কি কাৰনে, কেনেকৈ গঠন কৰা হয় স্বায়ত্বশাসিত পৰিষদ ? বৰ্তমান অসমত থকা স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ সমূহৰ কি কি ক্ষমতা আছে ?

Spread the love
মিচিং স্বায়ত্বশাসিত পৰিষদৰ বিভিন্ন কাৰ্যসূচী সমূহৰ বিষয়ে জানি থাকিবলৈ চাঁই থাকিব কেৱল R News India 24 ৰ  MAC TODAY ধন্যবাদ।

স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ

অসমৰ স্বায়ত্বশাসিত পৰিষদ আৰু উন্নয়ন পৰিষদ সমূহৰ বিষয়ে প্রথমে কিছু কথা চমুকৈ জানিলওঁ আহক।

ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত কি কাৰনে কেনেকৈ গঠন কৰা হয় স্বায়ত্বশাসিত পৰিষদ।

ভাৰতত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰা স্বায়ত্বশাসিত অঞ্চল সমূহ সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত ক্ষমতা লাভ কৰে

সেইদৰে ৰাজ্যচৰকাৰেও জনজাতীয় লোক সকলৰ বাবে স্বায়ত্বশাসিত পৰিষদ গঠন কৰে।

জনজাতীয় লোকসকলৰ সামাজিক, আৰ্থিক, শৈক্ষিক, নৃগোষ্ঠীয় আৰু সাংস্কৃতিক উন্নয়নৰ বাবে এই পৰিষদ সমূহ গঠন কৰা হয়।

 

ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি অসমত মুঠ তিনিখন স্বায়ত্বশাসিত পৰিষদ আছে।
সেইকেইখন হল :-

১, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ।

২, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদ।

৩, বড়োভূমি ক্ষেত্ৰীয় পৰিষদ।

    অসম চৰকাৰে মুঠ ছয় খন স্বায়ত্বশাসিত পৰিষদ গঠন কৰিছে।
সেইকেইখন হ’ল :-

১, মিচিং স্বায়ত্বশাসিত পৰিষদ।

২, ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ।

৩, তিৱা স্বায়ত্বশাসিত পৰিষদ।

৪, দেউৰী স্বায়ত্বশাসিত পৰিষদ।

৫, ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদ।

৬, সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ।

ইয়াৰোপৰি অসম চৰকাৰে ৩৩ টা সম্প্ৰদায়ৰ বাবে ৩৩ খন উন্নয়ন পৰিষদ গঠন কৰিছে।

এই ৩৩ টা সম্প্ৰদায়ৰ আৰ্থসমাজিক উন্নয়ন, এই পৰিষদ সমূহৰ মূল লক্ষ্য উদ্দেশ্য।

ক্ষমতা আৰু দায়িতৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে এই পৰিষদ সমূহৰ বিভিন্ন উন্নয়ন মূলক কাৰ্য সমূহ সুবিধা কৰি দিয়া হৈছে।

অসম চৰকাৰৰ বিভিন্ন উন্নয়ন মূলক আঁচনি আৰু প্ৰকল্পসমূহ নিজ নিজ পৰিষদৰ পৰিষদীয় সমষ্টিত সুচাৰুভাৱে ৰূপায়ণ কৰাই হৈছে এই পৰিষদ সমূহৰ অন্যতম উদ্দেশ্য।

 

এতিয়া জানোঁ আহক মিচিং স্বায়ত্বশাসিত পৰিষদ ৰ বিষয়ে।

মিচিং স্বায়ত্বশাসিত পৰিষদ অসম চৰকাৰৰ দ্বাৰা গঠন কৰা এক স্বায়ত্বশাসিত পৰিষদ।

মিচিং জনগোষ্ঠীৰ উন্নয়ন আৰু স্বায়ত্ব শাসনৰ বাবে অসম চৰকাৰে ১৯৯৫ চনত এই পৰিষদ গঠনৰ অধিসূচনা জাৰি কৰিছিল যদিও ২০০৫ চনত হে অসম চৰকাৰে এই পৰিষদ গঠন কৰে

