৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
Rnewsindia24.com September 28/2022 :-

1. আজি কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ ওপজা দিন।
তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই অযোধ্যাত ৪০ ফুট উচ্চতাৰ বীণা উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।
বীণাখন নিৰ্মাণ কৰিবলৈ দুমাহ সময় লাগিছিল পদ্মশ্ৰী বঁটা বিজয়ী ৰাম সুতাৰৰ। লতা মংগেশকাৰ

 

2. ভাৰতত ৫ বছৰৰ বাবে নিষিদ্ধ PFI – কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক আদৰণি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
‘কা’ আন্দোলন, গৰখুটীৰ উচ্ছেদত PFI ৰ হাত আছিল।
PFIৰ সক্ৰিয় কৰ্মীসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে নিৰ্দেশ দিছো বুলি গুৰুত্বপুৰ্ন ঘােষনা মুখ্যমন্ত্রী গৰাকীয়ে।

3. “সাংবাদিকক অপমান কৰা বন্ধ কৰক।”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই সকীয়নি AJP ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।
এক স‍ংবাদমেল সংবোধন কৰি এই মন্তব্য কৰিলে লুৰীণজ্যোতি গগৈ এ । লুৰীণজ্যোতি গগৈ

5. উন্নয়নৰ নামত মন্ত্ৰী অজন্তা নেওগৰ সমষ্টিত বনধ্বংস।
গোলাঘাট নগৰৰ মাজমজিয়াত বৃহৎ গছ কাটি তহিলং কৰিছে।
গছ কটা কাৰ্যৰ বিৰোধিতা খোদ শাসকীয় দলৰ সৰু পথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু খুমটাইৰ বিধায়ক মৃনাল শইকীয়াৰ।

6. অৱশেষত আজি ভাংগাৰ PFI কাৰ্যালয় ছীল কৰিলে আৰক্ষী প্ৰশাসনে।
বদৰপুৰ আৰক্ষীয়ে স্থানীয় দণ্ডাধীশ তথা বদৰপুৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত ছীল কৰে কাৰ্যালয়টো।
দেশ জুৰি PFIৰ বিৰুদ্ধে চলোৱা অভিযানত কৰিমগঞ্জৰ ভাংগা এলাকাৰ লামাজুৱাৰ গাঁৱৰ বজলুল কৰিম নামৰ এজন সদস্যক আটক কৰিছিল।
বজলুল কৰিমে কেইবা বছৰ ধৰি ভাংগাৰ এই কাৰ্যালয়ৰ অধীনত কাম কৰি আছিল।

7. অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত NK(UB) মিঞাচান্দ আলীক ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ে ।

8. ‘কংগ্ৰেছে কয় ভাৰত জোৰো, মানুহে কৈছে কংগ্ৰেছ ছোৰো।’ মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই।

9. আজি উমৰাংছ’স্থিত গৰমপানী হাইস্কুলৰ নৱনিৰ্মিত ১০০খন আসনযুক্ত ছাত্ৰীনিৱাসটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা, পুথিভঁৰালকে ধৰি বিভিন্ন সুবিধাৰে সমৃদ্ধ এই ছাত্ৰীনিৱাসটো ২০২১-২২ বৰ্ষৰ পি এম কে কে কে যোজনাৰ অধীনত প্ৰায় ১ কোটি ৯০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে৷

10. নিজ দেশতে বিলুপ্তিৰ পথত সংস্কৃত ভাষা।
আৰ টি আইৰ এক বিশেষ তথ্যত চিন্তিত ভাষাবিদসকল । আগ্ৰাৰ কালিবাৰীৰ বাসিন্দা সমাজকৰ্মী ড° দেৱাশীষ ভট্টাচাৰ্যই আৰ টি আইত সংস্কৃত ভাষা সম্পৰ্কে ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তৰ কাৰ্যালয়ৰ ভাষা বিভাগৰ পৰা তথ্য বিচাৰিছিল।
ইয়াৰ উত্তৰত মহাপঞ্জীয়কৰ কাৰ্যালয়ৰ গৱেষণা বিষয়া ড° নক্কিৰাৰে কৈছে যে যোৱা ২০১১ চনৰ লোকপিয়ল অনুসৰি দেশত সংস্কৃত ভাষাভাষীৰ সংখ্যা ২৪,৮২১ অৰ্থাৎ মুঠ জনসংখ্যাৰ অনুপাতে ০.০০২ শতাংশ।

