বিশিষ্ট শিক্ষাবিদ, এ’ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা প্ৰথম অসমীয়া মহিলা পদ্মশ্ৰী ইন্দিৰা মিৰিৰ জীৱন যাত্ৰা ।
অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ’ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা,পদ্মশ্ৰী বঁটা প্ৰাপ্ত, স্বাৱলম্বী, স্বাধীন তথা শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী আছিল ইন্দিৰা মিৰি।
যি সময়ত অসমৰ ছোৱালীয়ে হাইস্কুলত পঢ়াৰ সৌভাগ্যই হোৱা নাছিল, সেই কালছোৱাত ইন্দিৰা মিৰিয়ে স্কটিছ চাৰ্চ কলেজত ল’ৰাৰ সৈতে শিক্ষা গ্ৰহণ কৰি ১৯৩২ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
এই গৰাগী মহীয়ষী নাৰীয়ে সমাজৰ বিভিন্ন বাধা নিষেধ আৰু সমস্যাৰ মাজত নিজৰ এটা পৰিচয় গঢ়ি শিক্ষাৰ পোহৰ বিলাই এক নতুন সমাজ গঢ় দিছিল।
জানো আহক ইন্দিৰা মিৰিৰ জীৱনযাত্ৰাৰ বিষয়েঃ
ইন্দিৰা মিৰিৰ জন্ম হৈছিল ১৯১০ চনৰ বিজয়া দশমী তিথিত।
তেওঁৰ পিতৃ ৰায়বাহাদুৰ সোণাধৰ সেনাপতি।
তেওঁৰ ঘৰ আছিল শিৱসাগৰ জিলাৰ অৰ্জুনগুড়ি গাঁৱত।
পাছত তেওঁ শ্বিলঙত থাকিবলৈ লৈছিল।
সেই সময়ত শ্বিলঙত কোনো অসমীয়া মাধ্যমৰ বিদ্যালয় নাছিল।
সেয়ে ইন্দিৰা মিৰিয়ে প্ৰথমতে বঙালী মাধ্যমতহে শিক্ষাগ্ৰহণ কৰিছিল।
ইয়াৰ পিছত দেউতাকে ইন্দিৰা মিৰিক কলিকতাৰ বেথুন হাইস্কুলত নামভৰ্তি কৰাই দিয়ে।
তাৰ পৰাই সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ ১৯৩২ চনত তেওঁ স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
কলিকতা বিশ্ববিদ্যালয় ৰ পৰা ১৯৪৩ চনত তেওঁ বি টি ডিগ্ৰী লাভ কৰে আৰু ককায়েক এম পি মহেন্দ্ৰ পাল দাসৰ লগত দিল্লীত থাকিবলৈ লয়।
তেতিয়াৰ শিক্ষা মন্ত্ৰীৰ পৰামৰ্শক্ৰমে তেওঁ বিলাতত পঢ়িবলৈ যোৱাৰ সিদ্ধান্ত লয় আৰু সেইমতে ১৯৪৫ চনত ইন্দিৰা মিৰি এ’ডিনবাৰ্গ বিশ্ববিদ্যালয়ত বি.এড পঢ়িবলৈ যুক্তৰাজ্যলৈ যাত্ৰা কৰে।
তাৰপৰা বি এড ডিগ্ৰী লৈ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা শিক্ষক প্ৰশিক্ষণ বিষয়ত মানপত্ৰ লাভ কৰে।
১৯৪৭ চনত ইন্দিৰা মিৰি ভাৰতলৈ উভতি আহে।
তাৰ পিছতে ভাৰত চৰকাৰে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সীৰ অবিভক্ত লোকসকলৰ শিক্ষাৰ উন্নতিৰ কাৰণে শিক্ষা বিষয়া হিচাপে ইন্দিৰা মিৰিক নিয়োগ কৰে।
তেওঁ ১৯৪৭ চনৰ অক্টোবৰ মাহত শদিয়াত শিক্ষা বিষয়া হিচাপে যোগদান কৰে।
সেই সময়তে তেওঁ শদিয়াত এটা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে।
নেফাত চাকৰিত যোগদান কৰাৰ সময়ত সমগ্ৰ নেফা অঞ্চলত মাত্ৰ দুখন স্কুল আছিল।
১৯৫০ চনৰ ভূমিকম্পত শদিয়াকে ধৰি নেফাৰ বহুতো ঠাইৰ ক্ষয়-ক্ষতি হয়।
ইন্দিৰা মিৰিৰ নেতৃত্বত এই অঞ্চলসমূহত সাহায্য আগবঢ়োৱা হৈছিল।
১৯৫৭ চনত তেওঁ নেফাৰ পৰা গুছি আহে।
সেই সময়ছোৱাত তেতিয়ালৈকে নেফাত প্ৰায় ১০০০খন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
ইন্দিৰা মিৰিৰ সাহস, চাৰিত্ৰিক দৃঢ়তা, অভাৱনীয় কৰ্মস্পৃহা, তাৰোপৰি তেওঁৰ মমতাময়ী মাতৃৰূপ আৰু নিকা ভাৱমূৰ্তিয়ে নেফাৰ সহজ-সৰল মানুহবোৰক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল।
তাৰ পিছত ইন্দিৰা মিৰিয়ে যোৰহাটৰ বি টি কলেজত প্ৰতিষ্ঠাপক অধ্যক্ষ হিচেপে যোগদান কৰে।
১৯৬৮ চনত তাৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু গুৱাহাটীলৈ উভতি আহে।
গুৱাহাটীত তেওঁ বাণীকান্ত বি টি কলেজৰ অধ্যক্ষা হিচাপে নিযুক্ত হয়।
এই পদৰপৰা ১৯৮৭ চনত অৱসৰ লয় আৰু সমাজ কল্যাণ পৰিষদত সভানেত্ৰী হিচাপে যোগদান কৰে।
তেওঁ গুৱাহাটী কন্যা মহাবিদ্যালয়ৰো প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।
ইয়াৰ উপৰি তেওঁ দুটা কাৰ্যকালৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিল।
১৯৩২ চনত তেওঁৰ পিতৃ সোণাধৰ সেনাপতিৰ কথামতে ‘মহীচন্দ্ৰ মিৰি‘ৰ লগত বিবাহ পাশত আৱদ্ধ হয়।
মহীচন্দ্ৰ মিৰি “অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক বিষয়া” আছিল।
তেওঁলোকৰ দুটি সন্তান আছিল- উৎপল মিৰি আৰু মৃণাল মিৰি।
সৰুকালত তেখেতৰ নাম “মেৰেং” আছিল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসত লিখিছে।
মেৰেং ইন্দিৰা মিৰিৰ “জীৱনভিত্তিক উপন্যাস”।
১৯৭৭ চনত কেন্দ্ৰীয় চৰকাৰে ইন্দিৰা মিৰিক “পদ্মশ্ৰী” বঁটা।
১৯৭৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে “এ ডি লিট” উপাধি।
২০০৪ চনত অসম চৰকাৰে “শংকৰদেৱ” বঁটা প্ৰদান কৰে।
অসম চৰকাৰে ইন্দিৰা মিৰিৰ নামেৰে “ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন” আঁচনিৰ অধিনত এককালীন সাহাৰ্য প্ৰদান কৰে।
২০০৪ চনৰ ৪ ছেপ্তেম্বৰত ইন্দিৰা মিৰিৰ ৯৪ বছৰ বয়সত মৃত্যু হয়।
তেখেতৰ কৰ্মৰাজী আৰু সৃষ্টিৰাজী সমূহৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24