মিচিং জনজাতিৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়ন ৰ বাবে এই পৰিষদে কাম কৰে।

উল্লেখযোগ্য যে মিচিং স্বায়ত্বশাসিত পৰিষদত ভাৰতীয় নিৰ্বাচন আয়োগৰ অধীনত প্ৰথম বাৰৰ বাবে ২০১৩ চনত নিৰ্বাচন অনুষ্ঠিত কৰা হয়, আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰে মিচিং স্বায়ত্বশসিত পৰিষদ পৰিচালিত হৈ আছে।

মিচিং স্বায়ত্বশাসিত পৰিষদত বৰ্তমান ৩৬ খন পৰিষদীয় সমষ্টি আছে।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ বৰ্তমান মুখ্য কাৰ্য্যবাহী সদস্য শ্ৰী পৰমানন্দ চায়েঙীয়া ।

 

মিচিং স্বায়ত্বশাসিত পৰিষদে বৰ্তমান কি কি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে জানোঁ আহক।

১. জীৱন জিৱিকা মিচনৰ অধিনত ৰূপায়ণ কৰি থকা বিভাগ আৰু বিষয় সমূহ:-
ক/ কৃষি।
খ/ উদ্যান শস্য।
গ/ হস্ততাঁত বস্ত্ৰ শিল্প।
ঘ/ পশুপালন, পশুচিকিৎসা।
ঙ/ মীন পালন।
চ/ ব্যক্তিগত দক্ষতা বিকাশ ।
ছ/ ঘৰুৱা উৎপাদন ( GDP ) আৰু ব্যক্তিগত উৎপাদনৰ সাৰ বৃদ্ধি কৰা।
জ/ কুটীৰ শিল্প।

২. শিক্ষা বিভাগৰ আঁচনিৰ অধিনত মেধা ছাত্ৰ-ছাত্ৰী আৰু উচ্চ শিক্ষাৰ বাবে “টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনি” আৰু “শিক্ষা সাৰথি” নামেৰে ৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকা আৰ্থিক সাহাৰ্য, বিদ্যালয় গৃহ নিৰ্মাণ, অত্যাৱশ্যকীয় অত্যাধুনিক সামগ্ৰী যোগান ধৰাৰ লগতে বিদ্যালয় চাৰিসীমাৰ ডেৱাল নিৰ্মাণ, খেলপথাৰ নিৰ্মাণ আদি ব্যৱস্থা প্ৰদান কৰা ।

লগতে পৰিষদৰ প্ৰতিখন সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ কেৰিয়াৰ কাউঞ্চেলিঙৰ ব্যৱস্থা ।

৩. স্বাস্থ্য বিভাগৰ দ্বাৰা “স্বাস্থ্য সাৰথি আঁচনি” নামেৰে জটিল ৰোগত আক্ৰান্ত ৰোগীসকললৈ ১০ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত আৰ্থিক সাহাৰ্য, লগতে পৰিষদৰ অন্তৰ্গত স্বাস্থ্য কেন্দ্ৰ সমূহ নৱীকৰণৰ ব্যৱস্থা প্ৰদান কৰা ।

৪. সাংস্কৃতিক বিভাগৰ দ্বাৰা খিলঞ্জীয়া আৰু জনজাতীয় লোকশিল্পী, অভিনেতা অভিনেত্ৰী, পুতলা নাচ আদি বিভিন্ন শিল্পীসকললৈ আৰ্থিক সাহাৰ্য ১০ হাজাৰৰ পৰা ৫০ হাজাৰ পৰ্যন্ত।

ইয়াৰ উপৰিও বিভিন্ন বাদ্য যন্ত্ৰ যোগান ধৰাৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত শিল্পী সকললৈ চিকিৎসাৰ ব্যৱস্থা প্ৰদান কৰা।

