৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
Rnewsindia24.com September 29/2022:-

1. শিক্ষক সকলৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিলে নতুন এপ।
কোনো শিক্ষকে কৰ্তব্যত ফাঁকি দিব নোৱাৰিব।
শিক্ষকৰ ওপৰত তীক্ষ্ণ নজৰ হিমন্ত চৰকাৰৰ ।
শিক্ষকক নাকি লগাবলৈ সাজু হৈছে শিক্ষা বিভাগ। কামত ফাঁকি দিয়া শিক্ষকৰ বাবে নতুন ব্যৱস্থা চৰকাৰৰ- ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

2. ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা।
৮০জনৰো অধিক যাত্ৰী আছিল নাওখনত।
সন্ধানহীন হৈ আছে ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাস ।ঘটনাস্থলীত SDRF উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।

3. গুৱাহাটীত উপস্থিত হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল।
কে এল ৰাহুল, বিৰাট কোহলি, সূৰ্য কুমাৰ যাদৱকে ধৰি টীম ইণ্ডিয়াৰ প্ৰায়সংখ্যক খেলুৱৈ উপস্থিত গুৱাহাটীত।

4. দুৰ্গা পূজাৰ নামত চান্দা সংগ্ৰহ কৰিব নোৱাৰিব পূজা কমিটিয়ে।
পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়৷
সকলোৰে সহযোগিতাৰে এই অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্ৰহণ কৰোঁ আহক- আহ্বান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

5. এইবাৰ আইমী বৰুৱাৰ “ছেমখৰ”ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ডিমা হাচাওত ।
ৰাজপথত আইমী বৰুৱা মুৰ্দাবাদ ধ্বনি সহস্ৰাধিকৰ।
“ছেমখৰ” ছবিখনক নিষিদ্ধ কৰাৰ দাবী।
ডিমাচা সম্প্ৰদায়ক ভুলকৈ উপস্থাপন অভিযোগ। আইমী বৰুৱা

 

6. দেশবাসীৰ বাবে এটা বেয়া খবৰ।
বক্সাৰ লাভলীনা বৰগোহাঁইয়ে অংশ ল’ব নোৱাৰিব “নেশ্যনেল গেমছত”।
নাকত আঘাত পাইছে লাভলীনাই ।লাভলীনা বৰগোহাঁই

 

7. তেজপুৰত নিশা‌ আৰক্ষীৰ গুণ্ডাগিৰি।
তেজপুৰত ‌নিশা চলে আৰক্ষীৰ গুন্দাৰাজ।
সুৰামত্ত আৰক্ষীৰ বৰ্বৰতাৰ বলি হল ১৮ বছৰীয়া বিশাল নায়ক।

8. অসমত পুনৰ বাঢ়িব প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম।
দাম বঢ়াবলৈ আগবাঢ়িছে অসম চৰকাৰ।
পূৰ্বৰ বাতিল কৰা ভেট পুনৰ আৰোপ কৰিব ৰাজ্য চৰকাৰে।

9. উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
বিবাহিত হওক বা অবিবাহিত সকলো মহিলাই কৰিব পাৰিব গৰ্ভপাত।
সকলো মহিলাৰ গৰ্ভাৱস্থাৰ ২৪ সপ্তাহলৈকে গৰ্ভপাতৰ আছে অধিকাৰ ।

10. হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাক নিলম্বন।
এগৰাকী ব্যক্তি আৰু তেওঁৰ পুত্ৰক প্ৰহাৰৰ অভিযোগত নিলম্বন ।
সুৰামত্ত অৱস্থাত উপায়ুক্তৰ বাসভৱনৰ সমীপতে প্ৰহাৰ কৰিছিল পিতা-পুত্ৰক ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৎকালীনভাৱে নিলম্বন দুয়োকে ।

11. সৰ্থেবাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
সৰ্থেবাৰীৰ পাঁচখেল গঞাগয়াৰহ জগন্নাথ মন্দিৰত মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ পূজা অৰ্চনা কৰাৰ পিছতে মন্দিৰৰ মণিকূট আৰু বাটচৰাৰ নির্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে ।

12. গুৱাহাটীবাসীলৈ ৰাজ্য চৰকাৰৰ পূজাৰ উপহাৰ ।শুক্ৰবাৰে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিব আৰ্যনগৰৰ উৰণীয়া সেঁতু।
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতিৰে প্ৰাণ পাই উঠিছে উৰণ সেঁতুখন ।

13. বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী ।
২ অক্টোবৰত গুৱাহাটীত প্ৰৱল বৰষুণৰ সম্ভাৱনা ।
২ অক্টােবৰত ভাৰত আৰু দক্ষিন আফ্ৰিকাৰ দ্বিতিয়খন খেল অনুস্থিত হব গুৱাহাটীত।

14. ভাৰত-চীন সীমান্ত ভ্ৰমণৰ উদ্দেশ্যৰে অসমত উপস্থিত দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সন্মুখত সকলোয়ে পৰিৱেশন কৰিলে গীত।

15. অনুপম চৌধুৰীৰ নিলম্বনৰ পিছতেই হোজাইত নতুন উপায়ুক্ত নিযুক্তি ।
সীমান্ত কুমাৰ দাসক নতুন হোজাইৰ নতুন উপায়ুক্ত নিযুক্ত ।

16. ক্ৰিকেটপ্ৰেমীৰ বাবে এটা দু:খবৰ।
আঘাতৰ বাবে T20 বিশ্বকাপৰ পৰা বাহিৰ জশপ্ৰীত বুমৰাহ।

17. উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
১১ অক্টোবৰৰ পৰা ৩০০ টা অতি পুৰণি গোচৰৰ শুনানি লোৱাৰ সিদ্ধান্ত ।

18. মহানগৰীত লয়াৰ্ছ এছ’চিয়েচনৰ উত্তাল প্ৰতিবাদ।
ন্যায়িক দণ্ডাধীশৰ আদালত স্থানান্তৰ কৰাৰ তীব্ৰ বিৰোধিতা।
বিৰোধিতাত নামিছে অধিবক্তা সকল।

19. গুৱাহাটীৰ জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। বিদ্যালয়খনৰ আন্তঃগাঁথনি তথা শৈক্ষিক পৰিৱেশৰ ওপৰত বুজ ললে।

20. ৰঙিয়াত ৰাষ্ট্ৰীয় পোষণ মাহৰ সামৰণি অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,সাংসদ দিলীপ শইকীয়া।

 

নিয়মিয়াকৈ পঢ়িবলৈ নাপাহৰিব ৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ধন্যবাদ ।

Leave a Reply

Your email address will not be published. Required fields are marked *