প্ৰতিগৰাকী ব্যক্তিয়েই নিজৰ মুখখন নিমজ আৰু সতেজ কৰি ৰাখিব বিচাৰে৷
নিজকে সজাই -পৰাই ধুনীয়া কৰি ৰাখিবলৈ সকলোৱে বিচাৰো।
নিজকে ধুনীয়া কৰি ৰাখিবলৈ বহুতেই বজাৰত উপলব্ধ নামী-দামী বিভিন্ন ধৰনৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে৷
এই সামগ্ৰীবোৰত নানা ৰাসায়নিক উপাদান মিহলি হৈ থাকে আৰু যিয়ে আমাৰ ছালখনৰ যথেষ্ট অনিষ্ট সাধন কৰে৷
তাৰ উপৰি অত্যধিক মছলাযুক্ত খাদ্য গ্ৰহণ, ভজা-পোৰা খাদ্য আদিয়ে মুখৰ ছালখনত বিৰূপ প্ৰভাৱ পেলায়৷
আজি আমি জানো আহক কেইটামান ঘৰুৱা উপায়েৰে ক’লা দাগ আৰু শালমন ৰ পৰা নিৰাময় পোৱাৰ উপায় ।
ক) গাখীৰৰ সৰৰ লগত হালধি গুড়ি আৰু বেচনেৰে পেষ্ট প্ৰস্তুত কৰি মুখত সানিলে ক’লা দাগ সোনকালে নোহোৱা হয়৷
ছালখনৰ সৌন্দৰ্য আৰু সতেজতা বৃদ্ধিতো ই সহায় কৰে।
খ) এল’ভেৰাই মুখৰ ক’লা দাগ আঁতৰোৱাত যথেষ্ঠ সহায় কৰে।
গ) আমি খাবলৈ ব্যৱহাৰ কৰা চাহ অলপ গৰম পানীত চাকনিৰে চাকি সেই পানীখিনি অলপ অলপ কৈ কপাহত লগাই আপোনাৰ মুখত থকা ক’লা দাগ সমুহত লগাব পাৰে।
এনে কৰিলেও ক’লা দাগ সমুহ আতঁৰাত সহায় হয়।
ঘ) বিলাহী ও আমাৰ ছালৰ বাবে অতি উপযোগী।
ঘৰতে বিলাহীৰ পেষ্ট অলপ বনাই মুখত সানিলে ক’লা দাগ আঁতৰোৱাত সহায় হয়।
বিলাহীৰ পেষ্টটোৰ লগত যদি আপুনি দুটোপাল অলিভ অইল দি দিয়ে তেন্তে ই বেছি ক্ষিপ্ৰতাৰে কাম কৰে।
ঙ) মচুৰ দালিয়েও ক’লা দাগ আঁতৰোৱাত সহায় কৰে।
মচুৰ দালিৰ পেষ্ট বনাই মুখত সানিলে ক’লা দাগ আঁতৰে।
চ) বাহিৰত বেছিকৈ ঘুৰি ফুৰিলে ছাল ৰদত পুৰে।
তেজ পাতৰ ৰস আৰু পদিনাৰ ৰস মিশ্ৰণ কৰি ছালত লগালে , ৰদে পুৰা ছাল ভাল হয় আৰু ছাল নিমজ হয়।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
গতিকে, আজিৰ পৰা এনেদৰে ঘৰৰ চৌহদতে পোৱা সামগ্ৰীৰে আমি কম খৰচতে শৰীৰৰ যত্ন লৈ মানসিক আনন্দ লাভ কৰোঁ আহক।
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24