৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

1. আজি ৰাষ্ট্ৰীয় একতা দিৱস।
চৰ্দাৰ বল্লৱভাই পেটেলৰ জন্মদিন উপলক্ষ্যে দেশজুৰি আয়োজন কৰা হয় একতাৰ বাবে দৌৰ।
গুজৰাটত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
নেহৰু ষ্টেডিয়ামত ৰাষ্ট্ৰীয় একতা দিৱস আয়োজন কৰা হয়।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

2. কলাক্ষেত্ৰত আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সদস্যক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু DGP ভাস্কৰজ্যোতি মহন্ত।
প্ৰত্যেকজন উগ্ৰপন্থী সদস্যক দিয়া হৈছে ১.৫০ লাখ টকাকৈ অৰ্থ সাহায্য।
মুঠ ৩১৮ গৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যক বিতৰণ কৰা হয় সাহায্য।
“বেইমানীত জড়িত হ’লে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম”- মন্তব্য DGP ভাস্কৰজ্যোতি মহন্তৰ।

3. আজি ষট পূজা।
ৰাজ্যৰ লগতে মহানগৰীতো ষট পূজাৰ ব্যাপক উছাহ।
পুৱাই পাণ্ডুত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

4. কাইলৈ মুকলি কৰা হ’ব কলীয়াভোমোৰাৰ দ্বিতীয়খন দলং।
উদ্বোধন কৰিব কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে।

5. গুজৰাটৰ ভয়ংকৰ দুৰ্ঘটনা।
১৫০ বছৰীয়া পুৰণি দলং ভাঙি মৃত্যু হৈছে প্ৰায় ১৫০ জনৰ।
সংকটজনক অৱস্থাত আছে ১২১জন।
নিহত অধিকাংশই শিশু, মহিলা, বয়োজ্যেষ্ঠ আৰু কেইবা গৰাকী গৰ্ভৱতী মহিলাও।
ভয়ংকৰ ঘটনাক লৈ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী, ৰাষ্ট্রপতি দ্রৌপদী মুৰ্মু, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালকে আদি কৰি নেতা-মন্ত্রীসকলে। মৃতকৰ পৰিয়াললৈ চাৰি লাখকৈ আৰু আঘাতপ্রাপ্তসকলৰ পৰিয়াললৈ ৫০ হাজাৰ টকা এককালীন সাহায্য আগবঢ়াইছে গুজৰাট চৰকাৰে।

6. গোলাঘাটৰ উপাসনা শইকীয়ালৈ মুনীন বৰকটকী সাহিত্য বঁটা।
গল্পৰ লগতে চিত্ৰশিল্পীৰো সাধনা কৰি আছে উপাসনাই।
“হালধীয়া জোতা” চুটি গল্পৰ পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা।

7. “অত্যন্ত আন্দোলনমুখী মনোভাৱে সন্ত্ৰাসবাদৰ দৰে পৰিবেশ গঢ়ি তোলে” মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

8. গুৱাহাটী ৰে’ল ষ্টেচনত ১০৩ কেজি ওজনৰ গাঞ্জা জব্দ কৰা হৈছে।
আৰক্ষীয়ে ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰে গাঞ্জাসহ ৪ সৰবৰাহকাৰীক।

9. উচ্চতম ন্যায়ালয়ত CAA সম্পৰ্ভত শুনানি সম্পন্ন।
মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ বিচাৰপীঠে গ্ৰহণ কৰে শুনানি।
অসম আৰু ত্ৰিপুৰা চৰকাৰে দাখিল কৰিব নোৱাৰিলে শপতনামা।
৬ ডিচেম্বৰত পুনৰ CAA শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

10. মিজোৰামত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰা হৈছে।
ম্যানমাৰৰ কোনো বিদ্ৰোহী সংগঠনে অস্ত্ৰখিনি অনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

11. ৮ নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন।
৮ খন জিলাৰ মুঠ ২২ টা সমষ্টিত ভোটদান প্ৰক্ৰিয়া।
ইতিমধ্যে প্ৰচাৰত নামি পৰিছে সকলো ৰাজনৈতিক দল।
বিহপুৰীয়াত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীয়ূষ হাজৰীকা।
পৰিষদৰ ২২খন আসনেই বিজেপিয়ে পাব বুলি দাবী মন্ত্ৰী গৰাকীৰ।

12. চামগুৰিৰ খলিহামাৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়।
১০৯ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰৰ লগতে এখন মটৰ চাইকেল জব্দ কৰা হৈছে।
মকচিদুল আলী নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ কৰা হৈছে।

14. আন্তৰ্জাতিক খ্যাতিসম্পন্ন ফেশ্যন ডিজাইনাৰ-ম’ডেল তথা প্ৰয়াত অভিনেতা বিজু ফুকনৰ একমাত্ৰ কন্যা সংঘামিত্ৰা ফুকন বিয়াত বহিল দৰা ইডোৰাডো ৰ লগত।
ইডোৰাডো ইটালীৰ মিলান চহৰৰ বাসিন্দা।

14. বোকাজানৰ খটখটীত বৃহত্‍ পৰিমাণৰ বাৰ্মিজ ছুপাৰি জব্দ কৰা হৈছে।
এখন ট্ৰাকে কঢ়িয়াই আনিছিল প্ৰায় ৮০ লাখ টকাৰ ছুপাৰি।
খটখটীৰ নাকা চেকিঙত জব্দ কৰা হয় ছুপাৰিখিনি।

15. ” ‘কা’ অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ পৰিপন্থী”- মন্তব্য ছাত্ৰনেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ।

16. অটল অমৃত কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰে এজন যুৱকে।
নাম ৰঞ্জন দত্ত।
ৰোগীৰ পৰা অটল অমৃত কাৰ্ড বনাই দিয়াৰ নামত লৈছিল ধন৷
কেইবাগৰাকী ৰোগীৰ পৰা ধন লৈছিল দালাল ৰঞ্জন দত্তই৷
নলবাৰীৰ শুশ্ৰূষা হাস্পতালৰ পৰা আটক কৰে ৰঞ্জন দত্তক৷

17. জেহাদীৰে টকাৰে নিৰ্মাণ কৰা হৈছিল মিঞা মিউজিয়াম।
মিঞা মিউজিয়ামৰ প্রতিষ্ঠাপক মহৰ আলীৰ সম্পৰ্ক আছে AQIS আৰু ABTৰ সদস্যৰ লগত।
এই বিস্ফোৰণ ঘটাইছে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে।
বৰ্তমান মিঞা মিউজিয়ামৰ পক্ষত থিয় দিছে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই।

18. সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীস্থিত বাসগৃহত উপস্থিত দৌৰবিদ অম্লান বৰগোহাঁই।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অম্লান বৰগোহাঁয়ে জনালে জন্মদিনৰ শুভেচ্ছা।

19. ‘মই কেতিয়াও মাৰ খাই পোৱা নাই, সেয়া লাগিলে নাটকতে হওক বা বাস্তৱতে হওঁক- মন্তব্য চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ।

20. অসমত আজিৰে পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা।
ইয়াৰ বাবে মুকলি কৰিলে এটি বিশেষ থীম ছং।

 

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *