ৰক্তহীনতা, চকু, দাঁত, চুলি, চাল, গাঁঠি বিষ, হাড়ৰ সমস্যা, যৌন দুৰ্বলতা, স্তনৰ আকাৰ সৰু, মুখৰ দুৰ্গন্ধ আদি বিভিন্ন সমস্যাৰ বাবে খিচমিচ খাওঁক এনেকৈ ।
খিচমিচ আমাৰ দেহৰ বাবে অতি উপকাৰী।
খিচমিচত প্ৰ’টিন, ভিটামিন এ , বি কমপ্লেস্ক, আইৰন, কেলচিয়াম, মেগনেচিয়াম, ফাইবাৰ, শৰ্কৰা, কেলৰী আদি খনিজ পদাৰ্থৰে ভৰপুৰ।
অন্যহাতে ই শৰীৰৰ ৰোগ নাশক, বলশক্তি দায়ক, পুষ্টিকাৰক , বেক্টেৰীয়া নাশক, শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্য নাশক।
খিচমিচ বহুতে পায়স, চুজি, হালোৱা বা তেনে আহাৰৰ লগত নাইবা এনেই চোবাই খোৱা দেখা যায়।
জানো আহক খিচমিচৰ ঔষধী গুন সমূহ –
1. খিচমিচে নাৰীৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।
যি সকল নাৰীৰ স্তনৰ আকাৰ সৰু তেঁওলোকে নিয়মীয়াকৈ খিচমিচ ৰাতি গৰম পানীত তিয়াই পুৱা সেই পানী আৰু খিচমিচ খোৱাৰ অভ্যাস কৰক।
স্তনৰ আকাৰ বাঢ়িব আৰু বুকুৰ সৌন্দৰ্য্য বৃদ্ধি পাব।
2. খিচমিচ ভিজোৱা পানী ৰাতিপুৱা খালিপেটত খালে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হয়, পেট পৰিস্কাৰ হোৱাৰ লগতে কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা নানা ৰোগৰ আৰোগ্য হয়।
3. খিচমিচ খালে পাচন শক্তি মজবুত হয়।
বায়ু, পিত্ত, কফ জনীত বিভিন্ন ৰোগ উপশম হয়।
4. খিচমিচে এচিডিতি ,দুষিত বায়ু, পিত্ত ৰোগ দূৰ কৰে।
5. পৰিশ্ৰমী, খেলুৱৈ, ব্যা্য়াম, শৰীৰচৰ্চাকাৰী বা এনাৰ্জী লেভেল বৃদ্ধিৰ বাবে খিচমিচ অতি উত্তম।
6. খিচমিচে শৰীৰ ওজন বঢ়োৱাত সহায় কৰে আৰু লিভাৰৰ বাবেও যথেষ্ট উপকাৰী।
7. খিচমিচে শৰীৰত ৰক্ত বৃদ্ধি কৰায়, ৰক্তবিকাৰ আৰু ৰক্তহীনতাত ভোগা লোকৰ বাবে অতি উত্তম।
8. নিয়মিত গাখীৰৰ লগত খিচমিচ সেৱন কৰিলে যৌন দুৰ্বলতা দূৰ হয়।
বিশেষকৈ পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি পায়।
9. খিচমিচে কলেষ্টেৰল আৰু উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন কৰে।
হাওঁফাওঁ, যকৃত আৰু হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে, কিডনী পৰিস্কাৰ তথা সংক্ৰমন দূৰ কৰে।
10. চকু, দাঁত, চুলি আৰু চালৰ যিকোনো সমস্যা, গাথিৰ বিষ আৰু হাড়ৰ বাবে, লিভাৰ দুৰ্বল আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰাৰ বাবে খিচমিচ ভিজোৱা পানী খালে সুফল পোৱা যায়।
11. খিচমিচে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, ব্লাড চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে।
12. খিচমিচে কেঞ্চাৰৰ কোষসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
13. খিচমিচত যথেষ্ট পৰিমানে কেলচিয়াম থকাৰ বাবে দাঁতৰ বিভিন্ন ৰোগ, গাঁঠি বিষ আৰু হাড়ৰ সমস্যা দূৰীকৰণৰ বাবে উপকাৰী।
14. খিচমিচত অন্যান্য উপাদান বোৰৰ লগতে যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। ই গৰ্ভৱতী মহিলাৰ বাবে বৰ উপকাৰী।
গতিকে, আজিৰ পৰা খিচমিচ খায় শৰীৰটো ভালে ৰাখক।
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24