আপুনি জানে নে বুটত কি কি ঔষধী গুণ আছে ?
বুট স্বাস্থ্যৰ বাবে অতি উপকাৰি।
বুট খালে শৰীৰৰ বহু বেমাৰ নিৰাময় কৰে।
বুটৰ বৈজ্ঞানিক নাম – Cicer arietinum .
বুটত প্ৰচুৰ পৰিমাণে প্র’টিন, মেগনেছিয়াম, ফছফৰাছ, কার্বহাইড্রেট, কেলছিয়াম, প্র’টিন, চর্বি, ভিটামিন এ, ভিটামিন বি আদি থাকে।
জানো আহক বুটতত কি কি ঔষধী গুন আছেঃ
ক) ৰাতি তিয়াই ৰখা বুট সদায় ৰাতিপুৱা খালী পেটত খালে শৰীৰৰ উচ্চতা বাঢ়ে।
খ) মূৰৰ বিষ হলে কেচাঁ বুটৰ ৰস খাব লাগে।
গ) জণ্ডিচ ৰোগত বুটৰ পানীৰ লগত গুড় মিহলাই খালে সুফল পোৱা যায়।
ঘ) বুটে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰত শক্তি বৃদ্ধি কৰে।
ঙ) বুটে বদ হজম প্ৰতিৰোধ কৰে আৰু ৰক্তপিত্ত ৰোগ নাশ কৰে।
চ) তেজ বমি হলে বুট বইল কৰি খালে সুফল পোৱা যায়।
ছ) শ্বাস-প্ৰশ্বাসত কষ্ট হ’লে বুট খাব লাগে।
জ) বুট পানীত তিয়াই ৰাখি পিছদিনা খালে শৰীৰৰ অস্থিৰ ভাৱ দূৰ হয় লগতে খোজ কঢ়াৰ শক্তি অধিক বৃদ্ধি হয় ।
ঝ) বুটে খাদ্য নলীত থকা ক্ষতিকাৰক জীবাণু নাশ কৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
গতিকে নিয়মীয়াকৈ বুট খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24