11. আপোনালোকক চাগে নদীবান্ধ নালাগে’
‘আমাক নদীবান্ধ লাগিবই, কাৰণ আমাক কাৰেন্ট লাগিব’ ‘কিবা যদি ভূল আছে সেইবোৰ দূৰ কৰিব লাগিব’ NHPC সন্দৰ্ভত পীয়ূষ হাজৰিকাৰ এই মন্তব্য ।

12. আজি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই ঢকুৱাখনা বিধানসভা সমষ্টিৰ খেৰকটা পঞ্চায়তৰ টাকাৰচুক অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
ৰাইজৰ জীৱন-সম্পত্তিৰ সুৰক্ষাৰ বাবে অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে।

13. ৰাষ্ট্ৰীয় পৰ্যায়ত জাগীৰোডৰ হৰকুমাৰ দাসে লাভ কৰিলে ৰ’য়েল মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ।

14. শোৱাপাটিতেই পত্নীয়ে হত্যা কৰিলে নেকি বৰপথাৰৰ চম্পকক।
গোলাঘাটৰ বৰপথাৰৰ শেনচোৱা গাঁৱৰ চম্পক গগৈৰ ডিঙিত চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই অঞ্চলটোত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰ পিছতেই গাওঁবাসীৰ অভিযোগ, চম্পকক হত্যা কৰা হৈছে।
পত্নীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনিছে চুবুৰীয়াই। চম্পক সন্দিকৈৰ মৃতদেহ উদ্ধাৰৰ পিছতেই আৰক্ষীয়ে পত্নী ৰিণ্টুমনিৰ সন্ধানত নামি পৰিছে। পুৱাৰে পৰাই সন্তানসহিতে ঘৰত নাই পত্নী ৰিণ্টুমনি।

15. গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰক নিলম্বন।
শীৰ্ষ আৰক্ষী বিষয়াই নিলম্বন কৰিলে বৰঠাকুৰক।

16. গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ।
এটা বেগত লৈ আহিছিল ১৯.৫ লাখ টকা।
GRPF-এ আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে লোকজনক।

16. “মোৰ লগত লাগি লাভ নাই, কোনো মাই কে লালে ধ্বংস কৰিব নোৱাৰে মোক” – মন্তব্য অজয় ফুকনৰ।

17. সংগীত শিল্পীৰ অনুমতি নোলোৱাকৈ থিয়েটাৰত গীত ব্যৱহাৰ কৰিলে অজয় ফুকনে।
ভাইৰেল হৈছে গায়িকা বিলকিছ ইনাম আৰু অজয় ফুকনৰ এটা কল ৰেকৰ্ডিং।

18. গোলাঘাটত পাৰ্ক নিৰ্মাণৰ নামত গছ কাটি তহিলং কৰিছে প্ৰশাসনে। কেইবাটাও সংগঠন আৰু স্থানীয় জনতাই প্ৰতিবাদ সাব্যস্ত কৰিছে।

19. দুৰ্গা পূজাৰ প্ৰাকক্ষণত ৪শতাংশ মৰগীয়া বানচ লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ 50 লাখ কৰ্মচাৰীসকলে।

20. শৰাইঘাটৰ কাষত দলং নিৰ্মাণৰ বৃহৎ ঘোষনা কেন্দ্ৰীয় চৰকাৰৰ।
ৰেল আৰু বাহনৰ বাবে নিৰ্মাণ হব দুখলপীয়া দলংখন।
ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং নিৰ্মাণৰ বাবে ৯৯৬ কোটি ৭৫ লাখ টকা অনুমোদন কেন্দ্ৰৰ।

 

৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *