৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com October 10/2022:-
1. আৱাহন থিয়েটাৰৰ ‘লভিতা’ নাটকক লৈ বিতৰ্ক ।
ৰূপকোঁৱৰৰ নাটকক নতুন ৰূপ দিয়াক লৈ ভৰ্ৎসনা।
ৰূপকোঁৱৰৰ পৰিয়াল-ৰাইজৰ ক্ষোভ।
নাটখন নোচোৱাকৈ মন্তব্য নকৰিবলৈ আহ্বান অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ।
2. উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী মুলায়ম সিং যাদৱ ৰ দেহাৱসান।
3. অৰ্থনীতিবিদ বেন এছ বার্নানকে, ডগলাছ ডব্লিউ ডায়মণ্ডল, ফিলিপ এইচ ডাইভিগ লৈ ২০২২ বৰ্ষৰ অর্থনীতিৰ নোবেল বঁটা ।
4. বিশিষ্ট নাগা সাহিত্যিক, পদ্মশ্ৰী সন্মান প্ৰাপক টেমছুলা আওৰ মৃত্যু।
সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে।
5. “অহা ৩০ বছৰলৈ অসমত বিজেপি চৰকাৰ থাকিব, তেতিয়ালৈ ভূপেন বৰা Invalid হৈ যাব”- মন্তব্য পিযুষ হাজৰিকা।
6. কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ শতবৰ্ষ অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।
বৰ্ণিল কাৰ্যসূচীৰে দুদিনীয়াকৈ উদযাপন কৰিছে শতবৰ্ষ অনুষ্ঠানটি।
7. কাজিৰঙাৰ ৰাজপথত আঘাতপ্রাপ্ত গড় বিচাৰি অভিযান।
ড্ৰোন ব্যৱহাৰ কৰি বন বিভাগে চলাইছে অভিযান।
কাজিৰঙাত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা।
কাজিৰঙাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কঠোৰ প্ৰশাসন।
নিয়ম নমনা চালকৰ বিৰুদ্ধে সষ্টম পৰিৱহন বিভাগ।
যান-বাহন আইন উলংঘাকাৰী চালকক বিহিছে জৰিমনা।
ৰাষ্ট্ৰীয় উদ্যানখনৰ এনিমেল ক’ৰিডৰসমূহত ন’ পাৰ্কিং জ’ন।
8. গুৱাহাটীৰ ৰেলৱে ষ্টেচনত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু।
গুৱাহাটীৰ পৰা নাহৰলগুনলৈ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ৰে’ল যাত্ৰা।
সাধাৰণ যাত্ৰীৰ সৈতে একেলগে ৰেলযাত্ৰা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
9. যোৰহাটৰ ডাঃ জে কে শইকীয়া হোমিঅ’পেথিক চিকিত্সা মহাবিদ্যালয়ৰ ৪৭সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন গগৈ।
10. লখিমপুৰত বৃহৎ পৰিমাণৰ ড্রাগছসহ এজন যুৱকক আটক।
ধৃত যুৱকজন হাজংবস্তিৰ নকাৰীৰ ৰিতম হাজং ।
চুতীয়া কাৰীত ৰাইজে আটক কৰি গতাই দিয়ে লখিমপুৰ সদৰ থানাত।
11. নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পত ভয়াবহ খহনীয়া।
শনিবাৰৰ পৰা তৰপে তৰপে খহিছে প্ৰকল্পৰ কাষৰ পাহাৰ।
জলবিদ্যুত্ প্ৰকল্পৰ বাঁওফালৰ পাহাৰটোৱে কঢ়িয়াই আনিছে ভাবুকি।
টানেলৰ ওপৰেৰে যোৱা পথো ইতিমধ্যে খহি পৰিছে।
যাৰ ফলত প্ৰকল্পৰ নামনিলৈ নামি আহিছে গুৰুতৰ ভাবুকি।
12. তিনিচুকীয়া কাকথাৰৰ এনকাউণ্টাৰক লৈ এতিয়াও উত্তেজনা অব্যাহত ।
নিহত বিনোদ মৰাণৰ মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ ।
নিশালৈকে থানাৰ সন্মুখত স্থানীয় লোকৰ প্ৰতিবাদী কাৰ্যসূচী।
13. গুৱাহাটীত ২৭সংখ্যক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা।
মণিৰাম দেৱান ট্ৰেড চেন্টাৰত চলি আছে মেলাখন।
৩০ চেপ্তেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ থাকিব এই মেলা।
14. শিলচৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
ধলাই কৰ্কটবস্তীৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
15. ইউক্রেইনত পুনৰ প্রাণঘাতী আক্রমণ আৰম্ভ কৰিছে ৰাছিয়াই।
স্থানীয় সময় অনুসৰি সোমবাৰে নিচেই পুৱাতে ৰাজধানী কিভত বোমা, ক্ষেপণাস্ত্রৰে আক্রমণ চলায় ৰাছিয়াই।
ৰাজধানী কিভৰ আঠটা অঞ্চলৰ ১১টা স্থানত ৰাছিয়ান ক্ষেপণাস্ত্রই হানিছে আঘাত।
নিহত হৈছে কমেও ৫ জন লোক।
16. দলগাঁৱত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী।
চোকাবাহী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ২৩ কেজি গাঞ্জা সৰবৰাহকাৰীক।
17. বৰপেটাত ভুৱা ভোটাৰ পৰিচয়পত্ৰ প্ৰদান কৰা চক্ৰ উৎখাত।
চক্ৰটোৰ ৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
18. ওদালগুৰিত প্ৰথম আন্তঃ ষষ্ঠ অনুসূচী পৰিষদ প্ৰিমিয়াৰ লীগ।
ডিমাকুছি মিনি ষ্টেডিয়ামত দেওবাৰৰ পৰা আৰম্ভ ISPL-2022 .
ন খেলুৱৈ সৃষ্টি, ক্ৰীড়াৰ বাতাবৰণ। ঐক্য-শান্তি-ভাতৃত্ববোধ গঢ়াৰ লক্ষ্য।
মিজোৰামৰ লাই জিলা পৰিষদ আৰু বড়োলেণ্ডৰ মাজত হয় উদ্বোধনী খেল।
19. লখিমপুৰত ন-আলি হালধিআটিত অঘটন। ধনচৰাইত ছিগিল সোঁৱণশিৰিৰ মথাউৰি।
20. মাজুলীত দুটাকৈ গঁড়ৰ বিচৰণক লৈ আতংক।
নামনি মাজুলীত সন্ত্ৰাসৰ সৃষ্টি কৰিছে গঁড় দুটাই ।
কাজিৰঙাৰ পৰা ওলাই যোৱা গঁড়ৰ বিচৰণ মাজুলীত।

প্ৰতিদিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব। ধন্যবাদ।

