বিটতত কি কি ঔষধী গুণ আছে ? সবিশেষ পঢ়িবলৈ এই লিংকত ক্লিক কৰক । ধন্যবাদ । - R News India 24
Skip to content
বিট আমাৰ দেহৰ বাবে অতি উপকাৰি।
বিট খালে শৰীৰৰ বহু বেমাৰ নাশ হয়।
বিটৰ বৈজ্ঞানিক নাম Beta vulgaris.
বিটত ভিটামিন-চি, ভিটামিন-এ, প’টেচিয়াম, আইৰণ, ক’পাৰ, চেলেনিয়াম, জিংক, ফচফৰাচ, কেলচিয়াম, মেংগানিজ, মেগনচিয়াম, এন্টিঅক্সিডেন্ট,
এন্থচায়ানিন, কেৰটিনয়েড, লিউটিন,ঝিয়াজনথিন, গ্লাইচি, কাৰ্বোহাইড্ৰেট,
প্ৰটিন আদি পুষ্টিতত্ব গুণেৰে ভৰপূৰ।
জানো আহক বিটত কি কি ঔষধী গুণ আছেঃ
1.বিটে হজম শক্তি বঢ়ায়, কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে।
2. চকু আৰু ছালৰ বাবে বিট উপকাৰী।
বিটৰ ৰসে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে, ছালৰ সমস্যা নাশ কৰে, চুলি সৰা ৰোধ কৰে, চুলি বৃদ্ধি কৰে।
3. বিটে মস্তিষ্কৰ ৰক্ত সঞ্চালন সঠিকভাবে ৰখা, স্মৃতি শক্তি বৃদ্ধি, মানসিক অৱসাদ দূৰ কৰাত সহায় কৰে।
4. ডায়েবেটিছ ৰোগীয়ে নিয়মিয়াকৈ বিটৰ ৰস সেৱন কৰিলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ হয়।
5. নিয়মিয়াকৈ বিটৰ ৰস খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয় আৰু তেজৰ পৰা দূষিত পদাৰ্থ শোধন কৰাত লিভাৰক সহায় কৰে।
লগতে জণ্ডিচ, ডায়েৰিয়া আদি সমস্যাৰ পৰা উপশমৰ বাবেও বিটৰ ৰস উপকাৰী।
8. বিটত আয়ৰণ থাকে বাবে নতুন লোহিত ৰক্তকণিকা গঠনত সহায় কৰে।
যাৰ ফলত ঋতুচক্রৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়।
9. বিটত প্রচুৰ পৰিমাণে কেলচিয়াম থাকে যিয়ে হাড়ৰ যিকোনো সমস্যা ৰোধ কৰাত উপকাৰী।
10. বিটত আছে প্রচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট থাকে, যিয়ে কেন্সাৰ প্রতিৰোধক হিচাবে কাম কৰে।
যাৰ ফলত বিটে কেন্সাৰত আক্রান্ত হোৱাৰ পৰা বচাব পাৰে।
গতিকে নিয়মীয়াকৈ বিট খাওঁক আৰু নিৰোগী হৈ থাকক।
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
বাৰ্তা সম্পাদীকা সংগীতা দত্ত R News India 24 