অভিৰুচি ক্ৰীড়া দিৱস, এচিয়ান গেমছত সোণৰ পদক আৰু অৰ্জুন বঁটাৰে সন্মানিত হোৱা প্ৰথমজন অসমীয়া ভোগেশ্বৰ বৰুৱাৰ জীৱন যাত্ৰা ।

Spread the love

আজি অভিৰুচি ক্ৰীড়া দিৱস অৰ্থাৎ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন।

অসম চৰকাৰে প্ৰতি বছৰে ৩ ছেপ্তেম্বৰত তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে।

১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখটো ক্ৰীড়া দিৱস হিচাবে পালন কৰা।

অভিৰুচি‘ নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া দিৱসৰ আৰম্ভনি হৈছিল৷

এই দিৱসত অসমৰ বিভিন্ন স্থানত দীৰ্ঘ দূৰত্বৰ দৌৰ আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰাৰ লগতে বিভিন্ন খেলত সফলতা লাভ কৰা খেলুৱৈসকলক সম্বৰ্দ্ধনা জনোৱা হয়৷

ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া।

তেখেত ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক আছিল
তেওঁৰ জন্ম হৈছিল ১৯৪০ চনৰ ৩ ছেপ্তেম্বৰত শিৱসাগৰত।

তেখেতে শিৱসাগৰতে শৈশৱ অতিবাহিত কৰিছিল।

পিতৃ আছিল ভদ্ৰেশ্বৰ বৰুৱা আৰু মাতৃ আছিল আইকন বৰুৱা

তেখেতে খালিকোট মহাবিদ্যালয়, মাদ্ৰাজ বিশ্ববিদ্যালয় চেন্নাই, নেশ্যনেল ইউনিভাৰচিটি অৱ আয়াৰলেণ্ড, ডাৱলিনত শিক্ষা গ্ৰহন কৰিছিল।

১৯৬৩ চনত নতুন দিল্লীত অনুষ্টিত হোৱা অল ইণ্ডিয়া অ’পেন এথলেটিকছ মিটাৰ ৰিলেত স্বৰ্ণ পদক লাভ কৰিছিল

১৯৬৪ চনত চণ্ডীগড়ত আয়োজিত ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগীতাত স্বৰ্ণ পদক

১৯৬৫ চনত বাংগালুৰুত অনুষ্টিত হোৱা ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগীতাত স্বৰ্ণ পদক

১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এচিয়ান গেমছত তেওঁ ৮০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰে

১৯৭০ চনত ষষ্ঠ এছিয়ান গেমছৰ ৪০০ মিটাৰ ৰিলেত ৰূপৰ পদক লাভ কৰে।

এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথমজন অসমীয়া।

১৯৬৬ চনত ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰে।

২০১৫ চনত লাচিত বঁটা আৰু ২০১৯ চনত অসম চৰকাৰে বীৰ চিলাৰায় বঁটা প্ৰদান কৰে।

১৯৬০ চনত বৰুৱাই ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ ই এম ই বিভাগত যোগদান কৰে।

বিভাগত যোগদান কৰাৰ পিছত তেওঁৰ জীৱনৰ গতিপথ ক্ৰমান্বয়ে সলনি হয়, ফুটবলৰ পৰিৱৰ্তে দৌৰাত মনোনিৱেশ কৰে।

তেখেতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা প্ৰতিযোগীতাত অংশগ্ৰহনৰ জৰিয়তে পদক লাভ কৰি ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

মানসিক দৃঢ়তা, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ ফলতেই পদক অৰ্জন কৰাৰ লগতে কেইবাটাও অভিলখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

সমগ্ৰ বিশ্বৰ আগত ক্ৰীড়া ক্ষেত্ৰখনত তেঁৱেই অসমৰ নাম প্ৰথমবাৰৰ বাবে উজ্বলাই তুলিলে।

অসমৰ ক্ৰীড়া জগতত তেখেতৰ নাম আৰু কৰ্ম সদায় অতুলনীয় হৈ থাকিব।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *