শিক্ষক দিৱস, বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন যাত্ৰা ।

Spread the love

আজি শিক্ষক দিৱস অৰ্থাৎ ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিন।

ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ একাধাৰে শিক্ষাবিদ, দাৰ্শনিক, ৰাজনীতিবিদ আছিল।

তেখেতৰ জন্মদিনটো সমগ্ৰ ভৰতবৰ্ষই “শিক্ষক দিৱস” হিচাপে আৰু শিক্ষক সকলৰ সন্মানাৰ্থে এই দিৱস পালন কৰে।

আজিৰ দিনটোত শিক্ষকসকলক সন্মান জনোৱাৰ কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়।

জ্ঞানৰ পোহৰ বিলাই দেশ আৰু সমাজৰ প্ৰতি দায়িত্বশীল ভূমিকা পালন কৰা এইজনা বিশ্ববৰেণ্য ব্যক্তিক শ্ৰদ্ধাৰে সোৱৰিছোঁ লগতে অসমৰ চুকে-কোনে থকা সমূহ শিক্ষাগুৰুলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।

জানো আহক ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণ দেৱৰ জীৱনযাত্ৰাৰ বিষয়েঃ
তেখেত জন্ম হৈছিল ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ তিৰুটানিত।

তেওঁ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম সীতামা আছিল। ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল।

তেখেতে ৮ বছৰ বয়সলৈকে তেওঁ পিতৃ-মাতৃৰ তত্ত্বাৱধানত শিক্ষা গ্ৰহন কৰিছিল।

ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুলত ভৰ্তি কৰে।

ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ চনলৈ ভেলোৰ কলেজ আৰু ১৯০৪ চনৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে।

আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণণে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ মাজত।

তেওঁ কোনটো বিষয়ত ‘অনাৰ্ছ’ হিচাপে ল’ব তাক লৈ ৰাধাকৃষ্ণণ কিছু দোমোজাত পৰে।

তেনে সময়তে সেই কলেজৰ পৰাই ‘দৰ্শন’ত অনাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণণক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে।

এই কিতাপ কেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায়, তাৰ পৰিণতিত তেওঁ দৰ্শনতে ‘অনাৰ্ছ’ লোৱাৰ সিদ্ধান্ত লয়।

ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়।

কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে।

মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণণৰ ‘Thesis’, ‘The Ethics of the Vedanta and its Material Presuppositon’, দৰ্শনক তেওঁৰ প্ৰথম গ্ৰন্থ হিচাপে ১৯০৮ চনত প্ৰকাশ পায়।

সেই সময়ত ৰাধাকৃষ্ণণৰ বয়স 20 বছৰ।

কিন্তু সেই বয়সতে ৰচিত তেওঁৰ এই গ্ৰন্থত ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ গভীৰতা পৰিলক্ষিত হয়।

১৯০৩ চনত ১৬ বছৰ বয়সত ‘শিৱাকামু‘ৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

তেতিয়া তেখেতৰ পত্নীৰ বয়স আছিল ১০ বছৰ।

তেখেত দৰ্শনৰ ১৯১৮-২১ চনলৈকে মহীশূৰ বিশ্ববিদ্যালয় ৰ অধ্যাপক।
১৯২১-৩১ চনলৈকে কলিকতা বিশ্ববিদ্যালয় ৰ অধ্যাপক আছিল।
১৯৪২ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয় ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য।

১৯৩২-৫২ চনলৈকে অক্সফৰ্ড বিশ্ববিদ্যালয় ৰ পূব ধৰ্ম আৰু নৈতিকতা বিষয়ৰ অধ্যাপক।

ইয়াৰ উপৰিও তেও মানচেষ্টাৰ কলেজত আপ্টন প্ৰৱক্তা।

চিকাগো বিশ্ববিদ্যালয় ৰ হাৰ্ৱেল তুলনামূলক ধৰ্মৰ প্ৰবক্তা।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাক্ষেত্ৰত ৰাধাকৃষ্ণণে পালন কৰা দায়িত্ব সমূহঃ

১৯৪৮ চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ অধ্যক্ষ।
১৯৪৮ চনত UNESCO ৰ কাৰ্যবাহী মণ্ডলীৰ অধ্যক্ষ।
১৯৫২ চনত UNESCO ৰ সভাপতি।
দৰ্শন কংগ্ৰেছত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি।
১৯৬২ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়।
ৰাজনীতিৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৫২-৫৬ চনলৈ আৰু ১৯৫৭-৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ আছিল।
১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে।

তেখেতৰ কেইখনমান দাৰ্শনিক ৰচনাঃ

1.ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰ্শন।
2. সমসাময়িক দৰ্শনত ধৰ্মৰ ৰাজত্ব।
3.মোৰ সত্যৰ সন্ধান (আত্মজীৱনী)।
4.গৌতম বুদ্ধ।
5.পূব ধৰ্ম আৰু পশ্চিমীয়া চিন্তা।
6.মহাত্মা গান্ধী।
7. ভাৰত আৰু চীন।
8. স্বাধীনতা আৰু সংস্কৃতি।
9. শিক্ষা, ৰাজনীতি আৰু যুদ্ধ।
10.জীৱনৰ আদৰ্শবাদী দৃষ্টিভংগী

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

সৰ্বেপল্লী ৰাধাকৃষ্ণণক ভাৰত স্বাধীন হোৱাৰ আগতে ব্ৰিটিছ চৰকাৰে ১৯৩১ চনত তেখেতক “নাইট” উপাধিৰে আৰু ১৯৫৪ চনত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ “ভাৰত ৰত্ন” সন্মানেৰে বিভূষিত কৰিছিল।

তেখেতে Templeton পুৰস্কাৰ লাভ কৰিছিল।

ৰাধাকৃষ্ণন আছিল Templeton পুৰস্কাৰ লাভ কৰা তৃতীয়জন ব্যক্তি।

তেখেতে অক্সফৰ্ড বিশ্ববিদ্যালয়ে ডি লিট উপাধি প্ৰদান কৰে।

ইয়াৰ ওপৰিও নোবেল বঁটাৰ বাবে ২৭ বাৰ, শান্তিৰ নোবেল বঁটাৰ বাবে ১১ বাৰ, সাহিত্য নোবেল বঁটাৰ বাবে ১৬ বাৰ মনোনিত হৈছিল।

তেখেতৰ সৃষ্টিৰাজী আৰু কৰ্মৰাজী সদায় অতুলনীয় হৈ থাকিব।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *