহ আতিল হয়।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
8. হৃদ যন্ত্ৰ , ৰক্ত সঞ্চালন , মাংসপেশীৰ কোষীকা আদিৰ ক্ৰিয়া সবল হয়।
9. নাৰিকল ৰক্তহীনতা বাবে উপকাৰী লগতে দেহত ভিতামিন ,আইৰন,হিম’গ্লবিন,কেলচিয়াম আদি পোষক দ্ৰব্যৰ অভাৱ দুৰ কৰে।
10. বৃক্ক বা কিডনীৰ ৰোগীসকলৰ বাবে নাৰিকল পানী অতি উপকাৰী।
11. মূত্ৰাশয় সম্পৰ্কীয় ৰোগত ভুগি থাকিলে নাৰিকল পানীয়ে যথেষ্ট সকাহ দিয়ে।
নাৰিকলৰ প্ৰয়োজনীয়তা আৰু লাভালাভৰ সম্বন্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে
“এচিয়া-পেচিফিক নাৰিকল সংস্থাই” প্ৰথমে ২০০৯ চনৰ ২ ছেপ্টেম্বৰত বিশ্ব নাৰিকল দিৱস উদযাপন কৰিছিল।
তেতিয়াৰে পৰা প্ৰতি বছৰে ২ ছেপ্টেম্বৰৰ দিনা এই দিৱস পালন কৰি অহা হৈছে।
নাৰিকলৰ প্ৰতিটো অংশ বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি।
গতিকে আহক আমি সকলোৱে নাৰিকল, নাৰিকলৰ পানী খাই বিভিন্ন বেমাৰৰ পৰা বাচি থাকো।
কাংকানকায়োম ৰ প্ৰতিবেদন R News India 24