পাচলিৰ ৰজা আলুৰ কি কি গুণ আছে ? আলু কিয় চকু বা ছালত লগাব লাগে ? কি ৰোগৰ ৰোগীয়ে আলু খাব নালাগে ?

Spread the love

আলু প্ৰায় মানুহৰে প্ৰিয়।
অৱশ্যে মোৰো প্ৰিয় ন’হলেই নহয়।

আলু গুতি

আলুত প্ৰটিন, কাৰ্বোহাইড্ৰেট,
কেলছিয়াম, ফছফোৰাছ, লৌহ পদাৰ্থৰে ভৰপূৰ।

আলুৰ বৈজ্ঞানিক নাম হৈছে- Solanum tubarosum

আলু আয়ুসবৰ্ধক, বায়ুবৰ্ধক, পাচন প্ৰণালীৰ শক্তিবৃদ্ধিকাৰক, ধাতু বৰ্ধক, চৰ্বি আৰু দেহৰ মেদবৰ্ধক, ৰক্তপিত্তনাশক, মল-মূত্ৰ প্ৰৱৰ্তক, কফ আৰু বাতবৰ্ধক।

জানো আহক আলু আমাৰ দেহৰ বাবে কিমান উপকাৰিঃ

1. কৰ্কট ৰোগৰ পৰা ৰক্ষা পাবলৈ আলুৰ বাকলি সেৱন কৰক। ইয়াত প্ৰচুৰ পৰিমাণে ফাইটোকেমিকেল থাকে।

আলু

2. আলুৰ বাকলিত কেলচিয়াম, খনিজ পদাৰ্থ থাকে বাবে হাড় শক্তিশালী কৰে আৰু হাড়ৰ ঘনত্ব বৃদ্ধি কৰে।

3. আলু উচ্চ ৰক্তচাপ বাবে উত্তম।

4. আলুত থকা ফাইবাৰে হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে।

5. আলুত থকা ফাইবাৰে কলেষ্টেৰল কমোৱাত সহায় কৰে।

6. আলুত থকা আলফা লিপ’য়িক এচিড আৰু কো-এনজাইমে মানসিক ৰোগৰ সম্ভাৱনা কমায়।

7. আলুত থকা ফাইবাৰে খাদ্য সহজে হজম কৰে, ডায়েৰিয়া ৰোধ কৰে, শৌচ খোলোচা কৰে।

8. পাথৰ হোৱা ৰোগীয়ে আলুৰ সৈতে পানী বেছিকৈ খাব লাগে।

10. আলুৱে ছালৰ ৰং উজ্জ্বল কৰি ৰাখে।Solanum tubarosum
চকুৰ ক’লা দাগ আলুৰ প্ৰয়োগে আঁতৰ কৰিব পাৰে।
শালমইনা, ক’লা দাগ, চানবান আদিৰ বাবে আলু উত্তম।

12. আলু খালে এলার্জি আৰু চৰ্মৰোগ ভাল হয়।

13. ক্ষীণ দেহৰ লোকে আলু খাই নিজৰ ওজন বৃদ্ধি কৰিব পাৰে।

14. আলুৱে ইলেক্ট্ৰলাইট সন্তুলিত ৰাখে।
মাংসপেশীৰ সংকোচন হ’বলৈ নিদিয়ে আৰু সোনকালে শক্তি যোগায়। Solanum tubarosum

15. আলুত থকা ক্ষাৰকীয় উপাদানে তেজৰ ইউৰিক এচিডৰ পৰিমাণ কম কৰে।

16. অম্লপিত্ত ৰোগীৰ বাবে আলু উপকাৰী।

17. কেঁচা আলু পিহি পোৰা অংশত লগালে পোৰণি প্ৰশমিত হয় আৰু ঘা সোনকালে শুকায়।

 

আহক আজিৰ পৰা আলু খাই শৰীৰটো ভালে ৰাখো।

দেহ ভালেই মন ভাল।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *