জালুক কি কি ৰোগত কিয়, কেনেকৈ খাব লাগে ? - R News India 24
Skip to content
জালুক আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি।
জালুক ঔষধি গুণেৰে পৰিপুষ্ট হোৱাৰ উপৰিও ই এক অন্যতম মছলা।
প্ৰায় সকলোৰে পাকঘৰত বহুধৰণৰ ব্যঞ্জন তৈয়াৰ কৰোঁতে জালুকৰ ব্যৱহাৰ কৰা হয়।
বিশেষকৈ মাছ , মাংস, কণীৰ জোল আদি ব্যঞ্জনত জালুকৰ ব্যৱহাৰে সুকীয়া।
জালুকত ভিটামিন A, ভিটামিন C, কেৰ‘টিন আদি এণ্টি অক্সিডেণ্টৰে ভৰপূৰ।
জালুকৰ বৈজ্ঞানিক নাম হ‘ল- Piper nigrum L .
জানো আহক জালুকত কি কি ঔষধী গুণ আছে-
1. জালুক দিয়া চাহ খালে পানীলগা, কাঁহ, চৰ্দি আদি সমস্যা নিৰাময় কৰে।
2. জালুকৰ গুড়িৰ লগত ঘিউ মিহলাই নিয়মীয়াকৈ খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে ।
3. জ্বৰত ভোগিলে, তুলসী আৰু জালুক দি চাহ খালে কিছু সুফল পোৱা যায়।
4. জালুকে শৰীৰৰ মেদ হ্ৰাস কৰাৰ ক্ষেত্ৰত সহায় কৰে ।
5. জালুকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই।
6. জালুক খালে ডায়েৰিয়া, বদহজম আদি নানা ধৰণৰ পেটৰ সমস্যাৰ পৰা শৰীৰক ৰক্ষা কৰে।
7. জালুকত থকা উপাদানবোৰে আমাৰ শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যা, গেছট্ৰিকৰ সমস্যা নাইকিয়া কৰে।
8.. জালুক ৰক্তচাপ ৰোগত ভোগা লোকৰ বাবে উপকাৰী।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে জালুক খাওঁক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
মিচিং স্বায়ত্বশসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
News Editor Sangita Dutta R News India 24