বৰ্তমান সময়ত সামাজিক প্ৰচাৰ মাধ্যমৰ বিৰূপ প্ৰভাৱৰ লগতে সমাজত প্ৰচলিত হৈ থকা অন্যান্য অন্ধবিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ অভিভাৱক সজাগতামূলক সভা।
বৰ্তমান সময়ত সকলোৱে কম বেচি পৰিমানে ফেচবুক, হোৱাটচেপ, ইনষ্টাগ্ৰাম, টুইটাৰ আদি প্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰোঁ।
বহুলোকে যোগাত্মক ভাৱে ব্যৱহাৰ কৰিছে যদিও একাংশ লোকে অনৈতিক বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱা পৰিলক্ষিত হৈছে।
সামাজিক প্ৰচাৰ মাধ্যমে আমাক যিমান খিনি সুবিধা প্ৰদান কৰিছে কিন্তু তাৰ বিপৰিতে আমাক বহুখিনি বিপদত পেলাব পাৰে বা ইতিমধ্যে উপযুক্ত সজাগতা বা ব্যৱহাৰৰ জ্ঞান নথকাৰ বাবে এই মাধ্যম সমূহৰ জৰিয়তে বহুলোক সৰ্বস্বান্ত হৈছে।
আজিৰ তাৰিখত আমি অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে চন্দ্ৰত বসবাস কৰাৰ কথা কৈ আছো যদিও এই একে সময়তে বহুলোকে অন্ধবিশ্বাসৰ কু-প্ৰভাৱৰ পৰা ওলাই আহিব পৰা নাই।
উদাহৰণস্বৰূপে- বৰ্তমান অসমৰ বিভিন্ন অঞ্চলত সোপাধৰাৰ নামত সংঘটিত হৈ থকা ঘটনাসমূহ।