৫. ক্ৰীড়া বিভাগৰ দ্বাৰা “ক্ৰীড়া সাৰথি আঁচনি” নামেৰে কৃতি খেলুৱৈ সকললৈ ৫ হাজাৰৰ পৰা ১ লাখ পৰ্যন্ত আৰ্থিক সাহাৰ্য প্ৰদান কৰা।

খেল পথাৰ নিৰ্মান, খেলুৱৈ সকললৈ অত্যাৱশ্যকীয় ক্ৰীড়া সামগ্ৰী বিতৰণৰ ব্যৱস্থা।

ইয়াৰ উপৰিও পৰিষদৰ অন্তৰ্গত উদীয়মান ফুটবল খেলুৱৈ সকলক ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খেলাৰ সুবিধা হোৱাকৈ প্ৰশিক্ষনমূলক ভাৱে প্ৰতি বছৰে MAC SL নামেৰে এক বিশেষ ফুটবল প্ৰতিযোগীতা ৰূপায়ন কৰি আহিছে।

৬. দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা “দুৰ্যোগ সাৰথি” আঁচনিৰ অধিনত বিভিন্ন দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াললৈ ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত আৰ্থিক সাহাৰ্য প্ৰদান কৰা ।

 

৭. মিচিং জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি সকলৰ সৃষ্টি ৰাজিক সংৰক্ষণ, প্ৰচাৰ-প্ৰসাৰ আৰু নৱ প্ৰজন্মই এওঁলোকৰ বিষয়ে গৱেষণাৰ সুবিধাৰ হকে পৰিষদে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ।

কাৰ্য্যসূচী:- টাবুৰাম টাইড, সূৰ্যকুমাৰ চিন্তে, কমলা মিৰি, তৰুনচন্দ্ৰ পামেগাম, দীৰাম কুম্বাঙৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ লগতে এই মহান ব্যক্তিত্বৰ মনীষী সকলৰ সৃষ্টিৰাজী প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা ইতিমধ্যে সম্পন্ন কৰা হৈছে।

 

৮. মিচিং স্বায়ত্ব শাসিত পৰিষদৰ বন বিভাগৰ দ্বাৰা অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক বিষয়া “মহিচন্দ্ৰ মিৰিৰ” নামেৰে নামাকৰণ কৰি “মহিচন্দ্ৰ মিৰি সামাজিক বনানিকৰণ” নামে এক বিশেষ আঁচনি ৰূপায়ন কৰি আহিছে।

এই আঁচনিৰ জৰিয়তে বিদ্যালয়, মহাবিদ্যালয় চৌহদ আৰু ৰাজহুৱা ভূমিত বৃক্ষ ৰোপন কৰা হয়।

ইতিমধ্যে পৰিষদে বিভিন্ন অঞ্চলত এই কাৰ্যসূচী ৰূপায়ন কৰিছে।

৯. পৰিষদৰ অন্তৰ্গত নৈ পৰীয়া ৰাইজৰ জলন্ত সমস্যা বান, গৰাখহনীয়াৰ প্ৰতি পৰিষদে বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে।

ইতিমধ্যে পৰিষদৰ জলসম্পদ বিভাগৰ দ্বাৰা বিভিন্ন বানাক্ৰান্ত অঞ্চলত গৰখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহন কৰিছে।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ স্বাক্ষৰ বহন কাৰি প্ৰকল্পৰ অধীনত বৰ্তমানলৈ কি কি প্ৰকল্পৰ কাম কৰা হৈছে ?

কাৰ্য্যসূচী:-
মিচিং জনগোষ্ঠীৰ বিভিন্ন জাতীয় সমস্যা সমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও স্থানত বহুমুখী অত্যাধুনিক প্ৰকল্প গ্ৰহন কৰিছে মিচিং স্বায়ত্বশাসিত পৰিষদে।

