অসমৰ ভ্ৰাম্যমান নাটকৰ জনক “অভিনয়াচাৰ্য” ব্ৰজনাথ শৰ্মাৰ জীৱনযাত্ৰাঃ
ব্ৰজনাথ শৰ্মা
১৮৯৪ চনৰ ১৫ ছেপ্টেম্বৰ ত বৰপেটা জিলাৰ বজালী অঞ্চলৰ শিলা নামৰ গাঁৱত জন্ম হৈছিল ব্ৰজনাথ শৰ্মাৰ।
তেওঁ একাধাৰে অভিনেতা, নাট্যকাৰ আৰু অসমত সহ-অভিনয়ৰ বাটকটীয়া আছিল।
তেখেতৰ পিতৃ পদ্মনাথ আৰু মাতৃ নৰেশ্বৰী।
প্ৰবেশিকা পৰীক্ষা পাছ কৰি তেখেত গৌৰীপুৰৰ তাৰিণীপ্ৰিয়া চতুষ্পাঠীত নাম ভৰ্তি কৰে।
কিন্তু পঢ়া আধাতে এৰি ঘৰলৈ উভতি আহে।
তাৰপাছত ব্ৰিটিছ সেনা-বাহিনীত যোগ দি প্ৰথম বিশ্বযু্দ্ধত যুঁজ কৰিবলৈ যায়।
সেনা-বাহিনীত থকা সময়তে জৰ্জ নামে এগৰাকী ইংৰাজ ব্যক্তিৰ সম্পৰ্কলৈ আহি অভিনয়ৰ প্ৰতি ধাউতি উপজে।
১৯১৭ চনৰ পৰা ১৯২১ চনলৈ বছেৰাত থকা কালত তেখেতে নিয়মীয়াকৈ ‘ৱেষ্ট-বেংগল ড্ৰামাটিক ক্লাব‘ৰ নাটকত অভিনয় কৰিছিল।
১৯৩০ চনত ‘কহিনুৰ অপেৰা পাৰ্টি‘ গঢ়ি তোলা ব্ৰজনাথ শৰ্মাই অসমীয়া নাটকত সহ: অভিনয় আৰম্ভ কৰাৰ চিন্তা কৰে আৰু উপযুক্ত অভিনেত্ৰীত সন্ধান আৰম্ভ কৰে।
প্ৰায় একেসময়তে জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবি নিৰ্মানৰ বাবে অভিনেত্ৰী বিচাৰি ফুৰিছিল।
১৯৩০ চনৰ নৱেম্বৰ মাহত ডুমডুমাৰ মঞ্চত প্ৰথমে ব্ৰজনাথ শৰ্মাই ছয় গৰাকী অভিনেত্ৰীৰে সহ: অভিনয়ৰ সূত্ৰপাত ঘটাবলৈ সক্ষম হয়।
এই ছয়গৰাকী অভিনেত্ৰীৰ নাম আছিল: সৰ্বেশ্বৰী দাস, গোলাপী দাস, ফুলেশ্বৰী দাস, বিনোদা গগৈ, লাৱণ্য দাস আৰু শৈলবালা দেৱী।
১৯৩৬ চনত কহিনুৰ অপেৰা পাৰ্টি বন্ধ কৰি দি তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দিয়ে।
তেখেত বৰনগৰ কংগ্ৰছ সমিতিৰ উপ-সভাপতি আছিল।
ভাৰত ত্যাগ আন্দোলনৰ সময়ত শৰ্মাই অহিংস পন্থাৰ পৰা ফালৰি কাটি আহে আৰু বৰনগৰ বিমান বন্দৰ ধ্বংস আৰু সৰভোগ পুলিচ থানাৰ অগ্নিকাণ্ডত হাত উজান দিয়ে।
ইয়াৰ বাবে তেখেতে ১৯৪৩ চনত তিনি বছৰৰ বাবে জেললৈ যাবলগীয়া হয়।
জেলৰপৰা ওলাই তেখেতে ব্যৱসায়ত নামে।
১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছত তেখেতে কংগ্ৰেছৰ লগত সকলো সম্পৰ্ক ত্যাগ কৰি সমাজবাদী দলত যোগ দিয়ে।
এই দলৰ পৰাই তেখেতে ১৯৫২ চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰি পৰাজয় বৰণ কৰে।
তেখেতৰ নাটক সমূহঃ মনোমতী, কৰুণা, বৰ্জিতা,
উৰ্বশী, পতিতা।
আত্মজীৱনীঃ বিপ্লৱী ।
১৯৭৬ চনত বিশিষ্ট লেখক কনক চন্দ্ৰ শৰ্মাই ‘সাংস্কৃতিক‘ শীৰ্ষক এখন স্মৃতিগ্ৰন্থত প্ৰথমে ব্ৰজনাথ শৰ্মাক “অভিনয়াচাৰ্য” উপাধিৰে উল্লেখ কৰিছিল।
১৯৮৩ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে তেজপুৰৰ ‘অনামিকা যুৱ শিল্পী সমাজ‘এ আনুষ্ঠানিক ভাৱে তেখেতলৈ ‘অভিনয়াচাৰ্য‘ উপাধি প্ৰদান কৰে।
সাধাৰণ ৰাইজৰ মাজত তেখেত ‘ব্ৰজ ওষ্টাদ‘ হিচাপে বিখ্যাত আছিল।
১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত শ্বাস জনিত ৰোগত তেখেত মৃত্যু হয়।
১৯৮৬ চনৰ স্মৃতি দিৱসৰ দিনা ‘অনামিকা যুৱ শিল্পী সমাজে’ তেজপুৰ সাহিত্য সভা ভৱনৰ সম্মুখত ব্ৰজনাথ শৰ্মাৰ আবক্ষ মূৰ্তি স্থাপন কৰে।
এনে মহান ব্যক্তি সকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsinsia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24