গাজৰ হৈছে শীতকালত পোৱা এক পুষ্টিকৰ পাঁচলি।
বহুতে গাজৰ চাটনি বনাই খাওঁ।
মই আকৌ কেঁচাই চোবাই খালেহে তৃপ্তি পাওঁ।
আপুনি বাৰু গাজৰ খাই কেনে পাই?
গাজৰৰ বৈজ্ঞানিক নাম Daucus Carota.
আৰু ইংৰাজীত Carrot বুলি কোৱা হয়।
গাজৰত প্ৰ’টিন, চৰ্বি, আঁহ, কাৰ্বহাইড্ৰেট, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, আইৰণ, ছ’ডিয়াম, পটাছিয়াম, কপাৰ, ছালফাৰ, অকজালিক এচিড. থকাৰ লগতে ভিটামিন- এ, বি১, বি২, বি৩, আৰু চি আদিৰে ভৰপূৰ।
জানোঁ আহক গাজৰত কি কি ঔষধী গুণ আছে :-
ক) মহিলাৰ ৰক্তস্ৰাৱৰ সমস্যা দূৰ কৰাত গাজৰ খালে উপশম পোৱা যায়৷
খ) গাজৰ কেঞ্চাৰ প্ৰতিৰোধী।
ইয়াত কেৰ’টিন আৰু ভিটামিন-ই যথেষ্ট পৰিমাণে থাকে৷
গ) হিষ্টিৰিয়াত ভোগা শিশুক গাজৰৰ ৰস খুৱালে আৰোগ্য লাভ কৰে৷
ঘ) পেটৰ বিষ, শাও বা তেজ পাইখানা হ’লে গাজৰ খালে সুফল পোৱা যায়।
ঙ) গাজৰৰ ৰস পান কৰিলে শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বাঢ়ি যায় আৰু ইয়ে পেটৰ মেদ কমোৱাত অধিক সহায় কৰে ৷
চ) গাজৰ অধিক ফাইবাৰযুক্ত বাবে দেহৰ হজম শক্তি বঢ়োৱাতো সহায় কৰে।
ছ) গাজৰত পোৱা বেটা কেৰ’টিনে অৱসাদ দুৰ কৰাত সহায় কৰে ৷
জ) গাজৰত থকা এ ভিটামিনে কেৱল দৃষ্টিশক্তি বৃদ্ধি হয়।
জ) প্ৰতিদিনে 1 গিলাছ গাজৰৰ ৰস সেৱন কৰিলে আমাৰ ছালৰ উজ্জ্বলতাও বৃদ্ধি কৰে ৷
ঝ) গাজৰত পোৱা কেৰ‘টিনোইডে কলেষ্টৰ’ল কমোৱাত সহায় কৰে ৷
ঞ) গাজৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে।
ট) গাজৰত থকা ভিটামিন চি য়ে আমাৰ শৰীৰত এন্টিবডি গঢ়াত সক্ষম কৰি তুলে।
ঠ) গাজৰ চকুৰ বাবে উপকাৰী।
ড) গাজৰে ওজন হ্রাসতো কৰাত সহায় কৰে।
ঢ) গাজৰত থকা এন্টিঅক্সিডেন্টে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।
ণ) গাজৰে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
ত) গাজৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত থকাত সহায় কৰে।
গতিকে আজিৰ পৰা গাজৰ খাই শৰীৰটো ভালে ৰাখক।
Sangita Dutta Reports R News India 24