যেনে :- অতিথি শালা, RLRC গোগামুখ (নিৰ্মান সম্পন্ন হৈছে)।

আবুটানী অতিথি শালা, চিলাপথাৰ (নিৰ্মান সম্পন্ন হৈছে)।

মিচিং ভৱন, বোকাখাত (৯০% নিৰ্মান সম্পন্ন হৈছে)।

মিচিং ভৱন, শদিয়া (৯০% নিৰ্মান সম্পন্ন হৈছে)।

দঃঞি পল সাংস্কৃতিক প্ৰকল্প, চিলাপথাৰ (নিৰ্মীয়মান অৱস্থাত আছে)।

ৰাজহুৱা প্ৰেক্ষাগৃহ, জোনাই (নিৰ্মীয়মান অৱস্থাত আছে)।

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অতিথি শালা, চিমেন চাপৰি (নিৰ্মীয়মান অৱস্থাত আছে)।

অতিথি শালা, লখিমপুৰ (৯০% নিৰ্মান সম্পন্ন হৈছে)।

মিচিং ভৱন, গহপুৰ (৮০% নিৰ্মান সম্পন্ন হৈছে)।

মিচিং ভৱন, গুৱাহাটী (নিৰ্মীয়মান অৱস্থাত আছে)।

এই আঁচনি বা কাৰ্যসূচী সমুহৰ উপৰিও মিচিং স্বায়ত্বশাসিত পৰিষদে মিচিং জনগোষ্ঠীৰ ধৰ্ম, ক’লা-সংস্কৃতি, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশটো বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিছে ।।

 

এতিয়া জানোঁ আহক স্বায়ত্বশসিত পৰিষদৰ ক্ষমতাৰ বিষয়ে ।

বিধিবদ্ধ স্বায়ত্বশাসিত পৰিষদসমূহক ৩৪টা বিষয়ত কাৰ্যনিৰ্বাহী ক্ষমতা আৰু কাৰ্যাৱলী প্ৰদান কৰা হৈছে।

১) কুটিৰ শিল্প।
২) ৰেচমশিল্প।
৩) পশুপালন আৰু পশুচিকিৎসা।
৪) কৃষি।
৫) গ্রামীণ পথ আৰু সেঁতু।
৬) সংৰক্ষিত বনাঞ্চলৰ বাহিৰে আন বনাঞ্চল।

৭) শিক্ষা :-

ক) প্ৰাপ্তবয়স্ক শিক্ষা।

খ) প্ৰাথমিক শিক্ষা।

গ) বৃত্তিমূলক প্ৰশিক্ষণৰ সৈতে উচ্চ মাধ্যমিক শিক্ষা।

৮) সাংস্কৃতিক বিষয়।

৯) ভূমি সংৰক্ষণ

১০) সমবায়।

১১) মীনপালন।

১২) পঞ্চায়ত আৰু গ্রাম্য উন্নয়ন

১৩) হস্ততাঁত আৰু বস্ত্ৰশিল্প

১৪) জনস্বাস্থ্য কাৰিকৰী খোৱা পানী।

১৫) লঘূ জলসিঞ্চন।

১৬) সমাজ কল্যাণ।

১৭) গাঁওসমূহৰ সুৰক্ষাৰ বাবে বান নিয়ন্ত্ৰণ আঁচনি (উচ্চ প্ৰযুক্তিসম্পন্ন নহয়)।

১৮) ক্ৰীড়া আৰু কল্যাণ।

১৯) ওজন আৰু মাপ।

২০) পুথিভঁৰাল সেৱা।

২১) সংগ্ৰহালয় আৰু পুৰাতত্ব।

২২) নগৰ উন্নয়ন।

২৩) নগৰ আৰু দেশ পৰিকল্পনা।

২৪) জনজাতি গৱেষণা।

২৫) ভূমি আৰু ভূমি ৰাজহ (কোনো প্ৰকাৰৰ ভূমি আবন্টন বা বন্দোবস্ত কাৰ্যনিৰ্বাহী পৰিষদৰ অনুমতি অবিহনে পৰিষদৰ এলেকাত কৰা নহ’ব)।

