সু-সাহিত্যিক তীৰ্থনাথ শৰ্মা দেৱৰ জীৱনযাত্ৰাঃ

Spread the love

তেখেতৰ জন্ম হৈছিল ১৯১১ চনৰ ২৩ অক্টোবৰত শিৱসাগৰ জিলাত।

তেখেত একাধাৰে সু-সাহিত্যিক, গল্পকাৰ, শিক্ষাবিদ, কবি, সংস্কৃতৰ বিদগ্ধ পণ্ডিত, সমালোচক, জীৱনী লেখক, শিশু সাহিত্যিক, সাংবাদিক আৰু ভাৰতত্ত্ববিদ আছিল

তেওঁৰ পিতৃৰ নাম গোলাপ চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম চেনেহী দেৱী আছিল।

তেওঁ যোৰহাট ১ নং প্ৰেকটিচিং স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। ১৯২৯ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯৩২ চনত প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯৩৪ চনত কটনৰ পৰা সংস্কৃতত অনাৰ্ছসহ বি এ পাছ কৰে।
১৯৩৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত এম এ ডিগ্ৰী লাভ কৰে।
১৯৩৬ চনত “নিৰ্মলা দেৱী”ৰ লগত বিবাহপাশত আৱদ্ধ হয়।

১৯৩৮-৫০ চনলৈ সুদীৰ্ঘ বাৰ বছৰ বিশ্ববিদ্যালয়ৰ এম আই এল বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে।
১৯৫১ চনত “আছাম ব’ৰ্ড অৱ মিউজিক” স্থাপন কৰে।
১৯৫৪ চনত প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰি অধক্ষ্যৰূপে নিয়োজিত হয়।
১৯৬৭ চনত বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰী সভাপতি হয়।
১৯৭১ চনত তেখেত অসম সাহিত্য সভাৰ মাকুম অধিৱেশনৰ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰে।
১৯৮৭ চনত ফেব্ৰুৱাৰী মাহত মৰোণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।

তেখেতে একেৰাহে সংগীত, অভিনয়, বাদ্য-যন্ত্ৰ, ছন্দ অলংকাৰ কথা, নাট্য-সাহিত্য, দৰ্শন-নৰ্তন, শ্ৰুতি-স্মৃতি, কোষ-অভিধান নিৰুক্ত, ধৰ্ম-কৰ্ম, ভক্তি-মুক্তি, সুকুমাৰ কলা, চাৰু কাৰু কলা, ৰাজনীতি-প্ৰজানীতি-সমাজনীতি সকলোতে দক্ষ ব্যক্তি আছিল।

তেখেতৰ প্ৰকাশিত গ্ৰন্থ সমূহ হ’লঃ
ঝান্সীৰ ৰাণী লক্ষীবাঈ, কামাখ্যাৰাম বৰুৱা, প্ৰৱেশিকা কথা চানেকি, চানেকি পাঠ,
গান্ধী-শিক্ষা সাৰ, মহাত্মাৰ বাণী, কামসেন্দূৰ, পঞ্চপুষ্প,
সাহিত্য বিদ্যা পৰিক্ৰমা
আউনিআটী সত্ৰৰ বুৰঞ্জী,
বেণুধৰ শৰ্মা, ভক্তিবাদ আদি।

শৰ্মা দেৱে কামধেনু নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল।
তেওঁ ১৯৮৬ চনত “বেণুধৰ শৰ্মা” গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
গান্ধীজীৰ আদৰ্শ আৰু জীৱন দৰ্শনৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছিল।
সেয়ে ১৯২৯ চনত শৰ্মাদেৱে মহাবিদ্যালয় ত্যাগ কৰি মহাত্মাগান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত গঢ়ি উঠা আইন অমান্য আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল আৰু কাৰাবৰণো খাটিবলগীয়া হৈছিল।

তেখেতে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব।

১৯৮৬ চনৰ ২৩ অক্টোবৰত তেখেত মৃত্যু হয়।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *