পূৰৈ শাকত কি কি ঔষধী গুন আছে ?

Spread the love

পূৰৈ শাক আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী।

পূৰৈ শাক খালে মহামাৰী কৰ্কট ৰোগ, এনিমিয়া ৰোগ কে ধৰি বিভিন্ন বেমাৰৰ পৰা বাছি থাকিব পাৰি।

পূৰৈ শাক দাইলৰ লগত আঞ্জা বনাই খাব পাৰি, কণী বা মাছৰ লগত ভাজিও খাব পাৰি ৷

মুঠতে আপুনি আপোনাৰ পছন্দমতে বনাই খাব পাৰে।
কোমোৰাৰ লগত পূৰৈ শাকৰ সোৱাদেই বেলেগ।

ইয়াৰ বৈজ্ঞানিক নাম Basella.

পূৰৈ শাকত ভিটামিন এ, ভিটামিন বি১, ভিটামিন বি২, ভিটামিন বি৩, ভিটামিন চি, আয়ৰন, কেলচিয়াম ফছফৰাছ, মেগনেছিয়াম, ছডিয়াম, পটাচিয়াম আদি উপাদানেৰে ভৰপূৰ।

জানো আহক পূৰৈ শাকৰ ঔষধী গুন সমূহৰ বিষয়েঃ

1. পূৰৈ শাক কৰ্কট ৰোগ আৰু এনিমিয়া ৰোগৰ বাবে উপকাৰী।

2. পুৰৈ শাকে চৰ্মৰোগ নিৰাময় কৰে, বয়সৰ ছাপ কমোৱাত সহায় কৰে।

3. পূৰৈ শাকত ভিটামিন বি কমপ্লেক্স বা ফলিক এচিড থকাৰ বাবে স্বাস্থ্য সুস্থ ৰক্ষাত আৰু বৃদ্ধি হোৱাত সহায় কৰে।

4. পূৰৈ শাক খালে কুষ্ঠ কাঠিন্য দূৰ কৰে, খাদ্য হজম হোৱাত সহায় কৰে আৰু ৰক্ত সঞ্চালন সঠিকভাৱে হয়।

5. পূৰৈ শাক খালে পুৰুষৰ শুক্ৰানু উৎপাদন বৃদ্ধি হয় আৰু যৌন শক্তি বৃদ্ধিৰ বাবে উপকাৰী।

6. পূৰৈ শাক খালে চুলিৰ সৌন্দৰ্য আৰু ছালখন সুস্থ ৰখাত সহায় কৰে।

7. সকলো বয়সৰ মানুহে পূৰৈ শাক খাব পাৰে।

8. পুৰৈ শাক গৰ্ভৱতী মহিলাৰ বাবে অতিকৈ উপকাৰী।

9. পুৰৈ শাকত থকা পটেচিয়ামে ৰক্তচাপ আৰু হৃদগতি নিয়ন্ত্ৰণত ৰাখে।

10. পূৰৈ শাক খালে হাঁড়ৰ সুৰক্ষা দিয়ে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, দৃষ্টিশক্তি বঢ়াই আৰু সুনিদ্ৰা অনাত সহায়ক।

গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে পূৰৈ শাক খাওঁক আৰু নিৰোগী হৈ থাকক।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

বিঃদ্ৰঃ – অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *