৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com November 5 / 2022 :-
1. দেউৰী পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে সংকল্প পত্ৰ৷
দেউৰী জনগোষ্ঠীক অসমৰ ভোটাতৰা আখ্যা দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
দেউৰী জনগোষ্ঠীৰ শিপিনীৰ পৰা বস্ত্ৰ ক্ৰয় কৰাৰ লগতে দেউৰী সমাজৰ ১০০ বছৰ পুৰণি উপাসনাস্থলীলৈ ১০ লাখ টকাৰ অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷
2. আজি মহাৰাষ্ট্ৰৰ পুণেস্থিত ৰাষ্ট্ৰীয় নেচাৰ’পেথী প্ৰতিষ্ঠান পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
পৰিদৰ্শন কালত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত স্মৃতি দিৱস উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷
3. মেঘালয়ৰ উমিয়ামত ৰাইজিং ছান বাটাৰ ফেষ্টিভেল।
সামৰণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
4. আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী।
মানুহৰ বাবে গীত গাই ভালপোৱা অসমীয়াৰ হিয়াৰ আমঠু ভাৰতৰত্ন ড° ভূপেন হাজৰিকাক একাদশ মৃত্যুবাৰ্ষিকীত গীতে-মাতে শ্ৰদ্ধাঞ্জলি জনালে ৰাজ্যবাসীয়ে।
5. JNU ত নামভৰ্তি কৰিবলৈ সুযোগ পোৱা মঙলদৈৰ বিশেষভাৱে সক্ষম ছাত্ৰী ৰূপশিখা নাথক সাক্ষাৎ কৰিলে DGP ভাস্কৰজ্যোতি মহন্তই।
6. অসমত আৰম্ভ হ’ল ৰেজিষ্টাৰ্ড ভেহিকেল স্ক্রেপ ফেচিলিটী আঁচনি।
বেটকুছিস্থিত পৰিবহণ বিভাগৰ কাৰ্যালয়ত শুভাৰম্ভ আঁচনিখন।
উল্লেখ্য যে ১৫ বছৰ পুৰণি বাহন উচিত মূল্য দি স্ক্ৰেপ কৰা হব।
এই আচনিৰ অধিনত বাণিজ্যিক, ব্যক্তিগত বাহনো স্ক্ৰেপ কৰা হব।
7. “দুই-তিনিমাহৰ ভিতৰত লণ্ডনৰ পৰা অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ ।
কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হ’ব বৃন্দাবনী বস্ত্ৰ”- মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ।
8. “কংগ্ৰেছ AIUDF ৰ লগত কেতিয়াও মিত্ৰতা নহয়। ভাৰত জোড়ো যাত্ৰাৰ বিপুল সঁহাৰি লাভ কৰিছে কংগ্ৰেছে”- সংবাদমেলযোগে মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
9. ‘ৰামায়ণ’ৰ ওপৰত PhD কৰিলে এগৰাকী ইছলাম ধৰ্মাৱলম্বী মহিলা।
ৰামায়াণৰ ওপৰত ডক্টৰেট ডিগ্ৰী লাভ কৰি সংস্কৃত বিষয়ত দেশৰ প্ৰথমগৰাকী মুছলমান অধ্যাপক হ’ল ৰাজস্থানৰ উদয়পুৰৰ নিৱাসী অঞ্জুম আৰা।
10. উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল কম্পিউটাৰ অপাৰেটৰ।
শিলচৰ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত কৰ্মচাৰী আছিল সিবাশ ঘোষ।
শ্ৰমিকৰ অনুজ্ঞা-পত্ৰৰ নামত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ কৰা হৈছে।
11. চামগুৰিত ড্ৰাগছৰ বেহা।
আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহকাৰীয়ে চলাই গৈছিল ড্ৰাগছৰ বেহা।
চামগুৰি আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰিলে দুই সৰবৰাহকাৰী ৰমজান আলী আৰু মাইনুল হকক।
12. মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি।
নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰোজ দলেক
দুৰ্নীতিৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জ।
গো-মাফিয়া, ড্ৰাগছ মাফিয়াৰে সম্পৰ্ক থকাৰ অভিযোগ।
নগাঁও আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ৩গৰাকী বিষয়াক ৰিজাৰ্ভ ক্ল’জ।
নগাঁও আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়াও দুৰ্নীতিত জড়িত থকাৰ অভিযোগ উঠিছে।
13. মঠঘৰীয়াস্থিত উবেৰ কাৰ্যালয়ৰ সন্মুখত কেব চালকৰ উত্তাল প্ৰতিবাদ।
উবেৰ কৰ্তৃপক্ষৰ কেতবোৰ নীতিৰ বিৰুদ্ধে ক্ষোভ চালকসকলৰ।
৩০০ ৰো অধিক কেব চালকৰ একাউণ্ট বন্ধ কৰাৰ অভিযোগ।
14. “কেৱল অসম বা উত্তৰ-পূৰ্বাঞ্চল নহয়, সমগ্ৰ ভাৰতৰে মূল মূল বিশ্ববিদ্যালয় সমূহত ভূপেন দাৰ নামত আসন স্থাপন হ’ব লাগে” – মন্তব্য ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।
15. ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলিৰ আজি জন্মদিন।
সকলোৰে প্রিয় খেলুৱৈগৰাকীয়ে ভৰি দিলে ৩৪ বছৰত।
অষ্ট্রেলিয়াত টি-টুৱেণ্টি বিশ্বকাপৰ ব্যস্ততাৰ সময়তে কেক কাটি জন্মদিন পালন কৰে টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়কজনে।
16. শিৱসাগৰৰ দিখৌমুখত নিশা উত্তপ্ত পৰিস্থিতি।
বন বিভাগ তথা প্ৰশাসনৰ অনুমতি অবিহনে চলাইছিল অবৈধ খনন।
মাটি সৰবৰাহ কৰা বাহনসমূহ আবদ্ধ কৰে স্থানীয় ৰাইজে।
17. ৩১ অক্টোবৰৰ ডিব্রুগড়ৰ লালুকাৰ গুলীচালনাৰ ঘটনা।
গুলীচালনাত ব্যৱহৃত পিষ্টলৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা অসম আৰক্ষী তৰফৰ পৰা।
৫০ হাজাৰ টকাৰ পুৰস্কাৰ প্রদান কৰিব অসম আৰক্ষীয়ে।
18. নাজিৰাখাট টোল গেটত আৰক্ষীৰ অভিযান।
সোণাপুৰত জব্দ কৰে ৩ কোটি টকাৰ য়াবা টেবলেট।
এখন i20 বাহনৰ পৰা জব্দ কৰা হৈছে ৬৫ টা য়াবা টেবলেট।
আজমল খান নামৰ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
19. উঃ প্ৰদেশৰ মাও সমষ্টিৰ বিধায়ক আব্বাচ আনচাৰীক গ্ৰেপ্তাৰ।
EDয়ে মাজনিশা গ্রেপ্তাৰ কৰিলে বিধায়ক আনচাৰীক।অবৈধ ধনৰ লেনদেন সন্দৰ্ভত বিধায়কজনক গ্ৰেপ্তাৰ কৰে।
20. আগৰ দৰে চাকৰি বিধায়কৰ কোটাত ভগাই দিব লাগে।’ ‘চাকৰি দিব নোৱাৰাৰ বাবে অহাবাৰ বিধায়ক হিচাপে জিকিবলৈ টান হ’ব’- মন্তব্য বদৰপুৰৰ বিধায়ক আব্দুল আজিজৰ।
