ঢেকীয়াত কি কি ভিটামিন আৰু কি ঔষধি গুণ আছে ?

Spread the love

ঢেকীয়াঃ অসমীয়া সমাজত অতি জনপ্ৰিয় শাক।

ঢেঁকীয়া, মাগুৰ মাছ আৰু ঔ টেঙাৰ জোলকনৰ সোৱাদেই সুকীয়া।

ঢেকীয়া- প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ আদিৰে ভৰপূৰ।

ঢেকীয়াক ইংৰাজী নাম Fiddlehead Fern আৰু বৈজ্ঞানিক নাম Diplazium eseculentum .

 

জানো আহক ঢেকীয়াৰ ঔষধি গুণসমূহঃ

1. ঢেকীয়াত প্ৰ’টিন, ভিটামিন আৰু খনিজ পদাৰ্থ আছে বাবে শৰীৰত যথেষ্ট পুষ্টি যোগায়।

2. ঢেকীয়াই লিভাৰৰ অসুখ নিৰাময় কৰে।

3. ঢেকীয়াই জণ্ডিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগ নিৰাময় কৰে।

4. ঢেকীয়াত থকা কেলচিয়াম, ফচফৰাছ থকাৰ বাবে হাড়ৰ গঠনত সহায়ক।

5. ঢেকীয়া মহিলাৰ স্তন ৰোগৰ বাবে অতিকৈ উপকাৰী।
প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱা আৰু মাতৃদুগ্ধৰ উন্নতি ঘটায়।

6. ঢেকীয়াই বক্ষৰোগ, কাঁহ, শ্বাসজনিত ৰোগ, হাওঁফাওঁৰ কৰ্কটৰোগ প্ৰতিৰোধ কৰে।

7. ঢেকীয়া ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

8. ঢেকীয়াই শক্তিবৰ্ধক আৰু যৌনদূৰ্বলতা আঁতৰাই।

9. ঢেকীয়া মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সনত উপকাৰী।

10. ঢেকীয়াই ফিটা পেলু নাশ কৰে।

11. ঢেকীয়াই কোষ্ঠকাঠিন্য দুৰ কৰে।

13. ঢেকীয়াই দৃষ্টিশক্তিৰ উন্নতি কৰে।

14. ঢেকীয়াত থকা পটিচিয়ামে উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে।

15. বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।

 

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

 

Leave a Reply

Your email address will not be published. Required fields are marked *