অসমীয়া চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা দেৱৰ জীৱনযাত্ৰাঃ

Spread the love

মুনিন বৰুৱা দেৱে জন্ম গ্ৰহন কৰিছিল ১৯৪৭ চনৰ ৫ নৱেম্বৰ তাৰিখে গোলাঘাট জিলাৰ খুমটাইত।

তেখেত অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত পৰিচিত।

প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, নায়ক, দাগ আদি চলচ্চিত্ৰৰে তেওঁ দৰ্শকৰ মন জয় কৰিছিল।

তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত হেমেন্দ্ৰ নাথ বৰুৱা আৰু মাতৃৰ নাম লতিকা বৰুৱা।

তেওঁৰ পিতৃ খুমটাই মৌজাৰ মৌজাদাৰ আছিল।

তেওঁ সকলোৱে “ভাইমন দা” নামেৰেহে চিনি পাইছিল।

মুনিন বৰুৱাই সত্তৰ দশকৰ মাজভাগত চিত্ৰনাট্যকাৰ আৰু সহকাৰী পৰিচালক হিচাপে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।

১৯৮৭ চনত প্ৰতিমা চলচ্চিত্ৰখনৰ জৰিয়তে বৰুৱাদেৱে মুখ্য চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে।

এই চলচ্চিত্ৰখন তেওঁ নিপন গোস্বামীৰ সৈতে যৌথভাৱে পৰিচালনা কৰিছিল।

ইয়াৰ পিছত স্বাধীনভাৱে পিতা-পুত্ৰ বোলছবিখন পৰিচালনা কৰে।

চিত্ৰনাট্যকাৰ হিচাপে তেওঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে ৯০ খনৰো অধিক নাটকৰ চিত্ৰনাট্য লিখিছে।

ইয়াৰ ভিতৰত :- আঘাত, কাল শংখ, সদাগৰ, শ্ৰীমান শ্ৰী মতী, চিৰিয়াখানা, জয় পৰাজয়, সূৰ্য্য পুত্ৰ কৰ্ণ, ৰুদ্ৰ, ঘৰ সংসাৰ, সোণ মইনা, মন-মন্দিৰ, শেৱালি, দাগ, বাৰুদ, ৰং, মায়া, বিধাতা, দীনবন্ধু ইত্যাদি উল্লেখযোগ্য।

চলচ্চিত্ৰৰ বাহিৰেও তেওঁ ধাৰাবহিকো পৰিচালনা কৰিছে- পাপু নিকু সংবাদ আৰু ৰুদ্ৰ।

তেখেতে ১৯৮৮ চনত পিতা-পুত্ৰ, ১৯৯০ চনত পাহাৰী কন্যা, ১৯৯২ চনত প্ৰভাতী পখীৰ গান আদি সুস্থ বিনোদনধৰ্মী ছবিৰে দৰ্শকৰ মন জয় কৰে।

২০০১-০২ চনত “নায়ক” চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ পৰিচালক সন্মান।
২০০৩-০৪ চনত “বাৰুদ” চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ সন্মান।
২০০৫ চনত “দীনবন্ধু” চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ সন্মান লাভ কৰে।

১৯৭৪ চনৰ যোৰহাটৰ তৰাজানৰ মঞ্জুলা বৰুৱাৰ সৈতে মুনিন বৰুৱা বিবাহপাশত আৱদ্ধ হয়।

মঞ্জুলা বৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ উল্লেখযোগ্য অভিনেত্ৰী আৰু কষ্টিউম ডিজাইনাৰ।

কামৰ তাগিদাত তেখেতৰ পৰিয়ালটো গোলাঘাটৰ ঘৰ এৰি ১৯৮৮ চনৰ পৰা গুৱাহাটীত থাকিবলৈ লয়।

তেওঁলোকৰ দুটি সন্তান আছে।

তেখেতৰ সৃষ্টিৰাজী আৰু কৰ্মৰাজী সদায় চিৰস্মৰণীয় হৈ থাকিব।

২০১৮ চনৰ ৭ এপ্ৰিলত চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা মৃত্যু হয়।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

 

Sangita Dutta R News India 24

By : News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *