ৰবাব টেঙা স্বাস্থ্যৰ অতি উপকাৰী।
ৰবাব টেঙাই আমাৰ দেহৰ বহু বেমাৰ নাশ কৰে।
আঘোন মাহত পথাৰত বহি ৰবাব টেঙা খোৱাৰ মজাই বেলেগ।
এই টেঙা বিধৰ ইংৰাজী নাম pomelo fruit আৰু বৈজ্ঞানিক নাম- Citrus Maxima ৷
ইয়াত ভিটামিন চি, ভিটামিন কে, ভিটামিন বি৬, প্ৰটিন, এঞ্জাইম, আঁহ আৰু বিভিন্ন প্ৰকাৰৰ খনিজ পদাৰ্থৰে ভৰপূৰ।
এতিয়া জানো আহক ৰবাব টেঙাৰ ঔষধী গুণসমূহৰ বিষয়েঃ
ক) দাঁতৰ বাবে ৰবাব টেঙা অতি উপকাৰী।
কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে বাবে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যা দূৰ কৰে।
খ) আপুনি যদি সুন্দৰ ছালৰ গৰাকী হব বিচাৰে তেন্তে ৰবাব টেঙা খাওঁক।
ৰবাব টেঙাই ছালৰ সকলো সমস্যা নাইকীয়া কৰে।
গ) ইয়াত যথেষ্ট পৰিমানে ভিটামিন চি থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
ৰবাব টেঙাই জ্বৰ, কাহ, এলাৰ্জিজনিত সমস্যাৰ পৰা বচাই ৰাখে ।
ঘ) ৰবাব টেঙা খালে উচ্চ ৰক্তচাপ, কলেষ্টৰেল আৰু মেদবহুলতাৰ সমস্যা নিৰাময় হয়।
ঙ) ৰবাব টেঙাৰ ৰসে তেজ বৃদ্ধি কৰে, গেছ নোহোৱা কৰে, পেটৰ বিষ ভাল কৰে আৰু গ্ৰহনী ৰোগৰ বাবেও উপকাৰী।
ঙ) ষ্ট্ৰ’ক, হাৰ্ট এটেক, প্ৰস্ৰাৱ জ্বলা পোৰা আদি সমস্যাত এইবিধ টেঙা খালে সুফল পোৱা যায়।
গতিকে সকলোৱে বতৰৰ এই ফলবিধৰ জুতি লওক আৰু নিৰোগী হৈ থাকক ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24