বাঁহগাজত কি কি ঔষধি গুণ আছে আপুনি জানে নে ?

Spread the love

বাঁহগাজ হ’ল কম কেলৰি আৰু বেচি ফাইবাৰযুক্ত ঔষধি গুণসম্পন্ন খাদ্য।

বাঁহ গাজ কাৰ্বোহাইড্ৰেট, প্ৰটিন, ফেট, ডায়েটেৰী ফাইবাৰ, থায়ামিন,ৰাইবোফ্লেবিন, পাইৰিডক্সিন, পেন্টথনিক এচিড; ভিটামিন চি, ভিটামিন এ, ভিটামিন ই আৰু ভিটামিন কে, প’টেচিয়াম, চ’ডিয়াম, কেলচিয়াম, ক’পাৰ, আইৰণ, মেগনেচিয়াম, মেংগানিজ, ফচফ’ৰাচ, জিংক আৰু চেলেনিয়াম, বিটা-কেৰটিন আদিৰ ভৰপূৰ।

বাঁহ গাজৰ পৰা খৰিচা তৈয়াৰ কৰা হয়।

বাঁহ গাজৰ ঔষধি গুণ সমূহঃ

1. বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷

2.মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা আৰু প্ৰসৱৰ সমস্যাত বাঁহ-গাজ ৰান্ধি খালে সুফল পোৱা যায়।

3. বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টে শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায় কৰে।

4.বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধ আৰু ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে।

5.বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷

6.বাঁহ গাজত কেলৰি ,স্নেহ পদাৰ্থ কম থাকে বাবে ডায়েবেটিছ থকা লোকেও নিচিন্ত মনে খাব পাৰে l

7. বাঁহ গাজত আঁহৰ পৰিমাণ বেছি থাকে বাবে ই কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে l

8. ইয়াত থকা ভিটামিন চি আৰু বি স্বাস্থ্যৰ বাবে অতি উপকাৰী l

9. বাঁহ গাজ খালে পাকস্থলীৰ স্বাস্থ্য ভালে ৰাখে।

লগতে আৰু এটা কথা মনত ৰাখক গৰম পানীৰে নোধোৱাকৈ বাঁহ-গাজ কেতিয়াও সেৱন নকৰিব।
গৰল, থাইৰয়ডৰ টিউমাৰ আৰু হাইপোথাইৰইডৰ ৰোগীয়ে বাঁহ-গাজ খাব নাখাব।

 

গতিকে এনে খাদ্য খাই আমাৰ দেহ-মন সুস্থ কৰি ৰাখো আহক।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *