৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com October 9/2022:- 

1. “চৌদিশে টেক্সৰ বোজা।
সমগ্ৰ পৃথিৱীতে অৰ্থনৈতিক সংকট হৈছে।
অলপ দিন টেক্স বেছিকৈ দিব লাগিব,ধেৰ্য্য ধৰক “- মন্তব্য জুবিন গাৰ্গ।

2. নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অঘটন। নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন।
লেফট বেংকৰ ২ নং শ্লুইচ গেটত খহনীয়া।

3. দেৰগাঁওস্থিত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় চৌহদত নৱনিৰ্মিত ‘অসম আৰক্ষী সন্মিলন কেন্দ্ৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এ।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অতুল বৰা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰকে ধৰি প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আৰু আৰক্ষী সঞ্চালকপ্ৰধান শ্ৰীভাস্কৰজ্যোতি মহন্ত উপস্থিত থাকে৷

4. “মোৰ চকুযুৰি সৰু হব পাৰে কিন্তু, মই এমাইল দূৰৰ পৰা কেমেৰালৈ চাব পাৰোঁ”- মন্তব্য তেমজেন ইমনা আলংৰ।

5. ধেমাজিত পথ নিৰ্মাণৰ নামত কোটিটকীয়া কেলেংকাৰি।
ভূমি অধিগ্ৰহনৰ নামত লুণ্ঠন দালল- ADC ৰ।
ভুৱা তথ্য দেখুৱাই ৰাজকোষৰ ধন আত্মসাৎ।

6. সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বিশিষ্ট কথাশিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক “ইমৰান শ্বাহ” লৈ “সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা” প্ৰদান কৰে।

7. ২০১৯ বৰ্ষত হেৰুওৱা সমষ্টিসমূহ ২০২৪ত উদ্ধাৰৰ বাবে লাগিছে বিজেপি।
বিগত নিৰ্বাচনত ১৪৪ টা সমষ্টিত মুখ থেকেচা খাইছিল বিজেপিয়ে।
সমষ্টি পুনৰুদ্ধাৰৰ বাবে এই যুঁজত সন্মুখৰ পৰা নেতৃত্ব লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

8. অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা ২০২২ বৰ্ষৰ ব্ৰঞ্জৰ পদক লাভ কৰে ডিমৰীয়াৰ হংসৰাজ দত্তই।

9. ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত উপস্থিত থাকে কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

10. “বদৰুদ্দিন আজমললৈ মই ভয় নকৰো।
তেঁওক হৰুৱাইছো।
নিজেও হাৰিছো, কিন্তু হাইকামাণ্ডে টিকট দিলে মই আজমলৰ বিৰুদ্ধে যুঁজি আকৌ জিকিম।
এইবাৰ বিজেপিয়ে টকা-পইচা দিলেও আজমলক জিকাব নোৱাৰে”- মন্তব্য ৱাজেদ আলী চৌধৰীৰ।

11. বাঁহেৰে ভগবান শ্ৰীকৃষ্ণৰ পোছাক প্ৰস্তুত কৰি INDIA BOOK OF RECORDS ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল ধিঙৰ ভৰত জ্যোতি দেৱ নাথ।

12. ভূত বাংলাত পৰিণত হৈছে ভাটিয়াখালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ।
স্বাস্থ্যকেন্দ্ৰটোত চিকিৎসাৰ বাবে নাই কোনোধৰণৰ সা সুবিধা।
লগতে নাই বিদ্যুৎ আৰু পানীৰ সমস্যা।
স্বাস্থ্যকেন্দ্ৰটোৱে উদঙাইছে স্বাস্থ্যবিভাগৰ উন্নয়নৰ ফোপোঁলা স্বৰূপ ।

13. বটদ্ৰৱা থানা জ্বলাবলৈ উচতনি দিয়া মুস্তাফা কামাল গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

14. ইৰাণত অব্যাহত হিজাববিৰোধী প্ৰতিবাদৰ জুই।
নিৰাপত্তাৰক্ষীৰ গুলীত পুনৰ নিহত দুই প্ৰতিবাদকাৰী।
প্ৰতিবাদত নিহতৰ সংখ্যা ১৫৪ লৈ বৃদ্ধি হৈছে।

15. কাজিৰঙাৰ পথত ভয়ংকৰ দুৰ্ঘটনা
কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিডৰত দ্রুতবেগত
যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা WB 91 6749 নম্বৰৰ ট্ৰাকখনে ৰাজপথলৈ হঠাৎ ওলাই অহা এটা গঁড়ক সন্মুখৰ পৰা খুন্দিয়াই পলায়ন কৰে।

16. বিজয়ী লেখক অপূৰ্ব শৰ্মা লৈ সাহিত্য অকাডেমী বঁটা প্ৰদান।

17. TMPK আৰু মিচিং জনগোষ্ঠীয় ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ক্ষোভ দধীয়াবাসীৰ।
পুনৰ সংস্থাপনৰ দাবীত সমগ্ৰ অসমৰ মিচিং জনগোষ্টীয় ৰাইজক একগোট কৰি দিছপুৰ কঁপোৱাৰ হুংকাৰ।

18. টীয়ক FRUত চিকিৎসকৰ কাণ্ডক লৈ প্ৰতিক্ৰিয়া দল-সংগঠনৰ।
ৰোগীক চিকিৎসা প্ৰদান নকৰি নামাজলৈ গৈছিল চিকিৎসক।
চিকিৎসকৰ দায়িত্বজ্ঞানহীন কাণ্ডত গৰজি উঠিছে দল-সংগঠন।

19. জোনাইত অসম-অৰুণাচল সীমান্তৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই অভিমুখী উইংগাৰ দুৰ্ঘটনাগ্ৰস্ত।

20. আজি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ পূজা। বেলতলাৰ লক্ষ্মী মন্দিৰত ৭৩ সংখ্যক লক্ষ্মী পূজাৰ আয়োজন।
লক্ষ্মী পূজা উপলক্ষে পুৱাৰে পৰা বেলতলা মন্দিৰত ভক্তৰ ভীৰ।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *