অত্যধিক চিন্তা আৰু প্রকাশ কৰিব নোৱাৰা উত্তেজনা, খোৱা-বোৱা আৰু শৌচ-প্ৰসাৱ অনিমীয়া হ’লে, স্নায়বিক দুৰ্বলতা থাকিলে, মূৰত আঘাত পালে,গভীৰ চিন্তা-চৰ্চা, উদ্বেগ, ছাইনাছিইটিছ, চকুৰ অসুখ আদি থাকিলে আমাৰ মূৰৰ বিষ হয়।
মূৰৰ বিষ হ’লে কথা পাতিবলৈ বা কবলৈ অলপো ইচ্ছা নাযায়,কেতিয়াবা চটফটাই থাকিব লগীয়া হয়।
বিভিন্ন চিন্তাৰ ফলত মস্তিষ্ক উত্তেজিত হয় আৰু প্রয়োজনতকৈ অধিক তেজ মগজুলৈ প্রবাহিত হয় বাবেই মূৰৰ বিষ হয়।
মূৰৰ কৰোটিৰ মাংসপেশীও কঠিন হৈ উঠে আৰু বিষ বৃদ্ধি কৰে।
জানো আহক মূৰৰ বিষৰ পৰা আমি কেনেকৈ পৰিত্ৰান পাব পাৰোঃ
1. মূৰৰ বিষত জালুক আৰু পদিনাৰ চাহ খালে যথেষ্ট ভাল ফল পোৱা যায়।
2. আপেল কাটি লৈ লগত নিমখ সানি খালে মূৰৰ বিষ ভাল হয়।
3. কেইটামান লং কিছু সময় গৰম কৰি এখন ৰুমালত বান্ধি লৈ নাকৰ ওচৰত থৈ গোন্ধ লৈ থাকিলে মূৰৰ বিষৰ পৰা কিছু সকাহ পাব পাৰি।
4. মূৰৰ বিষ হ’লে কিছু সময়ৰ মূৰে মূৰে এগিলাচ পানী খালেও মূৰৰ বিষৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি।
5. পূৰৈশাকৰ পাতৰ বীজল মূৰত সানিলে মূৰৰ বিষৰ পৰা উপশম পাব পাৰি।
6. ব্ৰাহ্মী , মানিমুনি , কোমোৰাৰ গুটি আমলখি একেলগে চাটনি কৰি দিনে দুইবাৰ কৈ খালে সুফল পোৱা যায়।
7. পুৰাকলৰ ডিল জালুকৰ সৈতে ৰান্ধি খালে মূৰৰ বিষ ভাল হয়।
8. পচতীয়া পাত আৰু বকুল গছৰ গুটিৰ গোন্ধ ললেও মূৰৰ বিষ ভাল হয়।
9. এখন পৰিস্কাৰ কাপোৰ পানীত তিয়াই মূৰত কিছুসময় ৰাখি শুই দিলেও মূৰৰ বিষৰ পৰা কিছু উপশম পোৱা যায়।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
গতিকে এইকেইটা উপায়েৰে মূৰ বিষৰ পৰা সু-ফল লাভ কৰোঁ আহক।
News Editor Sangita Dutta Reports R News India 24