টেঙামৰাৰ ঔষধী গুণসমূহৰ বিষয়ে জানে নে ? - R News India 24
Skip to content
টেঙামৰা আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী।
টেঙামৰাই দেহৰ বহু বেমাৰ নিৰাময় কৰে।
টেঙামৰাত ভিটামিন চি অধিক পৰিমানে থাকে বাবে শৰীৰৰ বাবে অতি উত্তম।
টেঙামৰাক ইংৰাজীত Roselle বুলি কোৱা হয়।
ইয়াৰ বৈজ্ঞানিক নাম Hibiscus sabdariffa .
জানো আহক টেঙামৰাৰ ঔষধী গুণসমূহৰ বিষয়েঃ
ক) টেঙামৰা পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
খ) টেঙামৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে আৰু কৃমিৰ বাবেও উপকাৰী।
গ) টেঙামৰা বীজৰ ৰসে আভোক দূৰ কৰে।
ঘ) টেঙামৰা শাক খালে স্নায়ু সবল হয়, দৃষ্টিশক্তি বঢ়াই আৰু হৃদৰোগ প্ৰতিৰোধ কৰে।
ঙ) টেঙামৰা ছাল নিমজ কৰে আৰু গোৰোহা ফটা ভাল কৰে।
চ) টেঙামৰা জ্বৰ, ব্ৰংকাইটিছ , কুষ্ঠ আদি ৰোগত টেঙামৰা উপকাৰী।
ছ) টেঙামৰাৰ ফুলৰ ৰস , চেনি আৰু জালুক মিহলি কৰি খালে কোষ্ঠকাঠিন্ন ভাল হয়।
জ) টেঙামৰাই নিম্ন ৰক্তচাপত সহায় কৰে আৰু বেক্টেৰিয়া ৰোধত সহায় কৰে।
গতিকে টেঙামৰা খাওঁক আৰু শৰিৰটো ভালে ৰাখক।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
News Editor Sangita Dutta R News India 24 