২৬) প্ৰচাৰ আৰু জনসংযোগ।

২৭) পর্যটন।

২৮) পৰিবহণ।

২৯) নগৰপালিকা, উন্নয়ন ন্যাস।

৩০) জিলা সমিতি আৰু গ্রাম্য প্ৰশাসনৰ অন্যান্য স্থানীয় স্ব-শাসিত সমিতি।

৩১) জনজাতি কল্যাণ।

৩২) বজাৰ আৰু প্ৰদৰ্শনী, লটাৰী খেল।

৩৩) থিয়েটাৰ, পৰিবেশ্য ক’লা আৰু চিনেমা।

ইয়াৰোপৰিও গুৰুত্বপূৰ্ণ পৰিসংখ্যাসমূহ যেনে জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন, খাদ্য আৰু অসামৰিক যোগান এই বিভাগসমূহ সামৰি অনুসূচিত উপজাতিসমূহৰ উন্নয়নৰ হকে বিভিন্ন কাৰ্যসূচী হাতত লব পাৰে।

 

অসম চৰকাৰে ৩৩ টা সম্প্ৰদায়ৰ বাবে গঠন কৰা উন্নয়ন পৰিষদ সমূহ হৈছে:-

১, মৰাণ উন্নয়ন পৰিষদ।

২, মটক উন্নয়ন পৰিষদ।

৩, মৰিয়া উন্নয়ন পৰিষদ।

৪, মাইমল উন্নয়ন পৰিষদ।

৫, গোৰ্খা উন্নয়ন পৰিষদ।

৬, চুতীয়া উন্নয়ন পৰিষদ।

৭, নাথ যোগী উন্নয়ন পৰিষদ।

৮, কোঁচ ৰাজবংশী উন্নয়ন পৰিষদ।

৯, আদিবাসী উন্নয়ন পৰিষদ।

১০, বিষ্ণুপুৰীয়া মণিপুৰী উন্নয়ন পৰিষদ।

১১, মেছ কছাৰী উন্নয়ন পৰিষদ।

১২, মণিপুৰী উন্নয়ন পৰিষদ।

১৩, টাই আহোম উন্নয়ন পৰিষদ।

১৪, চিংফৌ (মান টাই) উন্নয়ন পৰিষদ।

১৫, আমৃ কাৰ্বি উন্নয়ন পৰিষদ।

১৬, সাধাৰণ জাতি উন্নয়ন পৰিষদ।

১৭, শৰণীয়া কছাৰী উন্নয়ন পৰিষদ।

১৮, চাহ জনজাতি উন্নয়ন পৰিষদ।

১৯, অনুসূচীত জাতি উন্নয়ন পৰিষদ।

২০, চাউদাং উন্নয়ন পৰিষদ।

২১, বৰাক উপত্যকা পাৰ্বত্য জনজাতি উন্নয়ন পৰিষদ।

২২, মদাহী উন্নয়ন পৰিষদ।

২৩, কুমাৰ উন্নয়ন পৰিষদ।

২৪, হাজং উন্নয়ন পৰিষদ।

২৫, গৰীয়া উন্নয়ন পৰিষদ।

২৬, চুট উন্নয়ন পৰিষদ।

২৭, বৰ্মন কছাৰী উন্নয়ন পৰিষদ।

২৮, কাৰ্বি আংলঙৰ বাহিৰে আন ঠাইত বাস কৰা কাৰ্বি মানুহৰ বাবে আমৰি কাৰ্বি উন্নয়ন পৰিষদ।

২৯, হিন্দীভাষী উন্নয়ন পৰিষদ।

৩০, বাংলাভাষী উন্নয়ন পৰিষদ।

৩১, জ্বলহা উন্নয়ন পৰিষদ।

৩২, কলিতা উন্নয়ন পৰিষদ।

৩৩, ব্ৰাহ্মণ উন্নয়ন পৰিষদ।

প্ৰতিখন উন্নয়ন পৰিষদত ১৫ জনৰ পৰা ২৫ জন সদস্য আৰু এজন অধ্যক্ষ থাকে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

শিৰোমণি দলে ৰ বিশেষ প্ৰতিবেদন R News India 24

Visit Our Website www.rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *