৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।
Rnewsindia24.com November 9/2022:-
1. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রই সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জ্বল ২৫ টা বৰ্ষ।
ৰূপালী জয়ন্তীবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা।
অসম আন্দোলনৰ অমৰ শ্বহীদ সকলক স্মৰণ কৰিলে মুখ্যমন্ত্রী গৰাকীয়ে।
2. দেশৰ মুখ্য ন্যায়াধীশ হিচাপে ধনঞ্জয় ৱাই চন্দ্ৰচুড়ৰ শপতগ্ৰহণ।
ৰাষ্ট্ৰপতিভৱনত শপত বাক্য পাঠ কৰোৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৱে।
২০২৪ চনৰ ১০ নৱেম্বৰলৈকে কাৰ্যনিৰ্বাহ কৰিব ধনঞ্জয় ৱাই চন্দ্ৰচুড়ে।
3. শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সংবাদমেল।
সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত সংবাদমেল আয়োজন কৰা হৈছে।
নতুন পেঞ্চন নীতিৰ সন্দৰ্ভত মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।
৮ হাজাৰ শিক্ষক বিলুপ্তিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী গৰাকীৰ।
“ছাত্ৰ-ছাত্ৰী অনুপাতে ৰাজ্যত পৰ্যাপ্ত শিক্ষক আছে, প্ৰয়োজনত শিক্ষকৰ নতুন পদ সৃষ্টি কৰা হব” বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে৷
4. ৰাজ্যবাসীৰ বাবে ভাল খবৰ।
ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম জীয়ৰী জিণ্টিমণি কলিতাই।
5. আজিৰে পৰা সলনি হ’ল গুৱাহাটী- উমানন্দ ফেৰী সেৱা।
মাছখোৱা লাচিত ঘাটলৈ সলনি কৰা হৈছে ফেৰী সেৱা।
6. তেজস্বীতাৰ মৃত্যুৰ প্ৰসংগই পুনৰ জোকাৰিছে সত্ৰপীঠ মাজুলীক।
তেজস্বিতাৰ মৃত্যু সন্দৰ্ভত উপায়ুক্তই CM ক দিছিল এক প্ৰতিবেদন।
প্ৰতিবেদনত উল্লেখ আছিল পিতৃ-মাতৃয়ে ঔষধ নুখুৱাত হৈছিল এই ঘটনা।
উপায়ুক্তই CMক দিয়া প্ৰতিবেদনৰ পিছতে সৃষ্টি হৈছে ক্ষোভৰ।
ক্ষোভ ব্যক্ত কৰিছে পিতৃ-মাতৃয়ে।
7. মাজুলীত ৰাস প্ৰত্যক্ষ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
আজি আৱৰ্ত ভৱনত একাংশ লোকৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
8. মহানগৰীৰ ISBT পৰিদৰ্শন কৰিলে পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদই I
SBTৰ প্রৱেশ পথৰ বিসংগতিত অসন্তুষ্ট মন্ত্রীগৰাকী।
প্রৱেশ পথৰ দায়িত্বত থকা দুজন নিৰাপত্তাৰক্ষী
কামত গাফিলতিৰ বাবে নিলম্বন কৰে।
9. তিনিচুকীয়াত আৰক্ষীৰ অভিযান।
ৰংপুৰীয়া গাঁও পঞ্চায়তৰ সভাপতি দয়া শংকৰ যাদৱক আটক কৰে আৰক্ষীয়ে।
যাদৱৰ বিৰুদ্ধে হিতাধিকাৰীৰ ধন আত্মসাতৰ অভিযোগ।
প্ৰধানমন্ত্ৰী আৱাস যোজনা, বিধৱা পেঞ্চনৰ ধন আত্মসাত কৰে সভাপতি গৰাকীয়ে।
10. কাৰ্যবাহী দণ্ডাধীশ আৰ্শীবাদ হাজৰিকালৈ CIDৰ চমন।
১১ বজাত ভিতৰত CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।
দুবাৰকৈ আৰ্শীবাদ হাজৰিকাৰ বাসগৃহত CID য়ে অভিযান চলাই।
অভিযান কালত লগ পোৱা নাই দণ্ডাধীশ আৰ্শীবাদ হাজৰিকাক।
11. মহানগৰীত শুল্ক বিভাগৰ অভিযান।
পৃথক পৃথক অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট।
জু- ৰোডৰ ব্লু-ডাৰ্ট কুৰিয়াৰৰ কাৰ্যালয়ৰ পৰা জব্দ কৰা হৈছে চিগাৰেটখিনি।
12. ভুৱা বিজ্ঞাপনৰ পৰা সাৱধান হওঁক চাকৰি প্ৰত্যাশীসকল।
অনলাইনত সক্ৰিয় চাকৰিৰ প্ৰৱঞ্চক চক্ৰ।
মেৰাপানীত ভুৱা বিজ্ঞাপন দিয়া ৪ প্ৰৱঞ্চকক আটক কৰে মেৰাপানী আৰক্ষীয়ে।
13. গুৱাহাটীৰ বি জি তিনিআলীত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্রাকে মহটিয়াই নিলে স্কুটীৰ চালক-আৰোহীক।
দুৰ্ঘটনাত থিতাতে নিহত হয় নবীন হাজৰিকা নামৰ লোকজন।
আহত হয় বিনোদ যাদৱ, বৰ্তমান সংকটজনক অৱস্থাত GMCHলৈ প্রেৰণ কৰা হৈছে।
14. যোৰহাট আৰু নগাওঁ হোমিঅ’পেথি কলেজ বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰৰ।
এনে সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।
চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে যোৰহাটত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে।
15. কংগ্ৰেছৰ পিছত AIUDFক এইবাৰ বয়কট কৰিলে তৃণমূল কংগ্ৰেছে।
অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই জনালে এই কথা।
16. ২৩, ২৪ নৱেম্বৰত দিল্লীত প্ৰথমবাৰৰ বাবে লাচিত দিৱস।
২৩ নৱেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ২৪ নৱেম্বৰত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
18. গুৱাহাটীত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী।
গুৱাহাটীত উপস্থিত হৈয়েই আশীষ ল’লে মা কামাখ্যাৰ।
19. ডিব্ৰুগড়ত মুণ্ডন কৰি আছুৰ প্ৰতিবাদ।
জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ আছুৰ।
20. উত্তৰ-পূৰ্বাঞ্চল পৰিণত হৈছে বন্যপ্ৰাণী চোৰাং সৰবৰাহৰ কেন্দ্ৰলৈ।
গুৱাহাটীৰ মাজেৰেই সৰবৰাহ কৰা হয় আপুৰুগীয়া বন্যপ্ৰাণী।
নাগালেণ্ডৰ পৰা সৰবৰাহ কৰা ২৮ ডাল আপুৰুগীয়া অজগৰ ঝাৰখণ্ডত উদ্ধাৰ কৰা হৈছে।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।