খেজুৰ খালে কি কি উপকাৰ হয় ? খেজুৰত কি কি ঔষধি গুণ আছে ?

Spread the love

খেজুৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
খেজুৰে বহু বেমাৰ নিৰাময় কৰে।
খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়।

খেজুৰৰ বৈজ্ঞানিক নাম Phoenix dactylifera.

খেজুৰত থাকে ভিটামিন এ, ভিটামিন বি কমপ্লেক্স, ভিটামিন কে, মেগনেছিয়াম, মেঙ্গানিজ, পেন্টোথেনিক এচিড, কাৰ্বহাইড্ৰেত, কেলছিয়াম, আইৰণ আদি।

জানো আহক খেজুৰত কি কি ঔষধী গুন আছে-

1. খেজুৰত ভিটামিন-এ থাকে বাবে কুকুৰীকণা, অন্ধতা আতৰ কৰি দৃষ্টিশক্তি বৃদ্ধি হয় কৰে।

2. খেজুৰে ওজন বঢ়োৱাত সহায়ক আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে।

3. খেজুৰে শৰীৰত শক্তি যোগান ধৰে আৰু যৌন দুৰ্বলতা দূৰ কৰে।

4. গৰ্ভৱতী মহিলাই খেজুৰ খোৱাটো অতি প্ৰয়োজন। খেজুৰত আইৰণ থকা বাবে গৰ্ভৱতীৰ ৰক্তহীনতা নহয়। ভিটামিন-কে থকা বাবে প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয় , প্ৰসৱ বেদনা কমকৈ হোৱা বাবে সহজে সন্তান প্ৰসৱ কৰিব পাৰে।

5. খেজুৰ আৰু খিচমিচ গৰুৰ ঘিউত ভাজি একেৰাহে কিছুদিন খালে পুৰুষ আৰু মহিলাৰ যৌনক্ষমতা বাঢ়ে আৰু পুৰুষৰ শুক্ৰ বৃদ্ধি হয়।

6. সন্তান হীনতা সকলৰ বাবে খেজুৰ বিশেষ উপকাৰী।
খেজুৰে শৰীৰৰ ধাতু পোষণ কৰি শক্তি যোগায়।

7. খেজুৰ গৰম গাখীৰৰ সৈতে খালে নতুন আৰু পুৰণি চৰ্দি ,কাহ , পানীলগা আৰু শ্বাস-প্ৰশ্বাস ৰোগ ভাল হয়।

8. খেজুৰ খালে শৰীৰ গৰম হৈ থাকে, সেয়েহে ঠাণ্ডাদিনত বৃদ্ধ ব্যক্তি সকলে গাখীৰৰ সৈতে খেজুৰ খাব লাগে।

9. খেজুৰত গ্লুক’জ, চুক্ৰ’জ আৰু ফ্ৰুক্ট’জ কাৰ্বহাইড্ৰেত থাকে ।
সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়।

10. খেজুৰত কলেষ্টেৰল নাথাকে, নামমাত্ৰ চৰ্বি থাকে কাৰণে খেজুৰ খালে তেজত কলেষ্টেৰল নাবাঢ়ে।

11. খেজুৰ খালে কোষ্ঠ কাঠিন্য আতৰ হয় আৰু ৰাতি এগিলাচ গৰম পানীত কেইটামান খেজুৰ ডুবাই ৰাখি ৰাতিপুৱা সেই পানীখিনি খালে শৌচ-পেচাব খোলোচা হয়।

12. খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষ সহজে নহয়।

বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

ধন্যবাদ।

 

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *