মধুৰাম বড়ো জন্ম হৈছিল ১৯৩৮ চনৰ ১ নৱেম্বৰত কামৰূপ জিলাৰ হাজোত৷
তেখেত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক আৰু শিক্ষাবিদ আছিল।
১৯৫৫ চনত তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷
১৯৫৭ চনত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯৫৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷
ইয়াৰ পিছত তেওঁ ১৯৬৫ চনত পুনে বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷
তেৱেঁই উত্তৰ পূৰ্বাঞ্চলৰ ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ব্যক্তি।
এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ কালচাৰেল এনথ্ৰ’প’লজি বিষয়ত ডিপ্লমাৰ লগতে জাৰ্মান আৰু ফ্ৰেন্স ভাষা শিক্ষাৰ চাৰ্টিফিকেট লাভ কৰে৷
তেখেতে প্ৰথম কৰ্ম জীৱনৰ পাতনি মেলে মনিয়াদি হাই মাদ্ৰাছাত সহকাৰী শিক্ষক হিচাপে।
পৰৱৰ্ত্তী কালত তেওঁ ৰামদিয়া উচ্চ ইংৰাজী বিদ্যালয় আৰু হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ গুৱাহাটীৰ একে ইনটিউটতো সহঃ শিক্ষক হিচাপে আৰু ৰঙিয়া মধুকুছিৰ কছাৰী মহল হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে৷
১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষা বিভাগত যোগদান কৰে৷
১৯৯৮ চনৰ ৩১ অক্টোবৰত মধুৰাম বড়োৱে বিশ্ববিদ্যালয়ৰ বড়ো ভাষাৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷
তাৰোপৰি মধুৰাম বড়োৱে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বড়ো ভাষাৰ পাঠ্যপুথি তথা স্নাতকোত্তৰ ডিগ্ৰী পৰ্য্যায়ৰ বাবে অন্যান্য পাঠ্যপুথি প্ৰণয়ন কৰিছিল৷
মধুৰাম বড়োৱে ‘সংবাদ সাপ্তাহিক’ নামৰ অসমীয়া, বড়ো, ইংৰাজী তথা উত্তৰ-পূবৰ অন্য কেইবাটাও ভাষাত প্ৰকাশিত এখন সাপ্তাহিকৰ সম্পাদনা কৰিছিল।
তাৰোপৰি তেওঁ অসমীয়া জনমত (সপ্তাহিক), নতুন দিন কাকতৰো সম্পাদকৰূপে কাৰ্য্যনিৰ্বাহ কৰে৷
২০০৬ চনত তেওঁ আজি কাকতত সম্পাদক হিচাপে যোগদান কৰে৷
তেখেতে ২০০২ চনৰ সাহিত্য অকেডেমিৰ ‘ভাষা সন্মান’ আৰু অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে।
ভাৰতীয় দলিত সাহিত্য অকেদেমিৰ ড° আম্বেদকাৰ সাহিত্য বঁটাও লাভ কৰে।
তেখেতৰ ইংৰাজী ভাষাত গ্ৰন্থসমূহ হৈছে- হাউ টু এডৰ্লি, দা ষ্ট্ৰাকছাৰ অৱ দা আছামিছ লেংগুৱেজ, দা ষ্ট্ৰাকছাৰ অৱ দা বড়ো লেংগুৱেজ, আছামিছ এণ্ড বড়ো, দা হিষ্টৰিকেল ডেভেলপমেন্ট অৱ বড়ো লেংগুৱেজ, দা হিষ্টৰী অৱ বড়ো লেংগুৱেজ ইত্যাদি।
অসমীয়া ভাষাত গ্ৰন্থসমূহ হৈছে- বড়ো সাধুকথা, বড়ো লোক সাহিত্য, বড়ো লোকগীত, আইতাৰ শিশুগ্ৰাম ইত্যাদি।
বড়ো ভাষাত গ্ৰন্থকেইখন হৈছে- গেজেৰ ৰাওখান্থি, গৌজৌৰাওখান্থি, আবাউনি গামি, মুংখলুংনি হাংগামা,
বড়ো চল’বাথা, হাড়িমু আৰু বড়ো হাৰিমু ।
২০১৪ চনৰ ২৪ মাৰ্চ তাৰিখে ৭৬ বছৰ বয়সত তেখেত মৃত্যু হয়৷
তেখেতৰ যি সৃষ্টিৰাজী আৰু কৰ্মৰাজী সদায় চিৰস্মৰণীয় হৈ থাকিব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
News Editor Sangita Dutta Reports R News India 24