জাতিলাউত কি কি উপাদান আছে আৰু কি কি ৰোগত ব্যৱহাৰ কৰা হয় ?

Spread the love

জাতিলাউ শৰীৰৰ বাবে উপকাৰি।
জাতিলাউৰ ইংৰাজী নাম Bottle gourd আৰু বৈজ্ঞানিক নাম Lagemaria Siceraria

জাতিলাউত থকা উপাদানবোৰ হৈছে কাৰ্বোহাইড্ৰেট, প্ৰ’টিন, চৰ্বি, কেলছিয়াম, মেগনেছিয়াম, আইৰণ, পটাছিয়াম, ছডিয়াম, ক’পাৰ, ছালফাৰ, ভিটামিন এ, বি১, বি২, বি৩, চি আদি থাকে।

জাতিলাউ ভিতৰৰ কোমল, বগা অংশটো যথেষ্ট পানীৰে ভৰপূৰ বাবে ‘পানীলাও’ বুলিও কোৱা হয়।
ইয়াৰ পাত, ফুল-ফল বা শিপা সকলো ঔষধি গুণসম্পন্ন

জানো আহক জাতিলাউৰ ঔষধী গুণ সমূহঃ

1. কোষ্ঠকাঠিন্য দূৰ কৰাত জাতিলাউ উপকাৰী।

2. জাতিলাউ খালে মানসিক চাপ উপশম ঘটে।

3. নিয়মীয়াকৈ জাতিলাউ খালে শৰীৰত যথেষ্ট শক্তি লাভ কৰাৰ লগতে সৌন্দৰ্য অটুট থকাটো সহায় কৰে।

4. জাতিলাউ ৰসত পদিনা আৰু ধনিয়াৰ ৰস মিহলি কৰি খালে উচ্চ ৰক্তচাপ হ্ৰাস হোৱাৰ উপৰিও ডায়েবেটিছ ৰোগীসকলৰ ছুগাৰ স্বাভাৱিক হোৱাত সহায়ক হয়।

5. শৰীৰ ওজন কমোৱাত জাতিলাউ উত্তম।

6. জাতিলাউ খালে দেহ শীতল কৰি ৰাখে।

7. জাতিলাউ খালে হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

8. জাতিলাউ খালে পেটৰ সমস্যা দূৰ কৰে।

9. জাতিলাউ খালে মুত্ৰাশয় নলীৰ ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *