৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।।

Spread the love

Rnewsindia24.com October 16/2022:- 

1. ডিব্ৰুগড়ৰ মাইজানত
ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ সৃষ্টি হোৱা এলেকা পৰিদৰ্শন কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা।
লগতে ডিব্ৰুগড় চহৰৰ উপায়ুক্তৰ কাৰ্যালয় চৌহদত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ এক প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

2.মুছলপুৰত ডিজিটেল বেংকিং ইউনিট মুকলি অনুষ্ঠান।
প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুকলি কৰে এই অনুষ্ঠান।
উপস্থিত থাকে বিত্ত মন্ত্ৰী অজন্তা নেওগ, সাংসদ নৱ কুমাৰ শৰণীয়া, বিজেপিৰ সভাপতি ভবেশ কলিতা।

3. খুমটাইৰ সমীপৱৰ্তী ৰঙাগড়াত উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা।
বোকাখাত সমষ্টিৰ ৰঙাগড়াকে ধৰি কেইবাটাও স্থানত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে কৃষিমন্ত্ৰী গৰাকীয়ে।
ৰঙাগড়াত আটকুধনীয়াকৈ নিৰ্মাণ কৰা আদৰ্শ অংগনাবাড়ী কেন্দ্ৰ উদ্বোধন কৰিলে মন্ত্ৰীগৰাকীয়ে।

4. ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হৈছে আচাম টি গ’ল্ডেন কাপ “সদৌ অসম আন্তঃ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতা।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিশ্বজিৎ দৈমাৰী, কামাখ্যা প্ৰসাদ তাছা, সঞ্জয় কিষাণ, পীযুষ হাজৰিকা।

5. “ভাড়াঘৰত থাকিবলৈ সাজু, GMC য়ে ঘৰ ভাঙিলে ভাড়াঘৰত থাকিম, তথাপিও আত্মসমৰ্পণ নকৰোঁ”- মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

6. বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা অসুস্থ ৷
সম্প্ৰতি GMCH ত চিকিৎসাধীন হৈ আছে বুঢ়াসত্ৰীয়া শৰ্মা দেৱ।

7. প্ৰতিদিন গোষ্ঠীৰ ‘The Conclave 2022’ ৰ আজি দ্বিতীয় দিন।
দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত ৰবিন হিবুৰ অংশগ্ৰহণ কৰে।
৬ টাকৈ গুৰুত্বপূৰ্ণ বিষয় আলোচিত হয় The Conclave-2022 ত।

8. আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বঙাইগাঁও চহৰত পঞ্জাব নেশ্যনেল বেংকৰ এটি ডিজিটেল ইউনিট উদ্বোধন কৰে।

9. কাজিৰঙাত জীপ ছাফাৰীৰ অনলাইন ব্যৱস্থাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি ।
অনলাইনত বুকিং লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰ্যটক।
অনলাইন ব্যৱস্থা বন্ধ কৰাৰ দাবী জীপ ছাফাৰী সন্থাৰ।

10. “মোৰ চৰকাৰখন ফ্ৰি। সকলো আহিব পাৰে,কোনো প্ৰটকল নাই”- মন্তব্য জুবিন গাৰ্গৰ।

11. লখিমপুৰৰ লালুকত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই খাৱৈত সোমাল ক্ৰেতা বাহনখন।
লখিমপুৰৰ পৰা অৰুনাচললৈ গৈছিল বাহনখন।
থিতাতে মৃত্যু হয় বাহনখনৰ চালক আৰু এজন আৰোহী।

12. ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মতিৰ চৰত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ৯টাকৈ চোৰাং গৰু।
নদী পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰা সময়তে জব্দ গৰুকেইটাক।

13. অসম-ত্ৰিপুৰা সীমান্তত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে।
জব্দকৃত গাঞ্জাখিনিৰ ওজন ২৪০০ কেজি।
গাঞ্জাখিনিৰ মূল্য আঢ়ৈ কোটি টকাৰো অধিক।

14. এইবাৰ ড্ৰাগছক লৈ বিস্ফোৰক অভিযোগ বাবা ৰামদেৱৰ – “বলীউদত ড্ৰাগছ, ৰাজনীতিত ড্ৰাগছ।
বলীউডৰ চুপাৰষ্টাৰ ছলমান খান সহ বলীউদৰ বহু চেলিব্ৰিটিয়ে সেৱন কৰে ড্ৰাগছ’।
ভাৰতবৰ্ষক সকলো নিচাৰ পৰাই আমি মুক্ত কৰিব লাগিব’।

15. হাতীগাঁও আৰক্ষীৰ জালত পৰিল বৃহৎ প্রবঞ্চকৰ চক্র।
উদ্ধাৰ কৰা হৈছে ৮৮খন ATM কাৰ্ড আৰু ৩ খন চাৰিচকীয়া বাহন।
আটকাধীন প্ৰবঞ্চক কেইটা ক্ৰমে- লটফাৰ ৰহমান, আমিনুল, হানিফুৰ আৰু ছাহিদুল।

16. সুদীৰ্ঘ দিন ধৰি অব্যাহত থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই নতুন ৰূপ ললে।
এইবাৰ ৰাছিয়াৰ সামৰিক প্ৰশিক্ষণ ঘাটিত আক্ৰমণ অচিনাক্ত দুই লোকৰ ।
ইউক্ৰেইনৰ নিকটৱৰ্তী বেলগৰড প্ৰদেশত থকা সামৰিক ঘাটিত হোৱা এই আক্ৰমণত মৃত্যু হয় ১১ জন ৰাছিয়ান সেনাৰ আৰু ১৫ জন সেনা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।

17. হিন্দী ভাষাত কৰা হ’ব চিকিৎসা বিজ্ঞানৰ পাঠদান।
ইয়াৰ প্ৰাকক্ষণত চিকিৎসকসকললৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিশেষ আহ্বান।
প্ৰেচক্ৰিপচনত Rxৰ ঠাইত লিখক শ্ৰীহৰি, হিন্দীত লিখক দৰৱৰ নাম।

18. বিখ্যাত টিভি অভিনেত্ৰী বৈশালী ঠক্কৰৰ আত্মহত্যা।
ইন্দোৰৰ ঘৰত ফাঁচী লগাই আত্মহত্যা কৰিছে অভিনেত্ৰীগৰাকীয়ে।
ছুইচাইড নোটো লিখি থৈ গৈছে বৈশালী ঠক্কৰে।
বৈশালীৰ আত্মহত্যাৰ খবৰ পোৱাৰ পাছতে স্তম্ভিত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ সকলো অনুৰাগী আৰু বন্ধু। বৈশালী ঠক্কৰ

19. অৰবিন্দ কুমাৰ প্ৰসাদৰ অপহৰণৰ মুখ্য মাষ্টাৰ মাইন্ড হিমাংশু শেখৰ বৈশ্যক গ্ৰেপ্তাৰৰ দাবী ‘আপ’ ৰ ।
এক প্ৰেছ বিবৃত্তি যােগে এই দাবী জনাইছে দলটােৱে ।

20. লোক-সংস্কৃতিৰ সাধক ড° নবীন চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি ঘটে।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *