৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com November 3/2022:-
1. AMCH ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান।
৩ দিনীয়াকৈ আয়োজিত অনুষ্ঠানৰ আজি অন্তিম দিন।
মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী কেশৱ মহন্ত।
2. মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ডিজিটেল শ্ৰেণী কোঠা উদ্বোধন কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
‘ছাত্ৰ-ছাত্ৰীসকলৰ ডিজিটেল পদ্ধতিৰে পাঠ গ্ৰহণত নিশ্চিতভাৱে যথেষ্ট পৰিমাণে সহায়ক হ’ব’ – মন্তব্য আগবঢ়াই মন্ত্ৰী গৰাকীয়ে।
3. কামৰূপৰ শিঙিমাৰী সাৰ্বজনীন শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাত উপস্থিত থাকে প্ৰাইড ইষ্ট এণ্টাৰটেইন্টমেনছ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ ৰিণিকি ভূঞা শৰ্মা।
পূজা উপলক্ষে মা জগদ্ধাত্ৰীৰ শ্ৰীচৰণত সেৱা লোৱাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰে ৰিণিকি ভূঞা শৰ্মাই।
পৰিচালনা সমিতিয়ে উষ্ম আদৰণি জনাই ৰিণিকি ভূঞা শৰ্মাক।
4. EDক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ হেমন্ত চ’ৰেনৰ।
EDয়ে চমন জাৰি কৰাৰ পাছতো উপস্থিত নহ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী।
ED ক প্ৰত্যাহবান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে “সাহস আছে যদি মোক গ্ৰেপ্তাৰ কৰক”।
5. লামডিং ৰে’লৱে মাণ্ডলিক প্ৰবন্ধকৰ মুখ্য কাৰ্যালয়ত কেলেংকাৰী।
ৰে’লৱে কৰ্মচাৰীৰ বিৰুদ্ধে ধন হৰলুকি কৰাৰ অভিযোগ উঠিছে।
তিনিগৰাকী কৰ্মচাৰীক নিলম্বন কৰা হৈছে।
বৰ্তমান তিনিও গৰাকী মিলি প্ৰায় ৩২ লাখ টকা হৰলুকিৰ কৰাৰ অভিযোগ।
6. “দিনক দিনে আপুনি দেখিব ৰাইজে আমাক সমৰ্থন আগবঢ়াই যাব , ইয়াতকৈ বেছি ৰাইজ হ’ব লাহে লাহে । কাৰণ ৰাইজে এতিয়া বুজি উঠিছে সাম্প্ৰদায়িক ৰাজনীতিক অসমৰ মাটিৰ পৰা বিদায় দিব লাগিব”- মন্তব্য ভূপেন বৰাৰ।
7. কৰিমগঞ্জত আৰক্ষীয়ে ৪ কোটি টকাৰ হিৰ’ইন জব্দ কৰে।
৫০০ গ্রাম হিৰ’ইনসহ এখন চাৰিচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে।
8. শ্বিলঙৰ উমিয়ামত ৰাইজিং চান ৱাটাৰ ফেষ্টিভেল ২০২২ ৷
৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ফেষ্টিভেল৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা৷
9. “ভাৰত জোড়ো যাত্ৰা’ বাদ দি বাইচেপ, ট্ৰাইচেপ বনাওক কংগ্ৰেছে”- মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
10. ৰূপহীহাটত চলিল প্ৰশাসনৰ বুলড’জাৰ।
ভূমি দখল কৰি অবৈধভাৱে বনোৱা ঘৰ ভাঙিলে প্ৰশাসনে।
মাতব্বৰে দখল কৰা চৰকাৰী ভূমিত প্ৰশাসনৰ উচ্ছেদ।
11. মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ।
বেয়া বতৰৰ বাবে আকাশমাৰ্গত অথন্তৰ। কথমপি ৰক্ষা মুখ্যমন্ত্ৰীগৰাকীসহ আন তিনিজনকৈ লোকৰ জীৱন।
12. গুজৰাট বিধানসভাৰ নিৰ্বাচন তাৰিখ ঘোষণা কৰা হল।
১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হব ভোটদান।
৮ ডিচেম্বৰত হব ভোটদানৰ গণনা।
13. ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হ’ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা।
প্ৰাণৱন্ত হৈ উঠিছে মৃন্ময় মূৰ্তিৰে পৰিৱেশিত কৃষ্ণৰ লীলাসমূহ।
মাজুলীত ৰাসোৎসৱক লৈ উখল-মাখল পৰিৱেশ৷
গকুল বৃন্দাবন মথুৰালৈ ৰূপান্তৰিত হৈছে নদীদ্বীপ মাজুলী৷
ৰাতি দুপৰলৈকে ব্যস্ত হৈ পৰিছে ৰাসোৎসৱৰ লগত জড়িত সকলো ব্যক্তি৷
14. কোকৰাঝাৰত এবছুৰ মটৰ চাইকেল ৰেলী।
২৯ অক্টোবৰৰ পৰা আৰম্ভ কৰা হৈছে এই সজাগতামূলক সমদল।
ডাইনি হত্যা বন্ধ কৰা, মদ যুৱা কে ধৰি বহুকেইটা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে উলিওৱা হৈছে এই সজাগতামূলক সমদল।
15. গোলাঘাটৰ চিনাতলীত পথ দুৰ্ঘটনা সংঘটিত হৈছে।
নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে তীব্ৰবেগী বাইকে।
বাইকখনত থকা দুই যুৱক গুৰুতৰ ভাৱে আহত হয়।
যুৱক দুজন শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
16. বেলতলা তিনিআলিত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী।
আকাশলংঘী মূল্যবৃদ্ধি আৰু পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ।
প্ৰতিবাদত অংশ গ্ৰহন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা।
প্ৰতিবাদ আৰম্ভ কৰোঁতেই আৰক্ষীয়ে বাধা প্ৰদান প্ৰতিবাদী স্থলিত।
17. ২০০০চনৰ সন্ত্রাসবাদীৰ লালকিল্লা আক্রমণৰ ঘটনা।
দোষী সন্ত্রাসবাদী আছফাকৰ মৃত্যুদণ্ডৰ ৰায় বাহাল।
সৰ্বোচ্চ ন্যায়ালয়ে বাহাল ৰাখিলে ফাঁচীৰ নিৰ্দেশনা।
লস্কৰ-ই- তৈবাৰ সন্তাসবাদী আছিল আছফাক।
৩ জনকৈ সেনা জোৱানৰ মৃত্যু হৈছিল এই আক্ৰমনত।
18. গৰৈমাৰী বজাৰত অবৈধ তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযান চলাই তীৰ খেলত জড়িত ৫ ব্যক্তিক আটক কৰে আৰক্ষীয়ে।
লগতে জব্দ কৰে তীৰ খেলত টীকট, নগদ ধন আৰু তিনিটাকৈ মবাইল ফোন।
19. গুৱাহাটীত সংৰক্ষিত বনাঞ্চলত ব্যাপক বেদখল।
গড়ভাংগা বনাঞ্চলত উচ্ছেদ অভিযান।
বশিষ্ঠ বন সংমণ্ডলৰ নেতৃত্বত উচ্ছেদ।
বেহৰবাৰীৰ সেউজ নগৰত ৭টা বাসগৃহ উচ্ছেদ।
20. “মদাহী পুলিচক সোনকালে বিদায় দিয়া হ’ব”- মন্তব্য DGP ভাস্কৰজ্যোতি মহন্তৰ।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।