অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতিন্দ্ৰনাথ গোস্বামী দেৱৰ জীৱনযাত্ৰাঃ

Spread the love

তেখেত জন্ম হৈছিল ১৯১৮ চনৰ ১২ নৱেম্বৰত যোৰহাট জিলাৰ টীয়কত।

যতিন্দ্ৰনাথ গোস্বামী একাধাৰে লিখক, গল্পকাৰ, শিক্ষক, প্ৰবক্তা, অধ্যাপক আৰু অভিযন্তা।

তেওঁৰ দেউতাকৰ নাম প্ৰাণকৃষ্ণ গোস্বামী আৰু মাতৃৰ নাম নৰ্মদা দেৱী।

যতিন্দ্ৰনাথ গোস্বামী সৰুতেই মাতৃহাৰা হৈছিল।

তেওঁ তিনিচুকীয়াৰ মোমায়েকৰ ঘৰত থাকি স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল।

১৯৩৭ চনত তিনিচুকীয়া চেনাইৰাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।

১৯৩৯ চনত যোৰহাট মহাবিদ্যালয়ৰ পৰা আই.এ, শ্বিলঙৰ ছেইণ্ট এডমাণ্ডছ কলেজৰ পৰা বি.টি আৰু ১৯৫০ চনত প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তেখেতে ১৯৪১চনত মিলিটেৰী ইঞ্জিনীয়াৰিং চাকৰিত যোগদান কৰি কৰ্মজীৱন আৰম্ভ কৰে।

শ্বিলং, যোৰহাট আৰু গুৱাহাটীত এই চাকৰি কৰি ১৯৪৫ চনত এই চাকৰি ইস্তাফা দিয়ে আৰু একে বছৰতে কলিকতাৰ চলিহা ৰলিং মিলছত সাময়িকভাবে কিছুদিনৰ বাবে চাকৰি কৰে।

কিন্তু সেইবছৰতে সেই চাকৰি বাদ দি ১৯৪৬ চনত শ্বিলঙত লাবান বালক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে।

১৯৪৭ চনত মেঘালয়ৰ তুৰা চৰকাৰী হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপে নিযুক্তি পাই যদিও ১৯৪৯ চনত ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়লৈ বদলি হৈ আহে।

তেওঁ ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কিছুদিন অংশকালীন প্ৰবক্তা হিচাপে কাম কৰিছিল।

১৯৫১ চনত তেওঁ যোৰহাট নৰ্মাল স্কুললৈ বদলি হৈ আহে আৰু ১৯৬১ চনলৈকে যোৰহাট নৰ্মাল স্কুলতে শিক্ষকতা কৰে।

তদুপৰি তেওঁ যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপেও কাম কৰিছিল।

১৯৬১ চনত পুনৰ তেওঁ আহি কানৈ মহাবিদ্যালয়ত যোগদান কৰে আৰু ইয়াৰ পাছত ১৯৬২ চনত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগত যোগদান কৰি তাৰ পৰাই তেওঁ ১৯৮০ চনত অৱসৰ গ্ৰহণ কৰে।

১৯৯০ চনৰ পাছত তেওঁ যোৰহাট কলেজ অৱ টিচাৰ এডুকেশ্যনট অধ্যাপক হিচাপে কাম কৰিছিল।

১৯৫৩ চনৰ পৰা অসম সাহিত্য সভাৰ লগত জড়িত হৈ আছিল।

তেওঁ ১৯৫৯ চনৰ পৰা ১৯৭৩ চনলৈকে নগাওঁ, ধিং, মাকুম আৰু ধুবুৰী অধিবেশনৰ প্ৰধান সম্পাদকৰ দায়িত্বতত থাকি অসম সাহিত্য সভালৈ বিশেষ অৱদান আগবঢ়াইছিল।

১৯৬১-৬২ চনত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক, ১৯৭৪-৭৫ চনত সভাৰ উপ-সভাপতি,
১৯৭৭-৭৮ চনত শিৱসাগৰ জিলা সাহিত্য পৰিষদৰ মৰাণ অধিবেশনৰ সভাপতি আৰু ১৯৮০-৮১ চনত অসম সাহিত্য সভাৰ ৰহা অধিবেশনৰ সভাপতি নিৰ্বাচিত হৈছিল।

তেখেতে অসম কলেজ শিক্ষক সন্থা, যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় পৰিচালনা সমিতি, চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় পৰিচালনা সমিতি, দৰঙীচুক প্ৰাথমিক আৰু প্ৰাক্-প্ৰাথমিক বিদ্যালয় আৰু চন্দ্ৰকান্ত-ইন্দ্ৰকান্ত ন্যাসৰ আদি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল।

তেওঁ য-যাৰ ছদ্মানামেৰে লিখা-মেলা কৰিছিল।

তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ হৈছে- “জীৱনৰ খলা-বমা”

তেখেতৰ গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থ সমূহ হৈছে-

আনন্দচন্দ্ৰ আগৰৱালা ৰচনাৱলী, মোৰ জীৱন সোঁৱৰণ, অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, কীৰ্তনঘোষা, অসম সাহিত্য সভাৰ ভাষণাৱলী, দেশহিতৈষী জগন্নাথ বৰুৱা, মৌচাক, শিক্ষা, মনোবিজ্ঞান আভাস, জাগৰণ আৰু জোনাক ইত্যাদি।

২০০৫ চনৰ ৭ নৱেম্বৰত তেখেত মৃত্যু হয়।

তেখেতৰ কৰ্মৰাজী আৰু সৃষ্টিৰাজী সদায় অতুলনীয় হৈ থাকিব।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

 

News Editor Sangita Dutta Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *