বনৌষধি গছৰ ৰজা মহানিমত কি কি গুণ আছে আৰু কি কি বেমাৰত ব্যৱহাৰ কৰা হয় ?
মহানিমত এযোডায়ৰাচিটিন নিম্বিন, নিম্বিডল, নিম্বডিন, চডিয়াম নিম্বিনেট, যেডুনিম, চেলাননিন, কেৱৰচেটিন আদি ৰাসায়নিক উপাদান থাকে।
মহানিম মানৱ দেহৰ ভেঁকুৰ,ভাইৰাচ আৰু বীজাণু ধংসকাৰী, পেলু প্ৰতিৰোধক, খৰ-খজুৱতি নাশক, গৰ্ভনিৰোধক, ডায়েবেটিজ প্ৰতিৰোধক, সংক্ৰমণহাৰক, বিষনাশক ৷
জানো আহক মহানিমৰ কি কি উপকাৰিতা আছেঃ
ক) মহানিমপাত চৰ্মৰোগৰ বাবে অতি উত্তম।
পুৱা ঠাণ্ডা পানীৰ সৈতে মহানিমপাত দুখিলাকৈ খালে চৰ্মৰোগৰ পৰা হাত সাৰিব পাৰি।
খ) মহানিমপাত দাঁতৰ বাবে উপকাৰী।
মহানিমপাতৰ গুড়ি বা ছালেৰে নিয়মিয়াকৈ দাঁত মাজিলে দাঁত মজবুত হয়।
গ) উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত মহানিমপাত উপকাৰী।
ঘ) মুখৰ দাগ, শালমইনা হ’লে মহানিমপাত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
ঙ) জণ্ডিচ আৰু এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মহানিমপাতৰ গুৰি পানীত মিহলাই খাব লাগে।
চ) মহানিমৰ পাতৰ গুড়ি আমলখি গুড়িৰ সৈতে মিহলাই খালে পিত্ত ৰোগ নিৰাময় হয়।
ছ) মহানিমৰ পাত খালে কৃ্মি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰা পৰিত্রাণ পাব পাৰি।
জ) মহানিমপাতে বসন্ত ৰোগ প্রতিৰোধ কৰিব পাৰে।
ঝ) মহানিমৰ পাত সিজাই সেই পানীৰে মূৰ ধুলে উফি নাইকিয়া হয়, চুলিবোৰ ভাল হয়, মূৰৰ ছালৰ ৰোগ নিৰাময় হয়।
ঞ) সকলো প্রকাৰৰ খৰ-খজুৱটি, ছালৰ ৰোগ আদি ৰোগত মহানিম গৰম পানীত সিজাই গা ধুলে এইবোৰ ৰোগৰ পৰা প্রৰিত্রাণ পোৱা যায়।
ট) মহানিমৰ ফুল বা কোমল পাত ভাজি খালে কুকুৰিকণা ৰোগ ভাল হয়।
ঠ) সকলো প্রকাৰৰ জ্বৰ, কাহ কফ হলে মহানিম পাতৰ আঞ্জা খালে ভাল হয়।
ড) তেজ বমি হ’লে বা এনে বদহজম হৈ বমি হ’লে মহানিম পাতৰ ৰস খালে বন্ধ হয়।
গতিকে আজিৰ পৰা মহানিম খায় এই বেমাৰ সমূহৰ পৰা বাছি থাকোঁ আহক।

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

