3. “সাংবাদিকক অপমান কৰা বন্ধ কৰক।”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই সকীয়নি AJP ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।
এক সংবাদমেল সংবোধন কৰি এই মন্তব্য কৰিলে লুৰীণজ্যোতি গগৈ এ ।
9. আজি উমৰাংছ’স্থিত গৰমপানী হাইস্কুলৰ নৱনিৰ্মিত ১০০খন আসনযুক্ত ছাত্ৰীনিৱাসটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা, পুথিভঁৰালকে ধৰি বিভিন্ন সুবিধাৰে সমৃদ্ধ এই ছাত্ৰীনিৱাসটো ২০২১-২২ বৰ্ষৰ পি এম কে কে কে যোজনাৰ অধীনত প্ৰায় ১ কোটি ৯০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে৷
10. নিজ দেশতে বিলুপ্তিৰ পথত সংস্কৃত ভাষা।
আৰ টি আইৰ এক বিশেষ তথ্যত চিন্তিত ভাষাবিদসকল । আগ্ৰাৰ কালিবাৰীৰ বাসিন্দা সমাজকৰ্মী ড° দেৱাশীষ ভট্টাচাৰ্যই আৰ টি আইত সংস্কৃত ভাষা সম্পৰ্কে ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যালয়ৰ ভাষা বিভাগৰ পৰা তথ্য বিচাৰিছিল।
ইয়াৰ উত্তৰত মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ গৱেষণা বিষয়া ড° নক্কিৰাৰে কৈছে যে যোৱা ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশত সংস্কৃত ভাষাভাষীৰ সংখ্যা ২৪,৮২১ অৰ্থাৎ মুঠ জনসংখ্যাৰ অনুপাতে ০.০০২ শতাংশ।
11. আপোনালোকক চাগে নদীবান্ধ নালাগে’
‘আমাক নদীবান্ধ লাগিবই, কাৰণ আমাক কাৰেন্ট লাগিব’ ‘কিবা যদি ভূল আছে সেইবোৰ দূৰ কৰিব লাগিব’ NHPC সন্দৰ্ভত পীয়ূষ হাজৰিকাৰ এই মন্তব্য ।